Friday, February 7, 2025

'মহাৰাষ্ট্ৰত প্ৰাপ্তবয়স্কতকৈ ভোটাৰৰ সংখ্যা বেছি'! সঞ্জয়, সুপ্ৰিয়াক লগত লৈ ৰাহুল গান্ধীৰ দাবী

 'মহাৰাষ্ট্ৰত প্ৰাপ্তবয়স্কতকৈ ভোটাৰৰ সংখ্যা বেছি'! সঞ্জয়, সুপ্ৰিয়াক লগত লৈ ৰাহুল গান্ধীৰ দাবী

নেচনেল ডেস্ক, ৭ফেব্ৰুৱাৰীঃ তিনিমাহ পূৰ্বে ভোটদানৰ হাৰক লৈ ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল। মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকালৈ এইবাৰ সৰব হল লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীয়ে ! লগত পালে সেই ৰাজ্যৰ ইন্ডিয়াৰ দুটা অংশীদাৰ দল।



শুকুৰবাৰে এখন সংবাদমেলত ৰাহুলে অভিযোগ কৰে যে যোৱা নৱেম্বৰ মাহত মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত কাৰচাজি কৰা হৈছিল। তেওঁ কয়, "সেই ৰাজ্যৰ ভোটাৰৰ সংখ্যা মুঠ প্ৰাপ্তবয়স্কৰ তুলনাত অধিক!" দিল্লীৰ এখন সংবাদমেলত ৰাহুলৰ লগত  আছিল শিৱসেনা (উদ্ধৱ)ৰ   নেতা সঞ্জয় ৰাউত আৰু এনচিপি (শৰদ)ৰ নেত্ৰী সুপ্ৰিয়া সুলে ।     

নিৰ্বাচন আয়োগে প্ৰদান কৰা পৰিসংখ্যা দাখিল কৰি ৰাহুলে কয় যে আমি বহু অনিয়ম চিনাক্ত কৰিছো। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সংশোধন কৰা হৈছিল ভোটাৰ তালিকা। পাঁচ মাহৰ পাছত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাখন পুনৰ এবাৰ সংশোধন কৰা হয়।'' ৰাহুল, সঞ্জয় আৰু সুপ্ৰিয়াই অভিযোগ কৰে যে সেই সংশোধনৰ সময়ত বিভিন্ন ধৰণৰ কাৰচাজি কৰা হৈছিল। তেওঁলোকৰ প্ৰশ্ন, "২০১৯ চনৰ লোকসভা নিৰ্বাচনতকৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভোটাৰৰ সংখ্যা ৩২ লাখ বেছি ।" অৰ্থাৎ পাঁচ বছৰত ভোটাৰৰ সংখ্যা ৩২ লাখ বৃদ্ধি পালে। কিন্তু মাত্ৰ পাঁচ মাহৰ পাছত বিধানসভা নিৰ্বাচনৰ সময়ত ভোটাৰৰ সংখ্যাই জপিয়াই গৈ ৩৯ লাখত উঠিল! ৰাহুলে কয় যে মাত্ৰ পাঁচ মাহত মহাৰাষ্ট্ৰত ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ সংখ্যা সমগ্ৰ হিমাচল প্ৰদেশৰ ভোটাৰৰ সমান।



মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত হোৱা বিপৰ্যয়ৰ পিছত মহাবিকাশ আঘাড়ীমিত্ৰজোঁটৰ তিনিওটা অংশীদাৰৰ দূৰত্ব বৃদ্ধি পাইছিল । উদ্ধৱ সেনাই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে মুম্বাইকে ধৰি বিভিন্ন পৌৰসভা আৰু পঞ্চায়তত একক শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হব। শাৰদৰ দলেও একেই ইংগিত দিছিল। এই পৰিপ্ৰেক্ষিতত সঞ্জয়-সুপ্ৰিয়াৰ ৰাহুলৰ কাষত উপস্থিতি তাৎপর্যপূর্ণবুলি গণ্য কৰে বিৰোধী শিবিৰে । যোৱা নৱেম্বৰ মাহত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ সময়ত আয়োগে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি ভোট গণনাৰ পূৰ্বে প্ৰাৰম্ভিক ভোটদান আৰু চূড়ান্ত ভোটাৰৰ মাজত প্ৰায় ৭৬ লাখ ভোটৰ পাৰ্থক্য দেখা গৈছে। যিটোক লৈ প্ৰশ্ন উত্থাপন কৰিছিল সেই সময়ত কংগ্ৰেছ, উদ্ধৱ সেনা, আৰু শৰদ শিবিৰে।

এইবাৰো আয়োগক ৰাহুলৰ প্ৰশ্ন - ভোটাৰ তালিকাত এনে অনিয়ম চিনাক্ত কৰাৰ দায়ত্ব কাৰ ? ৰাহুল-সঞ্জয়-সুপ্ৰিয়াই শুকুৰবাৰে অভিযোগ কৰে যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু আৰু দলিত ভোটাৰৰ নাম নিৰ্বাচিতভাৱে তালিকাৰ পৰা বাদ দিয়া হৈছিল। কিন্তু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাদনভিছে ভোটাৰ তালিকাৰ লগত কাৰচাজি কৰাৰ অভিযোগ খাৰিজ কৰি কয় যে, ‘ৰাহুলে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ পৰিৱৰ্তে আত্মসমীক্ষা কৰা উচিত। পৰাজয়ৰ প্ৰকৃত কাৰণ চিনাক্ত কৰা উচিত।'' ৰাহুলৰ সংবাদমেলখনক ''দিল্লীৰ ভোট গণনাৰ পূৰ্বে বিপৰ্যয়ৰ আগতীয়া চাফাই'' বুলিও সমালোচনা কৰে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: