কেন্দ্ৰীয় বাজেটক হতাশাজনক আখ্যা আপ, অজাপৰ
বি.
চি ডেস্ক, ২ফেব্ৰুৱাৰীঃ শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা
সীতাৰমনে সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটত অসমৰ নামৰূপ সাৰ কাৰখানাত এটি নতুন প্ৰকল্প
স্থাপনৰ প্ৰস্তাৱ লোৱা কথাটোৰ আন্তৰিকতাত সন্দেহ ব্যক্ত কৰিছে অসম জাতীয় পৰিষদ
(অজাপ) । এই সন্দৰ্ভত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ
ভূঞাই ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেওঁলোকে কয়, "বিত্তমন্ত্ৰীয়ে নিজৰ বাজেট ভাষণত বছৰি ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া
উৎপাদনৰ কৰিব পৰাকৈ নামৰূপত এটা নতুন প্ৰকল্প স্থাপন কৰিব বুলি ঘোষণা কৰিছে ।
কিন্তু এইটোয়েই পূৰ্বে ঘোষণা কৰা চতুৰ্থ প্ৰকল্প টো হয়নে নহয়, সেইটো স্পষ্টকৈ কোৱা নাই । লগতে উক্ত প্ৰকল্প স্থাপনৰ বাবে কিমান টকা
ধাৰ্য কৰিছে সেইটোও কোৱা নাই ।কিন্তু নামৰূপৰ চতুৰ্থটো প্ৰকল্পটোত টকা ধাৰ্য কৰা
সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে স্পষ্টকৈ একো কোৱা নাই । গতিকে তেওঁৰ কথাত আমি আশ্বস্ত হ'ব পৰা নাই ।
অজাপৰ নেতাদ্বয়ে কয় যে ইয়াৰ পূৰ্বে তিনিবাৰ তিনিগৰাকী
গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰীয়ে নামৰূপত চতুৰ্থটো প্ৰকল্প স্থাপনৰ ঘোষণা
কৰিছিল । ২০১৭ চনত তেতিয়াৰ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুয়ে, ২০২০
চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াই আৰু ২০২১ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী
মনছুখ মাণ্ডব্যই চতুৰ্থটো প্ৰকল্প স্থাপনৰ ঘোষণা কৰিছিল । কিন্তু এটাও কাৰ্যত
ৰূপায়িত নহ'ল । গতিকে বাজেটত ধাৰ্য নকৰাকৈ সাৰ কাৰখানাৰ
নতুন প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ কিমান বাস্তৱসন্মত, সেয়া
এতিয়াই কোৱা টান ।"
নেতাদ্বয়ে লগতে কয়, "আজিৰ কেন্দ্ৰীয়
বাজেটখনত নতুনত্ব বুলিবলৈ একো নাই । এখন হতাশাজনক আৰু নতুনত্বহীন বাজেট । বাজেটখনত
ভাৰতীয় মানুহৰ অৰ্থনৈতিক হতাশাৰ ছবিখন স্পষ্ট ৰূপত প্ৰকট হৈ পৰিছে৷ অৰ্থনৈতিক
স্থিতি শক্তিশালী কৰিবলৈ চৰকাৰৰ বাস্তৱসন্মত নীতি নাই । কৃষক আৰু নিম্ন মধ্যবিত্তৰ
আশা-আকাংক্ষাক প্ৰতিফলিত কৰিব পৰা নাই এই বাজেটে । দেশৰ ১৪০ কোটি জনগণৰ ৮০ কোটি
জনতাক এতিয়াও বিনামূলীয়াকৈ ৰেচন যোগান ধৰিব লাগে । অৰ্থাৎ দেশত দৰিদ্ৰতা ছবিখন
স্পষ্ট । এনে অৱস্থাত আজিৰ বাজেটে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে কোনো ধৰণৰ আশা
কঢ়িয়াব নোৱাৰিলে ।"
বাজেট সন্দৰ্ভত নেতাদ্বয়ে কয়, "এইবাৰৰ কেন্দ্ৰীয় বাজেটখন দেশৰ জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যে প্ৰস্তুত কৰা
বাজেট হোৱা নাই । বৰং এইখন বিজেপি দলৰ নিৰ্বাচনী লক্ষ্য পূৰণৰ অৰ্থে বিহাৰমুখী
বাজেটহে হৈছে । বিহাৰৰ বাবে বিভিন্ন আঁচনি আৰু প্ৰকল্প আগবঢ়োৱা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ
বিত্ত মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ বাবে নামৰূপ সাৰ কাৰখানাৰ বিষয়ে কৰা অস্পষ্ট
ঘোষণাৰ বাহিৰে আন একো উপহাৰ আগবঢ়োৱাৰ আন্তৰিকতা প্ৰদৰ্শন নকৰিলে ।"
"বাজেটত ঋণৰ বোজাত ককবকাই থকা দেশবাসীৰ বাবে কিছুমান চমক সৃষ্টিকাৰী ঘোষণাৰ
বাহিৰে আন একো নাই । দেশৰ জনতাই উৎপাদনমুখী এখন বাজেট আশা কৰিছিল । কিন্তু সেয়া
পোৱা নগ’ল। উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও বিশেষ পেকেজ নাথাকিল
আজিৰ বাজেটত। আনকি বিত্তমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ নামটোকে উচ্চাৰণ নকৰিলে।
এইবাৰৰ বাজেটত সামাজিক ন্যায়, নিবনুৱা সমস্যা আদি মৌলিক
বিষয়সমূহক লৈ কোনো পৰিকল্পনা দেখা নগ'ল ।"
নেতাদ্বয়ে কয়, "দৰিদ্ৰ তথা
মধ্যবিত্তৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা কোনো বিষয়ৰ উল্লেখ নাথাকিল এই বাজেটত।
কেৱল পুঁজিপতিক সন্তুষ্ট কৰিবলৈ প্ৰস্তুত কৰা এই বাজেটত 'পি
পি পি মুড'ক শক্তিশালী কৰি পুঁজিপতিসকলক উপকৃত কৰা আৰু
চৰকাৰী সম্পদৰ ব্যক্তিগতকৰণৰ নীতিক উৎসাহিত কৰাটোহে প্ৰতিফলিত হৈছে । মুঠতে দেশৰ
মৌলিক সমস্যাসমূহ দূৰীকৰণৰ বাবে চৰকাৰৰ যে কোনো ধৰণৰ সুস্পষ্ট তথা বিজ্ঞানসন্মত
নীতি নাই সেয়া এই বাজেটেই প্ৰমাণ কৰিলে ।"
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰা
কেন্দ্ৰীয় বাজেটক লৈ সুখী নহয় আম আদমী পাৰ্টী (আপ) । এই সন্দৰ্ভত 'আপ'ৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,
"অসমৰ অন্যতম ৰাজহুৱাখণ্ডৰ উদ্যোগ অ' এন
জি চি আৰু ক'য়েল ইণ্ডিয়াৰ বাবে কেন্দ্ৰীয় বাজেটত একো নাই ।
প্ৰস্তাৱিত ইউৰিয়া সাৰ প্ৰকল্পৰ বাহিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ
বাবে বিত্তমন্ত্ৰীয়ে একো বিবেচনা নকৰিলে ।"
ৰাজেশ শৰ্মাই কয়, "অসমৰ নিবনুৱাৰ
সংস্থাপন, শৈক্ষিক আৰু স্বাস্থ্যখণ্ডৰ উন্নয়নত বিত্তমন্ত্ৰী
সীতাৰমণে গুৰুত্ব আৰোপ নকৰিলে । ৰাজ্যখনত থকা কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ
প্ৰতিষ্ঠানত কোনো পুঁজি ধাৰ্য কৰা নহ'ল । এই বাজেট অসমবাসীক
কেন্দ্ৰীয় চৰকাৰে কৰা বঞ্চনাৰ দস্তাবেজ স্বৰূপ ।"
শৰ্মাই কয় যে, "বাজেটত সমগ্ৰ দেশতে
নতুনকৈ ১২০ টা বিমানবন্দৰ স্থাপনৰ কথা কোৱা হৈছে । কিন্তু এই ক্ষেত্ৰত অসমক বঞ্চিত
কৰা হ'ল কিয় ? উত্তৰ-পূব ভাৰতত অসামৰিক
বিমান পৰিবহন খণ্ডৰ উন্নয়নৰ যথেষ্ট থল আছিল, কিন্তু
কেন্দ্ৰীয় বিত্ত বাজেটত এই দিশটো অৱহেলা কৰা হৈছে ।" "অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰণ মানুহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উড়ান
আঁচনিৰ অধীনত ন্যূনতম নিৰিখত বিমান সেৱাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন ।
বিত্তমন্ত্ৰীৰ এই ক্ষেত্ৰত কোনো সদিচ্ছা দেখা নগ'ল ।
অসমবাসীৰ সপোন সপোন হৈয়েই থাকিল । মুঠতে এই বাজেট মাথোঁ বাৰ্ষিক পৰম্পৰা ৰক্ষা কৰি
সংসদত উপস্থাপন কৰা ভেকোঁভাওনাৰ নামান্তৰহে ।"
0 coment rios: