অসমত চিকিৎসাক্ষেত্ৰৰ অগ্ৰগতিঃপ্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱাৰ শুভাৰম্ভ
বি. চি ডেস্ক, ২ফেব্ৰুৱাৰীঃ শনিবাৰে
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু
চিকিৎসালয়ৰ বহিঃবিভাগ (OPD)
সেৱাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। লগতে, চিকিৎসা
মহাবিদ্যালয়সমূহৰ কৰ্মচাৰীসকলৰ বাবে মানৱ সম্পদ ব্যৱস্থাপনা প’ৰ্টেল
(Human Resource Management System) মুকলি
কৰে।
এই OPD সেৱা উদ্বোধনৰ ফলত অঞ্চলটোৰ ৰোগীসকলৰ
চিকিৎসালয়ত সহজভাৱে পৰিসেৱা গ্ৰহণৰ সুবিধা বৃদ্ধি পোৱাৰ লগতে উন্নত চিকিৎসা
সৰ্বসাধাৰণৰ বাবে অধিক সহজলভ্য হ’ব বুলি আশা কৰা হৈছে।
একেই সময়তে, ১ কোটি কৰ্কট ৰোগী পৰীক্ষণৰ বাবে ভাৰতী এয়াৰটেল গ্ৰুপৰ অন্তৰ্গত ইণ্ডাচ টাৱাৰ আৰু অসম কেঞ্চাৰ
ফাউণ্ডেশ্যনৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ হয়, য’ত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকে। এই চুক্তিৰ অধীনত, ৰাজ্যখনৰ বিভিন্ন অঞ্চলত কেঞ্চাৰ পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হ’ব, যিয়ে আগতীয়াকৈ ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত
গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।
প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ
শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ২০২৯ চনত অসমত ২৪ খন চিকিৎসা
মহাবিদ্যালয় স্থাপন হ’ব। ইতিমধ্যে
দৰং, হোজাই আৰু হাইলাকান্দিত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে বাজেটত ধন
ধাৰ্য কৰা হৈছে।
অসমত ১৪ খন চিকিৎসা মহাবিদ্যালয় তথা এখন AIIMS-সহ স্বাস্থ্যখণ্ড দ্রুতগতিত আগবাঢ়ি আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে
যে, ৪৯৬ কোটি টকা ব্যয়েৰে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়
আৰু চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, য’ত ৫০০ বিচনাৰ সুবিধাযুক্ত চিকিৎসালয় স্থাপন কৰা হৈছে।
এই চিকিৎসালয়সমূহত আধুনিক চিকিৎসা উপকৰণ আৰু উন্নত
প্রযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ৰোগীসকলৰ চিকিৎসা সেৱা আগবঢ়োৱা হ’ব।
লগতে, অধিকসংখ্যক বিশেষজ্ঞ চিকিৎসক নিযুক্তিৰো পৰিকল্পনা কৰা
হৈছে, যিয়ে সৰ্বসাধাৰণৰ বাবে উন্নত চিকিৎসাৰ সুবিধা
প্ৰসাৰিত কৰিব।
চিকিৎসক, নাৰ্ছ, আৰু কৰ্মচাৰীৰ ছুটিৰ আৱেদনসহ চাকৰিসংক্রান্ত সমস্যা সমাধানৰ বাবে মানৱ সম্পদ
ব্যৱস্থাপনা প’ৰ্টেল মুকলি
কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২.৫ কোটি টকা ব্যয়ৰে প্ৰস্তুত কৰা এই প’ৰ্টেল চিকিৎসা মহাবিদ্যালয় কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে, য’ত ১৪ খন চিকিৎসা মহাবিদ্যালয়ৰ ১০,৬০০
গৰাকী নিয়মীয়া কৰ্মচাৰীৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে।
এই পৰ্টেলৰ জৰিয়তে চিকিৎসাসংক্রান্ত কাৰ্যসমূহ অধিক
সুসংগঠিত হ’ব আৰু কৰ্মচাৰী সকলে বিভিন্ন সুবিধা সহজভাৱে লাভ কৰা সম্ভৱ হ’ব। চিকিৎসা সেৱাখণ্ডৰ দক্ষতা বৃদ্ধিৰ লগতে, কৰ্মচাৰীৰ
সন্তুষ্টিও নিশ্চিত কৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত ১ কোটি লোকৰ
কেঞ্চাৰ পৰীক্ষাৰ লক্ষ্যৰে মেগা স্ক্ৰীনিং কাৰ্যসূচী শুভাৰম্ভ
কৰে। এই কাৰ্যসূচী সফল কৰিবলৈ, ভাৰতী এয়াৰটেল গ্ৰুপৰ ইণ্ডাচ টাৱাৰে অসম কেঞ্চাৰ
কেয়াৰ ফাউণ্ডেশ্যনক ২.৪৩ কোটি টকা অৰ্থ সাহায্য প্ৰদানৰ বুজাবুজি
চুক্তিত স্বাক্ষৰ কৰে।
এই স্ক্ৰীনিং কাৰ্যসূচীৰ অধীনত, ৰাজ্যখনৰ
বিভিন্ন প্ৰান্তত বিনামূলীয়া কেঞ্চাৰ পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ’ব। বিশেষকৈ গ্ৰাম্য অঞ্চলসমূহত এই পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি ৰোগ
নিৰ্ণয়ৰ সুবিধা প্ৰসাৰিত কৰা হ’ব।
এই স্ক্ৰীনিং কাৰ্যসূচী সফল কৰাৰ বাবে অসম চৰকাৰ আৰু
অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগিতাত কোম্পানীৰ সামাজিক দায়বদ্ধতা
অংশীদাৰীসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে, চৰকাৰে
এই পৰীক্ষাসমূহৰ ফলাফলৰ ভিত্তিত ৰোগীৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ ল’ব বুলি ঘোষণা কৰে।
অসম চৰকাৰে স্বাস্থ্যখণ্ডত এক বৃহৎ পৰিৱৰ্তন আনিবলৈ
সংকল্পবদ্ধ। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে স্বাস্থ্যসেৱা আৰু ৰোগ প্ৰতিৰোধৰ
ক্ষেত্ৰত আধুনিকীকৰণ আৰু তথ্য-প্ৰযুক্তিৰ সদ্ব্যৱহাৰ বৃদ্ধি পাব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,বিভিন্ন নৱতম চিকিৎসা পদ্ধতি
আৰু গৱেষণাৰ ফলাফল চিকিৎসালয়সমূহত কাৰ্যকৰীভাৱে গ্ৰহণ কৰা হ’ব।
লগতে, ৰাজ্যখনৰ চিকিৎসা শিক্ষাৰ মন উন্নয়ন কৰাৰ বাবে নতুন
গৱেষণা কেন্দ্ৰ স্থাপন কৰা হ’ব ।
0 coment rios: