পৰীক্ষাত নকলৰ পয়োভৰ! হাতে হাতে ম’বাইল লৈ পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে
জানিব পৰা মতে, নিৰীক্ষকৰ সন্মুখতে ম’বাইল চাই পৰীক্ষা দিছিল পৰীক্ষাৰ্থীয়ে। ম’বাইল চাই
চাই পৰীক্ষাৰ্থীয়ে দিলে কাৰিকৰী শাখাৰ চূড়ান্ত পৰীক্ষা। শিক্ষকৰ সন্মুখতে হায়াৰ
ছেকেণ্ডাৰী পৰীক্ষাত মোবাইল চাই চাই উত্তৰ লিখিছে পৰীক্ষাৰ্থীয়ে। তামুলপুৰ উচ্চতৰ
মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত সংঘটিত হৈছে ভয়ংকৰ এই ঘটনাটো। তাৰ পাছত ভাইৰেল হৈ পৰিল সেই ভিডিঅ’। ভিডিঅ’টোত এগৰাকীয়ে কোৱা শুনা গৈছে ‘ঐ এটা দুটা এৰি যাবি। নহ’লে ধৰা পৰিবি। ভালকৈ লিখি থাক।’
জানিব পৰা মতে, অসমত উচ্চতৰ মাধ্যমিক পৰীক্ষাত নিৰীক্ষকৰ সন্মুখতে ম’বাইল চাই পৰীক্ষা দিছিল পৰীক্ষাৰ্থীয়ে। ম’বাইল ফোন ব্যৱহাৰ কৰি উত্তৰ লিখাৰ দৰে
ঘটনাই সচকিত কৰি তুলিছে বিদ্যত মহলক। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে
শিক্ষকৰ সন্মুখতে ম’বাইল
ফোন ব্যৱহাৰ কৰি উত্তৰ লিখাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত অঞ্চলজুৰি তীব্ৰ
প্ৰতিক্ৰিয়া সৃষ্টি হয়। ভিডিঅ’টোত এগৰাকীয়ে কোৱা শুনা গৈছে ‘ঐ এটা দুটা এৰি যাবি। নহ’লে ধৰা পৰিবি। ভালকৈ লিখি থাক।’ পৰীক্ষাৰ্থীৰ এনে কৰ্ম- কাণ্ডই অভিভাৱক, শিক্ষাবিদ আৰু স্থানীয় ৰাইজৰ চকু কপালত
তুলিছে ।আৰু ইয়াৰ সমান্তৰাল কৈ অভিভাৱক সমাজে এই ঘটনাক শিক্ষাৰ মানৰ ওপৰত গুৰুতৰ
আঘাত হিচাপে বিবেচনা কৰিছে। লগতে শিক্ষাৰ্থীৰ নৈতিক অৱক্ষয় আৰু পৰীক্ষা ব্যৱস্থা
পৰিচালনা প্ৰক্ৰিয়া সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
ইয়াৰ পাছতে এই ঘটনাক লৈ তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যজুৰি আৰম্ভ হৈছে তুমুল চৰ্চা। পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ কেনেকৈ ম’বাইল নিলে, তাকে লৈ উত্থাপন হৈছে প্ৰশ্ন।নিৰীক্ষকৰ সন্মুখত কেনেকৈ ম’বাইল উলিয়াই ল’বলৈ সাহস কৰিলে সেয়াও এক ৰহস্য। ইফালে ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগে তৎপৰ হৈছে শিক্ষা বিভাগ। তাৎক্ষণিকভাৱে কেন্দ্ৰৰ তত্বাবধায়ক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাক। এই সন্দৰ্ভত তদন্ত কৰি দোষীসকলক চিনাক্ত কৰি শাস্তি প্ৰদানৰ নিৰ্দেশ দিছে জিলা আয়ুক্তই।এই সন্দৰ্ভত আৰক্ষী আৰু শিক্ষা বিভাগে যৌথভাৱে তদন্ত অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে কেলেংকাৰীৰ লগত জড়িত সকলোকে শাস্তি দিবলৈ দাবী জনাইছে।
ইফালে, বিলাসীপাৰাত এটা পৰীক্ষা কেন্দ্ৰত পোৱা গৈছে জাপে জাপে নকল। কোনোবাই যদি লৈছে চোলাৰ ভিতৰত আকৌ কোনোবাই নকল লৈছে মোজাৰ ভিতৰত। বিলাসীপাৰা বৰকান্দা পিউপিলচ একাডেমি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত সংঘটিত হৈছে এই কাণ্ডই পৰীক্ষা কেন্দ্ৰত বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি কৰে। পৰীক্ষকসকলক কঠোৰ তালাচী চলাই বহু নকল উদ্ধাৰ কৰে আৰু কিছুমানক বহিষ্কাৰ কৰে। এই ঘটনাই শিক্ষাৰ মান, নৈতিকতা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত জনসাধাৰণৰ মাজত গভীৰ উদ্বেগ সৃষ্টি কৰিছে। শিক্ষাবিদ, অভিভাৱক আৰু সচেতন সমাজে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আৰু ভবিষ্যতে এনেধৰণৰ অনৈতিক কাৰ্যবিধি ৰোধ কৰিবলৈ সজাগতা অভিযান চলোৱাৰ আহ্বান জনাইছে।
0 coment rios: