“পৰাজয়ৰ ভয়” ! ব্ৰিটিছ পত্নীৰ বিতৰ্কক লৈ পুনৰ মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ গৌৰৱ গগৈৰ
বি. চি ডেস্ক, ১৮ফেব্ৰুৱাৰীঃ
ব্ৰিটিছ নাগৰিক তথা
সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী সংস্থা আই এছ আইৰ সৈতে
সম্পৰ্কৰ বিতৰ্ক চলি থকাৰ মাজতে
সামাজিক মাধ্যমৰ জৰিয়তে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ কটাক্ষ কৰিছে সাংসদ গগৈয়ে। তেওঁৰ ভাষ্য অনুসৰি, এই বিতৰ্ক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ । মঙলবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে
দাবী কৰে যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ “পৰাজয়ৰ ভয়” হৈছে । আৰু এয়াই শেহতীয়া পৰিস্থিতিৰ
আঁৰৰ মূল কাৰণ।তেওঁ
কয় যে এনে অভিযোগৰে নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰাৰ চেষ্টা কৰিছে।
উল্লেখ্য
যে, পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে
সাংসদগৰাকীৰ ব্ৰিটিছ পত্নী এলিজাবেথ ক’লবাৰ্নৰ
সম্পৰ্ক থকাৰ অভিযোগক লৈ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু
বিজেপিয়ে আক্ৰমণ চলাই আহিছে। এইলৈ পুনৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাক
উদ্দেশ্যি গগৈয়ে
মন্তব্য কৰে যে, অসম
চৰকাৰে যদি ইচ্ছা কৰে, তদন্ত
কৰিব পাৰে, কিন্তু
জনতাই প্ৰকৃত সত্য জানে। তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে জনমত
প্ৰভাৱিত কৰাৰ উদ্দেশ্যে এই অভিযোগ তুলিছে। গগৈয়ে মন্তব্য কৰে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকী
হেৰুৱাব বুলি ভয় খাই আছে, সেয়েহে
এনে অপপ্ৰচাৰ চলাইছে।
উল্লেখ্য
যে, পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ
বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ তদন্তৰ বাবে সোমবাৰে অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী
দল গঠন কৰে। দেওবাৰে অসম কেবিনেটে সাংসদগৰাকী বা তেওঁৰ ব্ৰিটিছ পত্নীৰ বিৰুদ্ধে
কোনো গোচৰ ৰুজু নকৰাৰ সিদ্ধান্ত লয় যদিও পাকিস্তানী নাগৰিকজনৰ বিৰুদ্ধে এফআইআৰ
দাখিল কৰিবলৈ ডিজিপিক নিৰ্দেশ দিছিল।পাকিস্তান পৰিকল্পনা আয়োগৰ উপদেষ্টা তথা ক’লবাৰ্নৰ প্ৰাক্তন সহকৰ্মী শ্বেখৰ
বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ বিভিন্ন ধাৰাৰ অধীনত অসম আৰক্ষীয়ে গোচৰ
ৰুজু কৰিছে । লগতে ব্ৰিটিছ
নাগৰিক হোৱাৰ পিছতো পূৰ্বৰ কলিয়াবৰ সমষ্টিত লোকসভা নিৰ্বাচনী প্ৰচাৰত কলবাৰ্নে
অংশগ্ৰহণৰ তদন্তৰ বাবে কেন্দ্ৰলৈ পত্ৰ লিখিব বুলিও ৰাজ্য চৰকাৰে ঘোষণা কৰে।
এই গোচৰ
ৰুজু কৰাৰ পাছতে সোমবাৰে এক সংবাদমেলত সম্বোধন কৰি লোকসভাৰ সাংসদগৰাকীয়ে দাবী
কৰিছিল যে, মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিদিনে নিজৰ
স্থিতি সলনি কৰি আহিছে। “পূৰ্বতে
মুখ্যমন্ত্ৰীয়ে মোক আক্ৰমণ কৰিছিল আৰু মই খলনায়ক আছিলোঁ। কিন্তু কালিৰ পৰা তেওঁ
মোক ভুক্তভোগী কৰি তুলিছে।” সংবাদমেলত
এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সাংসদ গৌৰৱ গগৈয়ে ।
ইফালে, গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিৰোধী
নেতাগৰাকী বৃহত্তৰ “ভাৰত
বিৰোধী” ষড়যন্ত্ৰৰ বলি হ’ব পাৰে । একে সময়তে তেওঁৰ প্ৰতি
সহানুভূতি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গোচৰৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ
জনায়।
সাংসদ গগৈয়ে সংবাদমেলত কয়, “মুখ্যমন্ত্ৰী প্ৰতিদিনে বক্তব্য সলনি
কৰে। আগতে মই খলনায়ক আছিলোঁ, এতিয়া
মই ভুক্তভোগী হৈ পৰিছোঁ। কিন্তু মই কেতিয়াও পিছুৱাই যোৱাৰ কথা আহি নপৰে । আমি
প্ৰমাণৰ ভিত্তিত কাম কৰোঁ।” আনহাতে,
মুখ্যমন্ত্ৰীয়ে গগৈক
সহানুভূতি প্ৰদৰ্শন কৰি তেওঁক “ভাৰত-বিৰোধী
ষড়যন্ত্ৰৰ বলি” বুলি
অভিহিত কৰিছে। একে সময়তে
গোচৰৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।
এই
বিতৰ্কই অসমৰ ৰাজনৈতিক পাৰা ওপৰলৈ তুলিছে । জনসাধাৰণৰ মাজত এই বিষয়ক লৈ ব্যাপক চৰ্চা
আৰম্ভ হৈছে। ৰাজনৈতিক বিশ্লেষকসকলে মত ব্যক্ত কৰিছে যে এই বিতৰ্কৰ প্ৰভাৱ অনাগত
নিৰ্বাচনত পৰাৰ লগতে অসমত অনাগত দিনবোৰত এই বিতৰ্কৰ অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা
আছে।
0 coment rios: