Wednesday, February 12, 2025

বিদেশৰ ক’ত ক’ত বিনিয়োগ আছে মুখ্যমন্ত্ৰীৰ! তথ্য দিলে কংগ্ৰেছ নেতা মনোজ চৌহানে

 বিদেশৰ কত কত বিনিয়োগ আছে মুখ্যমন্ত্ৰীৰ! তথ্য দিলে কংগ্ৰেছ নেতা মনোজ চৌহানে

বি. চি ডেস্ক, ১২ফেব্ৰুৱাৰীঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশলৈ গৈ অসমৰ বাবে বিনিয়োগকাৰীক নিমন্ত্ৰণ কৰিছে যদিও মুখ্যমন্ত্ৰীজনে নিজে কিন্তু বিদেশী ৰাষ্ট্ৰত ধন বিনিয়োগ কৰি নিজৰ ব্যৱসায় চলাই আহিছে বুলি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে।

মঙলবাৰে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে সাংবাদ মেলত এই মন্তব্য কৰে । ডুবাই আৰু ছিংগাপুৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বপিং মল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত বিনিয়োগ কৰা বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে । কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়লাবালিশিলচুপাৰি সকলোতে ছিণ্ডিকেট সৃষ্টি কৰি ৪০ শতাংশ ধন নিজে সংগ্ৰহ কৰি বিদেশত ব্যৱসায় অব্যাহত ৰাখিছে ।যাৰ বাবে তেওঁ সঘনাই ডুবাই আৰু ছিংগাপুৰলৈ গৈ থাকে ।"                           



এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ বাবে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰি কংগ্ৰেছ নেতা চৌহানে কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে অসমত বিনিয়োগ কৰিব পাৰে যদিও তেওঁ বিদেশতহে ব্যৱসায় চলাই আছে । অসমৰ ছিণ্ডিকেটৰ ধন বিদেশত বিনিয়োগ কৰিছে ।" অসমত বিনিয়োগ বৃদ্ধি নহলেওবিদেশত তেওঁৰ ব্যক্তিগত বিনিয়োগৰ পৰিমাণ ক্ৰমাগত বৃদ্ধি পাই আহিছে।"

দলৰ সাংগঠনিক দিশ সন্দৰ্ভত কংগ্ৰেছ নেতাজনে কয় যে, "১৫ মাৰ্চৰ ভিতৰত সমগ্ৰ অসমত কংগ্ৰেছৰ সাংগঠনিক পৰ্যালোচনা চলিব আৰু সংগঠনক অধিক শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব। আমি ৰাজ্যজুৰি এক সমীক্ষা চলামআৰু জনতাৰ মাজত উপস্থিত হৈ জন-অভিমত সংগ্ৰহ কৰিম।"



উল্লেখ্য যে গুৱাহাটীত মঙলবাৰে মহানগৰ জিলা কংগ্ৰেছৰ আটাইকেইটা ব্লক কংগ্ৰেছৰ সভাপতি আৰু তত্ত্বাৱধায়কসকলক লৈ এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত উপ-সভাপতি নৱ তালুকদাৰজ্যেষ্ঠ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞামহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰগুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মাসম্পাদক অৰুণ তিৱাৰীকে প্ৰমুখ্য কৰি নেতা-কৰ্মীসকল উপস্থিত থাকে।

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই 'চোতালে চোতালে কংগ্ৰেছকাৰ্যসূচীত অংশগ্ৰহণ কৰি জনসম্পৰ্ক ৰক্ষা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ডিগবৈ আৰু লাহোৱালত মানুহৰ ঘৰে ঘৰে গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৰাইজৰ লগত বাৰ্তালাপ কৰে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ ভ্ৰষ্টাচাৰ আৰু অনিয়মৰ পৃষ্ঠাসমূহ উদঙাই দিয়ে ।



ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই 'চোতালে চোতালে কংগ্ৰেছকাৰ্যসূচীত অংশগ্ৰহণ কৰি জনসম্পৰ্ক ৰক্ষা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ এই কাৰ্যসূচীৰ মাজেৰে গ্ৰামাঞ্চলৰ সাধাৰণ জনগণৰ কষ্ট আৰু দুৰৱস্থাৰ বিষয়ে বুজ লৈ চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে অধিক দৃঢ় আন্দোলনৰ সংকল্প লোৱাৰ কথা উল্লেখ কৰে। ডিগবৈ আৰু লাহোৱালত মানুহৰ ঘৰে ঘৰে গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৰাইজৰ লগত বাৰ্তালাপ কৰে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ ভ্ৰষ্টাচাৰ আৰু অনিয়মৰ কুকিৰ্তিসমুহ ৰাইজৰ আগত উদঙাই দিয়ে। ইয়াৰ উপৰিও কংগ্ৰেছ নেতাসকলে দাবি কৰে যে অসমৰ সম্পদ বিদেশলৈ নিয়াৰ পৰিবৰ্তে ৰাজ্যৰ অভ্যন্তৰীণ বিনিয়োগৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। তেওঁলোকে চৰকাৰৰ অব্যৱস্থাৰ বিৰুদ্ধে সজাগতাৰ আহ্বান জনাই। সভাৰ অন্তত কংগ্ৰেছ নেতাসকলে কয়, "অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমি সদায় অঙ্গিকাৰ বদ্ধ।"

 




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: