Wednesday, February 12, 2025

জন এফ কেনেডীৰ হত্যাকাণ্ডৰ কেইবা হাজাৰ নথি-পত্ৰ পোৱাৰ দাবী এফ বি আইৰ

 জন এফ কেনেডীৰ হত্যাকাণ্ডৰ কেইবা হাজাৰ নথি-পত্ৰ পোৱাৰ দাবী এফ বি আইৰ

উৱেভ ডেস্ক, ১১ফেব্ৰুৱাৰীঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ হত্যাকাণ্ডৰ সৈতে জড়িত কেইবা হাজাৰ নথি-পত্ৰৰ সন্ধান পোৱা বুলি দাবী কৰিছে আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনে(এফবিআই)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এটি কাৰ্যবাহী আদেশ মানি এই নথি-পত্ৰ বিচাৰিবলৈ আৰম্ভ কৰে।



মঙলবাৰে এফ বি আইয়ে জনোৱা মতে, অনুসন্ধানত প্ৰায় ২৪০০ নতুনকৈ তালিকাভুক্ত কৰা আৰু ডিজিটেলাইজড নথি-পত্ৰ পোৱা গৈছে। ইয়াৰ পূৰ্বতে এই নথি-পত্ৰসমূহ জন এফ কেনেডীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বুলি ভবা নাছিল।

এফ বি আইয়ে এক বিবৃতিত কয় যে নতুনকৈ উদ্ধাৰ হোৱা নথি-পত্ৰ সন্দৰ্ভত উপযুক্ত জাননী দিয়া হৈছে। ইয়াৰ উপৰিও এই গোপনীয় নথিপত্ৰসমূহ গোপনীয়তামুক্ত কৰাৰ বাবে চলিত প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰীয় আৰ্কাইভ আৰু সংৰক্ষণ প্ৰশাসনলৈ প্ৰেৰণ কৰাৰ কামো কৰি আছে।

যোৱা মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জন এফ কেনেডী, তেওঁৰ কনিষ্ঠ ভাতৃ ৰবাৰ্ট এফ কেনেডি আৰু নাগৰিক অধিকাৰৰ প্রতীক মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ হত্যাকাণ্ডৰ অসাধাৰণ অভিলেখকে ধৰি জন এফ কেনেডীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বাকী সকলো ফাইল মুকলি আৰু ৰাজহুৱাভাৱে মুকলি কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে এফ বি আইয়ে এই নথি-পত্ৰ পোৱা বুলি ঘোষণা কৰে।

সেই সময়ত ট্ৰাম্পে কৈছিল যে এইটো এটা ডাঙৰ ঘটনা। বহুতে ইয়াৰ বাবে বছৰ বছৰ ধৰি, দশকৰ পিচত দশক ধৰি অপেক্ষা কৰি আহিছে। এতিয়া সকলো প্ৰকাশ কৰা হব।

১৯৬৩ চনৰ ২২ নৱেম্বৰত টেক্সাছৰ ডালাছত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীক হত্যা কৰা হয়। দশকৰ পিচত দশক ধৰি তেওঁৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি বহুতো ষড়যন্ত্ৰমূলক তত্ত্বৰ সৃষ্টি হৈ আহিছে। বিভিন্ন সমীক্ষাত এই হত্যাকাণ্ডৰ আনুষ্ঠানিক ব্যাখ্যাক লৈ ব্যাপক সন্দেহ প্ৰকাশ কৰা হৈছে।

২০২৩ চনত গ্যালাপৰ এক সমীক্ষাত ৬৫ শতাংশ আমেৰিকান লোকে কয় যে, লি হাৰ্ভে অছৱাল্ডে অকলে জন এফ কেনেডীক হত্যা কৰা  বুলি ৱাৰেণ আয়োগে যি সিন্ধান্ত দিছিল তাক তেওঁলোকে বিশ্বাস নকৰে।

ট্ৰাম্পৰ স্বাস্থ্য স্বাস্থ্যমন্ত্রী হিচাপে মনোনীত প্রার্থী আৰু ৰবাৰ্ট এফ কেনেডীৰ পুত্ৰ ৰবাৰ্ট এফ কেনেডি জুনিয়ৰে ২০২৩ চনত দিয়া এক সাক্ষাৎকাৰত দাবী কৰিছিল যে তেওঁৰ খুৰাকৰ হত্যাকাণ্ডত চিআইএ জড়িত হোৱাৰ অনস্বীকাৰ্যআৰু অতি বিশ্বাসযোগ্যপ্ৰমাণ পোৱা গৈছে।

ৰাষ্ট্ৰপতি হিচাপে প্ৰথম কাৰ্যকালত এই হত্যাকাণ্ডৰ বাকী থকা সকলো তথ্য প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ট্ৰাম্পে। কিন্তু অৱশেষত তেওঁ পৰ্যালোচনাৰ বাবে অপেক্ষাত থকা হাজাৰ হাজাৰ ফাইল জমা হৈ থকাৰ বাবে চিআইএ আৰু এফবিআইৰ হেঁচাত নত স্বীকাৰ কৰিছিল । পিছলৈ অৱশ্যে তেওঁ প্ৰায় ২৮০০ নথি-পত্ৰ প্ৰকাশৰ অনুমতি প্ৰদান কৰিছিল।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনে প্ৰায় ১৭ হাজাৰ নথি প্ৰকাশ কৰিছে । সেই সময়ত ৪৭০০তকৈও কম নথি-পত্ৰ আংশিকভাৱে বা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা হৈছিল।

নেশ্যনেল আৰ্কাইভৰ মতে, জে এফ কে তথ্য আইনৰ অধীনত কৰ্তৃপক্ষই জন এফ কেনেডীৰ হত্যাকাণ্ডৰ সৈতে সম্পর্কিত প্ৰায় ৩ লাখ ২০ হাজাৰ নথি-পত্ৰৰ ৯৯ শতাংশতকৈ অধিক নথি-পত্ৰ প্রকাশ কৰিছে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: