Saturday, February 1, 2025

'কেজৰিৱালৰ ওপৰত আস্থা নাই', ৮ বিধায়কে এৰিলে দল

 'কেজৰিৱালৰ ওপৰত আস্থা নাই', ৮ বিধায়কে এৰিলে দল

নেচনেল ডেস্ক, ১ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। তাৰ পূৰ্বে আপ শিবিৰত বৃহৎ ভাঙোন। নিৰ্বাচনৰ প্ৰাকক্ষণত আপৰ  ৮ জনকৈ বিধায়কে শুকুৰবাৰে আপৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। আপৰ সূত্ৰ অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ টিকট নোপোৱা বিধায়কসকলে দল ত্যাগ কৰাৰ সিদ্ধান্ত লয়। একে সময়তে আম আদমী পাৰ্টিৰ ৮ জন বিধায়কৰ পদত্যাগে দলৰ ভিতৰতে প্ৰশ্ন উত্থাপন কৰিছে। ৰাজনৈতিক মহলৰ মতে ইয়াৰ কাৰণ দলীয় অন্তকহ।



সূত্ৰ অনুসৰি আপে এইবাৰ ৮ জন বিধায়কৰ আটাইকেইজন বিধায়ককে মনোনীত কৰা নাই। তেওঁলোকৰ ঠাইত সেই কেন্দ্ৰবোৰত নতুন মুখ অনা হৈছে। সেইবাবেই বিধানসভা নিৰ্বাচনৰ ৫ দিন পূৰ্বেই বিধায়কসকলে আপ এৰে। ত্ৰিলোকপুৰীৰ বিধায়ক ৰোহিত কুমাৰ, জনকপুৰীৰ বিধায়ক ৰাজেশ ঋষি, মেহৰৌলীৰ বিধায়ক নৰেশ যাদৱে পদত্যাগ। আদৰ্শ নগৰৰ বিধায়ক পৱন শৰ্মা, কস্তুৰবা নগৰৰ বিধায়ক মদন লাল, বিজৱাসনৰ বিধায়ক বি এছ জুন, পালাম সমষ্টিৰ বিধায়ক ভৱনা গৌৰে পদত্যাগ। ২০২৫ চনৰ বিধানসভা নিৰ্বাচনত আপে ইয়াৰ কোনো এজনকো টিকট দিয়া নাই। পালাম সমষ্টিৰ বিধায়িকা ভৱনা গৌৰে কেজৰিৱাললৈ লিখা এখন পত্ৰযোগে কয় যে কেজৰিৱাল আৰু দলৰ প্ৰতি তেওঁৰ বিশ্বাস হেৰাই গৈছে। মদল লালেও একে কাৰণেই কয়।

এক সুকীয়া চিঠিত তেওঁ কেজৰিৱালক সম্বোধন কৰি লিখিছে, ‘আম আদমী পাৰ্টি আৰু আপোনাৰ ওপৰত মোৰ আস্থা হেৰাই গৈছে। গতিকে মই দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছো কেজৰিৱালে এই বাৰ আদৰ্শ নগৰৰ পৰা মুকেশ গোৱেলক টিকট দিছে। বিজৱাসনৰ পৰা সুৰেন্দ্ৰ ভৰদ্বাজক টিকট দিয়াৰ লগতে জানকপুৰীৰ আপৰ প্ৰাৰ্থী হিচাপে প্ৰবীণ কুমাৰক প্ৰক্ষেপ ককৰে কেজৰিয়ে। পালমে ভৱনাৰ পৰা আপৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছে যোগিন্দৰ সোলংকিয়ে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: