Thursday, February 6, 2025

ঝুমুৰ নৃত্য চাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীঃ অংশ ল’ব এডভাণ্টেজ আছামত

 ঝুমুৰ নৃত্য চাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীঃ অংশ লব এডভাণ্টেজ আছামত

বি. চি ডেস্ক, ৬ফেব্ৰুৱাৰীঃ চূড়ান্ত হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ । দুদিনীয়া ভ্ৰমণসূচীৰে ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সন্ধিয়া ৫ বজাত গুৱাহাটীত উপস্থিত হব প্ৰধানমন্ত্ৰী, এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ আগমনৰ কথাটো প্ৰকাশ হোৱাৰ লগে লগে বিজেপি দলৰ ভিতৰ চৰাত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে কয়, দুটাকৈ বিশেষ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে।



প্ৰধানমন্ত্ৰীয়ে ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত বৃহৎ ঝুমুৰ নৃত্য উপভোগ কৰিব।৭৫০০ গৰাকী ঝুমুৰ শিল্পীয়ে একেলগে চাহ জনগোষ্ঠীৰ পৰম্পৰাগত এই নৃত্য দৰ্শন কৰিব, যি বিশ্ব ৰেকৰ্ড গঢ়াৰ সম্ভাৱনা আছে। ইয়াৰ মাজেৰে অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ এক অনন্য পৰিচয় দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শিত হব। ঝুমুৰ নৃত্য অসমৰ চাহ জনগোষ্ঠীৰ এটি অন্যতম পৰম্পৰাগত নৃত্য, যাৰ জৰিয়তে তেওঁলোকৰ জীৱনধাৰা আৰু সংস্কৃতিৰ দৃষ্টান্ত উপস্থাপন কৰা হয়।

২৫ ফেব্ৰুৱাৰীত ১১:৩০ বজাৰ পৰা ১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে এডভাণ্টেজ আছাম ২.০ত অংশ লব। এই অনুষ্ঠানত দেশ-বিদেশৰ বহু প্ৰতিষ্ঠিত উদ্যোগপতি আৰু ব্য়ৱসায়ীৰ উপস্থিতি থাকিব। এডভাণ্টেজ আছামঅসমৰ উন্নয়নমূলক বিনিয়োগ আকৰ্ষণৰ এক বৃহৎ পৰিকল্পনা, ত ৰাজ্যখনৰ পৃথিৱীৰ লগত বাণিজ্যিক সম্পৰ্ক দৃঢ় কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।



উল্লেখযোগ্য যে, এই অনুষ্ঠানত বিভিন্ন নতুন উদ্যোগ আৰু প্ৰকল্প উদ্বোধন কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে অসমৰ সামগ্ৰিক বিকাশৰ গতিত এক নতুন দিশ সূচনা কৰিব। ৰাজ্য চৰকাৰে ইতিমধ্যে সকলো প্রস্তুতি সম্পূৰ্ণ কৰিছে, যাতে এই ভ্ৰমণ সফল হয় আৰু ৰাজ্যবাসীয়ে ইয়াৰ পৰা অধিক উপকৃত হব পাৰে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: