দেশ বিদেশৰ ১২০ গৰাকী লেখক-সাহিত্যিকেৰে জীপাল নাহৰৰ দেশ
বি. চি ডেস্ক, ৬ফেব্ৰুৱাৰীঃ উজনি অসমৰ
বৌদ্ধিক আৰু উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয় । ৰাজ্যৰ
লগতে দেশী বিদেশী ৰাষ্ট্ৰৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন
কৰি আহিছে । ১৯৬৫ চনত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক কেন্দ্ৰীয়
চৰকাৰে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰিছে ।
বিশ্ববিদ্যালয় খনৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ বিস্তাৰ, গৱেষণা
আৰু বিশ্বজনীন জ্ঞানৰ আদান-প্ৰদান নিশ্চিত কৰা।
বুধবাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উদুলি-মুদুলি
পৰিবেশ দেখিবলৈ পোৱা গৈছে । কিয়নো বুধবাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ
হৈছে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ, ২০২৫ ।ৰাজ্যৰ অগ্ৰণী কলা, সংস্কৃতি আৰু
সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ'কেলৰ উদ্যোগত আৰু
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত চাৰিদিনীয়াকৈ এই মহোৎসৱ অনুষ্ঠিত হৈছে । এই মহোৎসৱৰ দ্বাৰা বিশ্বৰ বিভিন্ন ভাষা, সাহিত্য আৰু
সংস্কৃতিৰ মাজত এক আন্তঃসংযোগ স্থাপন হ’ব । লগতে
শিক্ষাৰ্থীসকলৰ এই উৎসৱৰ জৰিয়তে নতুন সাহিত্য আৰু ভাষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব।
'আফ্ৰিকান সাহিত্য'ক কেন্দ্রীয় বিষয়বস্তু হিচাপে লৈ
অনুষ্ঠিত কৰা এই মহোৎসৱত ভাৰতৰ উপৰি বিশ্বৰ ২৫ খন দেশৰ লেখক-সাহিত্যিকে অংশগ্ৰহণ
কৰিছে । মহোৎসৱৰ আটাইকেইটা দিনতে বিভিন্ন দেশৰ বিভিন্ন ভাষা, সাহিত্য-সংস্কৃতিৰ ওপৰত উচ্চমানৰ আলোচনা-চক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হ'ব । এই মহোৎসৱত ভিন্ন সাহিত্য, কবিতা পাঠ, গ্ৰন্থ উন্মোচন, সাহিত্য বিষয়ক বিতর্ক আৰু
আলোচনাসমূহ অনুষ্ঠিত হ’ব ।লগতে সাহিত্যপ্ৰেমীসকলৰ বাবে বিশেষ
বাৰ্তা আৰু সাহিত্য ৰচনা প্রতিযোগিতাৰো আয়োজন কৰা হৈছে।
বুধবাৰে পুৱাৰ ভাগত বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত
অনুষ্ঠিত হয় এক বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ
প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য
সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যক ড৹ নগেন শইকীয়াই । উদ্বোধনী অনুষ্ঠানত
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা, ডিব্ৰুগড়
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা, প্ৰখ্যাত
আফ্ৰিকান লেখক টেটে মিছেল কেপামাছি, অৱসৰপ্ৰাপ্ত আই এ এছ
বিষয়া ভি বি প্যাৰেলাল আদি উপস্থিত থাকে । অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে
সাহিত্যৰ জৰিয়তে বিশ্বজনীন সংযোগ স্থাপন কৰা।
উদ্বোধনী অনুষ্ঠানৰ পাছতে আফ্ৰিকাৰ ওপৰত নিৰ্মিত এখনি
তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।তাৰ পিচত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আফ্ৰিকান
ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় । তদুপৰি, ভাৰত
আৰু আফ্ৰিকাৰ সাহিত্যৰ সাদৃশ্য আৰু বৈচিত্ৰ্য সম্পৰ্কে বিশেষ আলোচনা অনুষ্ঠিত হয় ।
বহু বিশিষ্ট সাহিত্যিকে আফ্ৰিকান সাহিত্যৰ বিশ্ব পৰিসৰত গুৰুত্ব সম্পৰ্কে আলোচনা
কৰে । সাহিত্য মহোৎসৱৰ অংশ হিচাপে বিশ্বৰ উল্লেখযোগ্য সাহিত্যৰ অনুবাদ গ্ৰন্থৰ এক
বৃহৎ সংকলনো উন্মোচিত হয়।
বিশ্বৰ ২৫ খন দেশৰ লেখক-সাহিত্যিকৰ অংশগ্ৰহণেৰে
আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ, ২০২৫ অনুষ্ঠিত কৰিবলৈ পাই উৎফুল্লিত
ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ । আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱক লৈ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে কয়, "স্বেচ্ছাসেৱী অনুষ্ঠান ফ'কেলৰ উদ্যোগত আৰু ডিব্ৰুগড়
বিশ্ববিদ্যালয়ৰ সহযোগত দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ অনুষ্ঠিত
কৰিছো । আফ্রিকান সাহিত্যক কেন্দ্রীয় বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা হৈছে এই
মহোৎসৱ । এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ
ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে ।"
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয়
সাহিত্য মহোৎসৱ,
২০২৫ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰাক্তন
সভাপতি তথা বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াই কয়, "আন্তঃৰাষ্ট্ৰীয়
সাহিত্য মহোৎসৱ অনুষ্ঠিত হোৱাটো সঁচাকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে এটা ডাঙৰ
উৎসৱ । এই অনুষ্ঠানলৈ ২৫ খন দেশৰ ১২০ জন লেখক-সাহিত্যিক আহিছে । এই অনুষ্ঠানে
বিভিন্ন দেশৰ লেখক-সাহিত্যিকসকলৰ মাজত একতাৰ ভাব সৃষ্টি কৰিব আৰু নিজ নিজ সাহিত্যৰ
আদান প্ৰদান কৰিব ।"
ড৹ নগেন শইকীয়াই লগতে কয়, "যিসকলে মানুহ
আৰু প্ৰকৃতিক ভাল পাব নোৱাৰে তেনে লোক লেখক আৰু শিল্পী হ'ব
নোৱাৰে । ২৫ খন দেশৰ পৰা অহা লেখকসকলৰ দৃষ্টিভংগীত মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কৰ
বিষয়ে আভাস পাম বুলি আশা কৰিছো । লগতে এই মহোৎসৱৰ জৰিয়তে বিভিন্ন দেশৰ সাহিত্য
আৰু সমাজৰ মাজত এক নতুন সম্পৰ্ক গঢ়ি উঠিব । সাহিত্যৰ দ্বাৰা আমি বিশ্বকো একসূত্ৰত
আনি একতাৰ বাৰ্তা দিব পাৰিম ।"
মহোৎসৱৰ অন্তিম দিনটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ
বিশিষ্ট অধ্যাপকৰ দ্বাৰা এক সাহিত্য সংকলনৰ প্রকাশনা অনুষ্ঠান আয়োজন কৰা হ'ব।
ইয়াৰ উপৰি, মহোৎসৱৰ সমাপ্তিৰ দিনা সাহিত্যসন্মান অনুষ্ঠানত
অংশগ্ৰহণ কৰা কেইবাজনো লেখক-সাহিত্যিকক বিশেষ সাহিত্য সন্মান প্ৰদান কৰা হ'ব।
0 coment rios: