Thursday, February 6, 2025

এডভাণ্টেজ আছাম মানেই বাকী আৰু ফাঁকিঃ মীৰা বৰঠাকুৰ

 এডভাণ্টেজ আছাম মানেই বাকী আৰু ফাঁকিঃ মীৰা বৰঠাকুৰ
বি. চি ডেস্ক, ৫ফেব্ৰুৱাৰীঃ  ৰাজ্যত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে। শাসক দল বিজেপিয়ে মণ্ডল, জিলা আৰু ৰাজ্যিক পৰ্যায়ত নেতৃত্বৰ পৰিৱর্তন কৰি নিৰ্বাচনৰ বাবে সাজু হৈছে। এই পৰিৱর্তনৰ উদ্দেশ্য হৈছে দলৰ ভিতৰত শক্তি বৃদ্ধি কৰাৰ লগতে ভোটাৰক আকৰ্ষণ কৰা।



মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ লগে লগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব বুলি কোৱাৰ পাছতে কংগ্ৰেছৰ লগতে অন্যান্য দল সমুহেও নিজৰ নিজৰ সাংগঠনিক কাম-কাজ যুদ্ধকালীনভাৱে আৰম্ভ কৰিছে। কংগ্ৰেছে বিশেষভাৱে বুথ-স্তৰৰ কাৰ্যকৰ্তা সকলোৰ সৈতে মত বিনিময় কৰি সংগঠন শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰ মাজতে, চৰাইদেউ জিলাৰ সোণাৰিৰ টীয়ক ৰজাবাৰীত জিলা মহিলা কংগ্ৰেছৰ এক বৈঠক অনুষ্ঠিত হয়। অসম মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰে এই সভাত অংশ লৈ মহিলা  কৰ্মীসকলৰ সৈতে আলোচনা কৰে আৰু দলৰ আগন্তুক পদক্ষেপৰ বিষয়ে মত বিনিময় কৰে। তেওঁ অঞ্চলটোৰ মহিলা কৰ্মীসকলৰ সমস্যাবোৰ সোধা-পোছা কৰি সাংগঠনিক কাম-কাজৰ বুজ লয় আৰু কংগ্ৰেছ দলৰ সংগঠন শক্তিশালী কৰিবলৈ আহ্বান জনায়।

সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে চৰাইদেউ জিলা মহিলা কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰি কয় যে, ‘‘যি ধৰণেৰে মহিলা সকলে সহযোগিতা কৰিছে এই শক্তিৰ বাবে আমি সমাগত পঞ্চায়ত নিৰ্বাচন আৰু ২৬ বিধানসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হম বুলি আশাবাদী।’’



চৰাইদেউ জিলা মহিলা কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰি শাসনাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয়, কংগ্ৰেছে মহিলাক সকলক আঁঠুৱা, কম্বল আৰু কম দামত বস্তু দিছিল । কিন্তু আজিৰ তাৰিখত ধাৰৰ ওপৰত ধাৰ কৰি বিজেপিয়ে আমাৰ মহিলা সকলক আঁচনি দিছে । কংগ্ৰেছ দলৰ অৰ্থনৈতিক পৰিকল্পনা আছিল, সেয়ে কম দামত বস্তু দিয়াৰ লগতে মহিলাক আঁচনি দিব পাৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনি দিছে ঠিকেই কিন্তু আঁচনি দিয়াৰ বিপৰীতে প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে ।তেওঁ লগতে চৰকাৰৰ অর্থনৈতিক নীতিৰ কঠোৰ সমালোচনা কৰি কয় যে, এই নীতিবোৰৰ ফলত গৰিব আৰু মধ্যবিত্ত মানুহে দুখ-কষ্ট ভোগ কৰিব লগা হৈছে।  

 ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰত অসমক গঢ়ি তুলিবলৈ চেষ্টা চলাইছে । অসমত যাতে দেশ-বিদেশৰ বিনিয়োগকাৰী সংস্থাই বিনিয়োগ কৰিবলৈ আগবঢ়ি আহে তাৰ বাবে অসম চৰকাৰে এডভাণ্টেজ আছাম ২.০ সন্মিলন অনুষ্ঠিত কৰিবলৈ ব্যৱস্থাৰ গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰে এডভাণ্টেজ আছাম ২.০ সন্মিলন অনুষ্ঠিত কৰিব লোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই দক্ষিণ কোৰিয়া আৰু জাপানৰ গৈ ব্যৱসায়ীসকলক এডভাণ্টেজ আছাম ২.০ লৈ নিমন্ত্ৰণ কৰিছে । কিন্তু অসম চৰকাৰে অনুষ্ঠিত কৰিবলৈ লোৱা এডভাণ্টেজ আছাম মানেই বাকী আৰু ফাঁকি ৷’’ এই দাবী কৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে । লগতে তওঁ পূৰ্বে অনুষ্ঠিত কৰা এডভাণ্টেজ আছামৰ ৰিপোৰ্ট প্ৰকাশ কৰাৰ বাবে চৰকাৰক প্ৰত্যাহ্বান জনায়।



এই বৈঠকত কংগ্ৰেছ কৰ্মীসকলে দলীয় একতাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে। সভাৰ সকলো কৰ্মীয়ে সিদ্ধান্ত লয় যে আগন্তুক দিনত গাঁও-গাঁওত গৈ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব আৰু দলৰ সংগঠন শক্তিশালী কৰিব। ইয়াৰ লগতে, মহিলা কৰ্মীসকলক বিশেষভাৱে উৎসাহিত কৰা হৈছে যাতে তেওঁলোকে সমাজৰ সকলো স্তৰত কংগ্ৰেছৰ বার্তা প্ৰসাৰ কৰে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: