Wednesday, February 5, 2025

মহাৰাষ্ট্ৰৰ সকলো চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰা মাৰাঠী ভাষা

 মহাৰাষ্ট্ৰৰ সকলো চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰা মাৰাঠী ভাষা

নেচনেল ডেস্ক, ৪ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। এইবাৰ মহাৰাষ্ট্ৰ চৰকাৰে মাৰাঠী ভাষাৰ ঐতিহ্য সংৰক্ষণৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ সকলো চৰকাৰী কাৰ্যালয়তে মাৰাঠী ভাষা বাধ্যতামূলক কৰা হৈছে। সোমবাৰে চৰকাৰী প্ৰস্তাৱৰ জৰিয়তে এই কথা ঘোষণা কৰে ফাডনাভিছ চৰকাৰে। মাৰাঠী স্বাভিমানৰ কথা মনত ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিছে যে ৰাজ্যখনৰ সকলো চৰকাৰী আৰু অৰ্ধচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে মাৰাঠী কব লাগিব।

এই আদেশত উল্লেখ কৰা হৈছে যে সমগ্ৰ ৰাজ্যৰ সকলো চৰকাৰী আৰু অৰ্ধচৰকাৰী কাৰ্যালয়ত মাৰাঠী বাধ্যতামূলক হব। এই নিয়ম মহাৰাষ্ট্ৰ চৰকাৰৰ অধীনত নিগম আৰু অন্যান্য কাৰ্যালয়ৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হব। কেৱল সেয়াই নহয়, নিয়ম উলংঘা হলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও জনোৱা হৈছে। চৰকাৰী গাইডলাইনত উল্লেখ আছে যে এই নিয়ম কেৱল মহাৰাষ্ট্ৰৰ বাসিন্দাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। চৰকাৰী বিষয়াসকলে অন্য ৰাজ্যৰ বাসিন্দা আৰু বিদেশী লোকৰ সৈতে বিভিন্ন ভাষাত কথা পাতিব পাৰিব। অৱশ্যে মহাৰাষ্ট্ৰৰ যিকোনো নাগৰিকৰ সৈতে কথা পাতিলে আৰু চৰকাৰী অধিসূচনা প্ৰকাশ কৰাৰ সময়ত মাৰাঠী ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক হব।



মহাৰাষ্ট্ৰৰ কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি মাৰাঠী ব্যৱহাৰ নকৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। এই নিয়ম উলংঘা হলে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰি। ইয়াৰ উপৰিও সংশ্লিষ্ট বিভাগৰ জৰিয়তে কৰ্মচাৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শও দিয়া হৈছে। অভিযোগকাৰীয়ে যদি উপযুক্ত ব্যৱস্থা লোৱা হোৱা নাই বুলি অনুভৱ কৰে তেন্তে মহাৰাষ্ট্ৰ বিধানসভাত মাৰাঠী ভাষা সমিতিৰ ওচৰত আবেদন কৰাৰ সুযোগ পাব।

চৰকাৰী প্ৰস্তাৱত উল্লেখ আছে যে মহাৰাষ্ট্ৰৰ সকলো চৰকাৰী কাৰ্যালয়ৰ কম্পিউটাৰৰ কিবৰ্ডত ৰোমান ফণ্টৰ লগতে মাৰাঠী-দেৱনাগৰী ফন্ট থাকিব লাগিব। ইয়াৰ উপৰিও কাৰ্যালয়ৰ চাইনবৰ্ডতো মাৰাঠী ভাষাত থাকিব। মন কৰিবলগীয়া যে ২০২৪ চনৰ ১২ মাৰ্চত অনুষ্ঠিত কেবিনেট বৈঠকত মহাৰাষ্ট্ৰ ৰাজ্যৰ মাৰাঠী ভাষা নীতিৰ খচৰা অনুমোদন কৰা হৈছিল। ইয়াৰ লগত সংগতি ৰাখি মাৰাঠী ভাষা বিভাগে ৰাজ্যখনৰ মাৰাঠী ভাষা নীতি ঘোষণা কৰিছে।



মহাৰাষ্ট্ৰ চৰকাৰৰ এই ৰাষ্ট্ৰীয় ঘোষণাৰ মূল উদ্দেশ্য হৈছে আগন্তুক ২৫ বছৰত মাৰাঠী ভাষাক জ্ঞান আৰু কৰ্মসংস্থাপনৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰা। মাৰাঠী ভাষা আৰু মাৰাঠী পৰিচয় মহাৰাষ্ট্ৰৰ অতি গুৰুত্বপূৰ্ণ বিষয়। শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাছাহেব থাকৰেৰ নেতৃত্বত মাৰাঠী সাংস্কৃতিক পৰিচয় আৰু ভাষাৰ প্ৰতি সন্মান বৃদ্ধি পালে। এই মাৰাঠী পৰিচয় আজিও ৰাজ্যৰ ৰাজনীতিত জীয়াই আছে। এই মাৰাঠী পৰিচয় শিন্দেৰ শিৱসেনাৰ পৰা আৰম্ভ কৰি উদ্ধৱ থাকৰেৰ শিৱসেনালৈকে সকলোতে প্ৰচাৰ হৈ আহিছে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: