Wednesday, February 5, 2025

বুধবাৰে দিল্লী নিৰ্বাচনত মোডীৰ মানৰক্ষাৰ যুঁজ, কেজৰিৱালৰ আশা ‘আম আদমী’, ৰাহুল নিৰ্ণায়ক হ’ব পাৰিবনে ?

বুধবাৰে দিল্লী নিৰ্বাচনত মোডীৰ মানৰক্ষাৰ যুঁজ, কেজৰিৱালৰ আশা আম আদমী’, ৰাহুল নিৰ্ণায়ক হব পাৰিবনে ?

নেচনেল ডেস্ক, ৪ফেব্ৰুৱাৰীঃ পাঁচ বছৰৰ আগৰ তুলনাত আসনৰ সংখ্যা হ্ৰাস পোৱাৰ পাছতো অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি (আপএকেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীত ক্ষমতালৈ আহিব বুলি বিভিন্ন অপিনিয়ন পল আৰু চাট্টা বাজাৰে ইংগিত দিয়ে। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপি নেতাসকলে ২৮ বছৰৰ পাছত পুনৰ দেশৰ ৰাজধানী দখল কৰিবলৈ ওলাইছে বুলি ওলতা দাবী কৰে। এই দাবী আৰু প্ৰতি দাবীৰ মাজতে বুধবাৰে দিল্লীৰ ৰাইজে ৭০খন বিধানসভাৰ আসনত ভোটদান কৰিব।

দিল্লীৰ নিৰ্বাচনতো ৰাহুল গান্ধী-মল্লিকাৰ্জুন খৰ্গেৰ কংগ্ৰেছৰ বাবে ই এক পৰীক্ষা। অৱশ্যে ক্ষমতা দখল কৰাৰ কথা নহয়এটা দশকৰ পাছত ৭০ আসনৰ বিধানসভাত খাটা খোলাৰ কথাহে। একে সময়তে ১৯৯৮ চনৰ পৰা ২০১৩ চনলৈ দিল্লীত শাসন কৰা শতিকা পুৰণি দলটোৰ নেতাসকলে আশা কৰিছে যে শেষত আপ-বিজেপিৰ যুঁজত তেওঁলোক নিৰ্ণায়ক’ ব। তেনে ক্ষেত্ৰত প্ৰয়োজন হলে বিৰোধী মিত্ৰজোঁটৰ আন এক অংশীদাৰ ভাৰত’, আপক চৰ্তসাপেক্ষে সমৰ্থন কৰিব। ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ছীল চিঙাৰ পিছত কোনটো দলৰ আশা অৱশেষত পূৰণ হব সেয়া অহা শনিবাৰে (৮ ফেব্ৰুৱাৰী) জানিব পৰা যাব।

বুধবাৰে দিল্লীৰ ৫৮খন অসংৰক্ষিত আৰু ১২খন সংৰক্ষিত (অনুসূচিত জাতি) বিধানসভাৰ আসনত ৬৯৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য’ নিৰ্ণয় কৰিব ১.৫৬ কোটি ভোটাৰে। নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে মুঠ ১৩,৭৬৬ টা বুথত ভোটগ্ৰহণ হব। দিল্লীত আপকংগ্ৰেছ আৰু মায়াৱতীৰ বিএছপি (বহুজন সমাজ পাৰ্টি)ৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতেবিজেপিয়ে ৬৮খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। এন ডি এৰ দুখন মিত্ৰ দল জে ডি ইউ আৰু এল জে পি (ৰাম ভিলাছে) এখনকৈ আসন এৰি দিছে।

তিনিটা বাওঁপন্থী দলে পৃথকে পৃথকে আঠখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ৬ খনত চিপিআইদুটাত চিপিএম আৰু দুটাত চিপিআইএমএল লিবাৰেচনে। তেলেংগানাৰ হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ নেতৃত্বত সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (AIMIM) দলে সংখ্যালঘু প্ৰধান আসন দুখন ওখলা আৰু মুস্তাফাবাদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ মিত্ৰ অজিত পাৱাৰৰ এনচিপিয়ে পৃথকে পৃথকে ৩০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে!

এইবাৰ দিল্লীৰ দুটা বিধানসভা সমষ্টিত ৰোমাঞ্চকৰ যুঁজ হবলৈ গৈ আছে। নতুন দিল্লী সমষ্টিত আপৰ মুৰব্বী কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে প্ৰাক্তন সাংসদ তথা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং ভাৰ্মাৰ পুত্ৰ প্ৰবেশ ভাৰ্মাক প্ৰক্ষেপ কৰিছে। সেই আসন খনত কংগ্ৰেছে আন এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে প্ৰাক্তন সাংসদ তথা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপক। আনহাতেআন এজন প্ৰাক্তন সাংসদ ৰমেশ বিধুৰীয়ে কলকাজী সমষ্টিত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ বিৰুদ্ধে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছে। তাৰ  কংগ্ৰেছ প্ৰাৰ্থীগৰাকী হৈছে আপৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ মহিলা কংগ্ৰেছৰ সৰ্বভাৰতীয় সভানেত্ৰী অলকা লাম্বা।

আপে এইবাৰ জাংপুৰাৰ পৰা প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছদিয়াক তেওঁৰ পুৰণি আসন পাটপাৰগঞ্জৰ সলনি থিয় কৰাইছে৷ তাত তেওঁৰ প্ৰতিদ্বন্দ্বী হৈছে কংগ্ৰেছৰ দিল্লীৰ প্ৰাক্তন মেয়ৰ ফাৰহাদ ছুৰী আৰু বিজেপিৰ প্ৰাক্তন বিধায়ক টাৰবিন্দৰ সিং মাৰৱাহা। কেৰালাৰ ৰাজ্যপাল তথা প্ৰাক্তন বিজেপি নেতা আৰিফ মহম্মদ খানৰ ভতিজী আৰিবা এইবাৰ ওখলাৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী। এই সমষ্টিৰ অন্তৰ্গত শ্বাহীন বাগৰ পৰা তেওঁ উপ-নিৰ্বাচনত জয়লাভ কৰিছিল।

আতিশী কেবিনেটৰ সদস্যসকলৰ ভিতৰত সৌৰভ ভৰদ্বাজ (বৃহত্তৰ কৈলাশ)মুকেশ কুমাৰ (চুলতানপুৰ মাজৰা)আৰু ইমৰাণ হুছেইন (বল্লীমৰণ) এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। দুৰ্নীতিৰ গোচৰত অভিযুক্ত প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন (ছাকুৰ বস্তি) আৰু প্ৰভাৱশালী বিধায়ক সোমনাথ ভাৰতী (মালাবিয়া নগৰ) আৰু গোপাল ৰায় (বাবৰপুৰ)ও এই নিৰ্বাচনী ক্ষেত্ৰত নামি পৰিছে। বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছে বিদায়ী বিধানসভাৰ বিৰোধী সদস্য বিজেন্দ্ৰ গুপ্তা (ৰোহিনী) আৰু দলত্যাগী ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰবিন্দৰ সিং লাভলী (গান্ধীনগৰ)। আনহাতেকংগ্ৰেছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কৃষ্ণ তিৰাথ (পাটেলনগৰ)ৰ দৰে এগৰাকী প্ৰবীণ নেতাক প্ৰক্ষেপ কৰিছে।

৭০ আসনৰ দিল্লীত সংখ্যাগৰিষ্ঠতাৰ বাবে মেজিক নম্বৰ’ হৈছে ৩৬। ২০২০ চনৰ বিধানসভা নিৰ্বাচনত আপে প্ৰায় ৫৩.৫ শতাংশ ভোট লাভ কৰি ৬২খন আসনত জয়লাভ কৰিছিল। ৩৮.৫ শতাংশ ভোট লাভ কৰি বিজেপিয়ে ৮ খনত জয়লাভ কৰিছিল। মাত্ৰ ৪.২৬ শতাংশ ভোট লাভ কৰি খালী হাতেৰে উভতিছিল কংগ্ৰেছ।

ইয়াৰ পূৰ্বে ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত আপে ৫৪ শতাংশতকৈ অধিক ভোট লাভ কৰি ৬৭খন আসনত জয়লাভ কৰিছিল। ৩২ শতাংশ ভোটৰ অলপ বেছি ভোট লাভ কৰি তিনিখন আসনত বিজেপিয়ে জয়লাভ কৰে। সেইবাৰ কংগ্ৰেছ শূন্যলৈ নামিলেও ৯.৫ শতাংশতকৈও অধিক ভোট লাভ কৰে। ২০১৩ চনত কংগ্ৰেছে ২৪.৫ শতাংশতকৈ অধিক ভোট লাভ কৰিছিল আৰু আঠটা বিধানসভা সমষ্টিত জয়লাভ কৰিছিল। কেজৰিৱালৰ দলে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ২৯.৫ শতাংশ ভোট লাভ কৰি ২৮খন আসনত জয়লাভ কৰিছিল! বিজেপিয়ে প্ৰথম স্থান লাভ কৰি ৩৩ শতাংশ ভোট লাভ কৰি ৩২খন আসন লাভ কৰে। সেই সময়ত কেন্দ্ৰত কংগ্ৰেছ ক্ষমতাত আছিল। ২০১৪ চনৰ পৰা একেৰাহে তিনিটা লোকসভা নিৰ্বাচনত দিল্লীৰ ৭খন আসন লাভ কৰাৰ পিছতো মোডীৰ দিনত দিল্লী বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে জয়ী হোৱা নাই।

প্ৰসংগক্ৰমে এইবাৰৰ বিধানসভা নিৰ্বাচনত যুযুধান তিনিওটা শিবিৰে প্রতিপক্ষৰ বিৰুদ্ধে ভীতিপ্রদর্শনৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ উপৰিও আপ আৰু কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰৰ আশংকা কৰিছে। তিনিওটা দলৰ পৰা তেওঁলোকৰ সমৰ্থক আৰু কৰ্মীলৈ অভয় বাৰ্তা হ'ল - ভয় নকৰিব।

সোমবাৰে প্ৰচাৰৰ অন্তিম দিনা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী কেজৰিৱালে অভিযোগ কৰে যে আয়োগৰ এটা শাখাৰ সমৰ্থনত বিজেপিয়ে মঙলবাৰে নিশা হোম ভোটিংৰ নামত নিৰ্বাচনত ঠগবাজী কৰাৰ কামত সক্ৰিয় হৈ আছে। সেইটো কি প্ৰৱঞ্চনাকেজৰিৱালে দাবী কৰে যে মঙলবাৰে দিল্লীৰ বিভিন্ন বস্তিৰ (যিসকলৰ এক বৃহৎ অংশ আপ সমৰ্থক) দৰিদ্ৰ ভোটাৰৰ আগত ভুৱা ইভিএম লৈ আয়োগৰ নামত বিজেপি কৰ্মীয়ে হাজিৰ হব। ইয়াৰ পিছত ভুৱা ইভিএমৰ বুটামটো টিপি আঙুলিত প্ৰকৃত’ চিয়াঁহী লগোৱা হব! ফলত পিছদিনা (বুধবাৰ) এই জালিয়াতিৰ কথা আৱিষ্কাৰ হলেও সেই ভোটাৰসকলে ভোটদানত অংশ লব নোৱাৰিব।

ইয়াৰ সমান্তৰালকৈ কেজৰিৱালে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰিত দিল্লী আৰক্ষীৰ সহায়ত বিজেপিয়ে গুণ্ডাগিৰি কৰা বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে কেন্দ্রীয় সংস্থাসমূহৰ হেঁচাত নির্বাচনৰ পাঁচ দিন পূর্বে বিজেপিত যোগদান কৰা আপৰ আঠজন বিদায়ী বিধায়কে বিজেপিত যোগদান কৰে৷ আনহাতেকংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰে যে দিল্লীৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু আপ দুয়োটা দলেই ভয়ৰ পৰিৱেশ” সৃষ্টিৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে। বিজেপিৰ অভিযোগ যে কেজৰিৱালৰ দলীয় কৰ্মীসকলে মূলতঃ বস্তি অঞ্চলত (যত আপৰ সমৰ্থন ভিত্তি শক্তিশালী) হিংসাত্মক পৰিস্থিতিৰ উচটনি দিছে। বিজেপিৰ দাবীকংগ্ৰেছৰ শীলা দীক্ষিতে ক্ষমতাত থকাৰ সময়তে দক্ষিণ আৰু পশ্চিম দিল্লীৰ কেইবাখনো আসন চতুৰতাৰে পুনৰ সজ্জিত কৰিছে। কেশৰ ভোট পুন্যর্বিন্যাসৰ লগে লগে গুৰুত্বপূৰ্ণ কেন্দ্ৰসমূহত বিজেপি দুৰ্বল হৈ পৰিল। পৰবর্তী সময়ত সেই কেন্দ্রৰ ভোটাৰসকল কার্যত কিনি ৰাখিছিল অৰবিন্দ কেজৰীৱালে। কিন্তু এই বাৰ আপৰ সমীকৰণ সফল নহব বুলি আশা কৰিছে গেৰুৱা শিবিৰে।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: