"অসমৰ ভূমিলৈ নগাৰ গুলীচালনা; আতংকিত সীমান্তবৰ্তী অসমীয়া"
বি.
চি ডেস্ক, ৪ফেব্ৰুৱাৰীঃ পুনৰ অশান্ত হৈ পৰিছে অসম-নাগালেণ্ড
সীমান্তৱৰ্তী অঞ্চল। অসমৰ ভূমিলৈ লক্ষ্য কৰি নগাই গুলীচালনা কৰিছে, যাৰ
ফলত সীমান্তবৰ্তী অঞ্চলত তীব্ৰ আতংকময় পৰিবেশ সৃষ্টি হৈছে। মৰিয়নি মগ্ৰৈ বি অ’
পিৰ সমীপৰ পানীখেতিত নগাই গুলীচালনা আৰম্ভ কৰে। এই ঘটনাৰ ফলত সীমান্তবৰ্তী
অসমীয়া ৰাইজ আতংকিত হৈ পৰিছে আৰু ভয়ৰ পৰা পৰিত্ৰাণ বিচাৰি আছে।
এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে মৰিয়নী আৰক্ষী থানা আৰু
দেৱেৰাপাৰা আৰক্ষী চকীৰ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে ঘটনাৰ
পৰিস্হিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰু চৰজমিন তদন্ত আৰম্ভ কৰে। আৰক্ষী বাহিনীয়ে
ঘটনাস্থলীৰ পৰিস্থিতি অধ্যয়ন কৰি স্থানীয় ৰাইজৰ পৰা তথ্য সংগ্ৰহ কৰে। ইফালে, এই
ঘটনাই অসমৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত এক প্ৰশ্নবোধক চিহ্ন তুলি ধৰে।
উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে মগ্ৰৈ
সমীপৰ গড়কোষ অঞ্চলৰ এখন ক্ষুদ্র চাহ-বাগিচালৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলীচালনা
কৰিছিল। সেই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল। এতিয়া পুনৰ নগা দুৰ্বৃত্তই অসমৰ
ভূমিলৈ লক্ষ্য কৰি গুলীচালনা কৰা ঘটনাই সীমান্ত অঞ্চলত ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশ
সৃষ্টি কৰিছে। স্থানীয় ৰাইজ উদ্বিগ্ন আৰু সুৰক্ষা ব্যৱস্থা অধিক কঠোৰ কৰাৰ দাবী
জনাইছে।
নগা দুৰ্বৃত্তই অসম ভূমিলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ
ঘটনাক সংগ্ৰামী যুৱ ছাত্র পৰিষদ অসমে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। সংগ্ৰামী যুৱ
ছাত্র পৰিষদৰ বিষয়ববীয়াই কয়, "অসম চৰকাৰ তথা অসম প্ৰশাসন যে
সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, সেইয়া পুনৰবাৰ প্ৰমাণিত হৈছে।
অসম-নাগালেণ্ড সীমান্তবৰ্তী নকছাৰী মগ্ৰৈ বি অ’ পিত আজি নগা
দুৰ্বৃত্তই গুলী চলাই যি তাণ্ডৱৰ সৃষ্টি কৰিছে, তাক আমি
সংগ্ৰামী যুৱ ছাত্র পৰিষদে কঠোৰ ভাষাৰে ধিক্কাৰ দিছো। ইয়াৰ বিৰুদ্ধে চৰকাৰ তথা
প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, নহ’লে
ইয়াৰ বিৰুদ্ধে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ’বলৈ সাজু থাকক।"
তেওঁলোক লগতে কয় যে, কিছুদিন পূৰ্বে অসমৰ পৰা
নাগালেণ্ড ভূমিত প্ৰৱেশ কৰা অসম আৰক্ষীৰ এটা দলক আৱদ্ধ কৰি নগাই মাৰধৰ কৰিছিল আৰু
আতংকৰ সৃষ্টি কৰিছিল। তাৰ পিছত ক্ষুদ্র চাহ-বাগিচা কাটি তহিলং কৰি গুলীচালনাৰ
জৰিয়তে পুনৰ আতংক সৃষ্টি কৰিছিল। আজি পুনৰ মগ্ৰৈ বি অ’ পিৰ
কাষতে নগাই গুলীচালনা কৰি যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, সীমান্তবাসীক
ভয়ভীতি প্ৰদান কৰিছে, তাৰ বিৰুদ্ধে চৰকাৰক কঠোৰ ব্যৱস্থা
গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো।
সীমান্ত অঞ্চলত এইধৰণৰ সঘনাত চাঞ্চল্যকৰ ঘটনাই স্থানীয়
ৰাইজৰ মাজত শংকা আৰু অস্থিৰতা বৃদ্ধি কৰিছে। ৰাইজে চৰকাৰৰ পৰা অধিক সুৰক্ষা আৰু
নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ দাবী জনাইছে। লগতে এই ঘটনাই অসম-নাগালেণ্ড
সীমান্তৰ স্থায়ী সমাধান বিচাৰি দুই ৰাজ্যৰ প্ৰশাসনিক আৰু ৰাজনৈতিক স্তৰত আলোকপাত
কৰি এই বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে অচিৰেই কাৰ্যকৰী পদক্ষেপ ল’ব
বুলি আশা প্ৰকাশ কৰে।
0 coment rios: