Thursday, February 13, 2025

আৰ এছ এছে ১৫০ কোটিৰে নিৰ্মাণ কৰিলে মুখ্য কাৰ্যালয়! তিনিটা বহুমহলীয়া অট্টালিকাত থাকিব প্রেক্ষাগৃহ, চিকিৎসালয়, কেতিয়া হ’ব উদ্বোধন?

 আৰ এছ এছে ১৫০ কোটিৰে নিৰ্মাণ কৰিলে মুখ্য কাৰ্যালয়! তিনিটা বহুমহলীয়া অট্টালিকাত থাকিব প্রেক্ষাগৃহ, চিকিৎসালয়, কেতিয়া হব উদ্বোধন?

নেচনেল ডেস্ক, ১৩ফেব্ৰুৱাৰীঃ দিল্লীৰ ঝাণ্ডেনৱালত থকা আৰ এছ এছৰ মুখ্য কাৰ্যালয় কেশৱ কুঞ্জে নতুন ৰূপ পালে। ৫ লক্ষ বৰ্গফুট এলেকাত গড় দিয়া হৈছে তিনিটা ১২ মহলীয়া সুউচ্চ অট্টালিকাসাধনা, প্ৰেৰণা আৰু অৰ্চনা। সংঘই জনাইছে যে নতুন মুখ্য কাৰ্যালয় নিৰ্মাণৰ বাবে মুঠ ব্যয় হৈছে ১৫০ কোটি টকা।

আৰ এছ এছৰ তৰফৰ পৰা জনোৱা মতে, ১৯ ফেব্ৰুৱাৰীত শিৱাজী জয়ন্তীৰ দিনা নতুন ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব, আৰ এছ এছৰ মুৰব্বী (সৰসংঘচালক) মোহন ভাগৱত আৰু সাধাৰণ সম্পাদক (চৰকাৰী পৰিক্ৰমা) দত্তত্ৰেয় হোছাভোলে। ভাৰতীয় পৰম্পৰা আৰু সাংস্কৃতিক ধাৰা অনুসৰি নিৰ্মিত এই কাৰ্যালয়ৰ পৰা সংঘৰ দৈনন্দিন কাম-কাজ পৰিচালনা কৰাৰ লগতে নেতা-কৰ্মীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা আৰু কৰ্মশালাৰ আয়োজন কৰা হব।

নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ ৰাজ্য গুজৰাটৰ স্থপতিবিদ অনুপ ডেভে গুজৰাটী আৰু ৰাজস্থানী শৈলীৰ সংমিশ্ৰণেৰে আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ নকচা তৈয়াৰ কৰিছে। চাৰি একৰতকৈ অধিক মাটিত নিৰ্মিত মুখ্য কাৰ্যালয়ৰ ৪৬৩ জনীয়া ভিআইপি প্ৰেক্ষাগৃহৰ নাম সংঘৰ শাখা বিশ্ব হিন্দু পৰিষদৰ প্ৰয়াত নেতা অশোক সিংঘলৰ নামেৰে নামাকৰণ কৰা হৈছে। আশীৰ দশকত তেওঁৰ নেতৃত্বত প্ৰথমে আৰম্ভ হৈছিল ৰাম মন্দিৰ আন্দোলন।আছে ৬০০ আসনৰ আন এটি সুকীয়া প্ৰেক্ষাগৃহ। তিনিওটা অট্টালিকাত থাকিব সংঘৰ বিভিন্ন শাখাৰ কার্যালয় আৰু স্বয়ংসেৱক আৰু প্রচাৰকসকলৰ বাবে থকাৰ ব্যৱস্থা৷ ইয়াৰ উপৰিও তাত থাকিব চিকিৎসালয়, দাতব্য চিকিৎসালয়, আৰু পাঠাগাৰ ।মুঠৰ ওপৰত দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ মুখ্য কাৰ্যালয়কো অতিক্ৰম কৰিছে আৰএছএছৰ কেশৱ কুঞ্জাই।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: