বিনামূলীয়া ৰেচনৰ ৰাজনীতিয়ে সৃষ্টি কৰিছে পৰজীৱী শ্ৰেণীৰঃ উচ্চতম ন্যায়ালয়ৰ গৰিহণা
নেচনেল
ডেস্ক, ১৩ফেব্ৰুৱাৰীঃ ভোটৰ
বতৰৰ আগমনৰ লগে লগে আৰম্ভ হয় ৰাজনৈতিক দলসমূহৰ প্ৰতিশ্ৰুতিৰ বৰষুণ । ৰাজনৈতিক
নেতাসকলে প্ৰতিশ্ৰুতিৰ ফুলৰ থোপা লৈ গাঁৱৰ পৰা আৰম্ভ কৰি মানুহৰ ঘৰে ঘৰে গৈ মানৱ
সেৱাৰ চং। ৰাজনৈতিক দলসমূহে বিনামূলীয়া বিদ্যুৎ,
বিনামূলীয়া ৰেচন, হাতে হাতে নগদ ধন দিয়াৰ
ঘোষণা কৰিবলৈ হেতাওপৰা লগায়। এইবাৰ উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী ভোট ৰাজনীতিত বিনামূলীয়া সেৱা প্ৰদানৰ দৰে প্ৰতিশ্ৰুতি
দিয়া কাৰ্যক তীব্ৰ গৰিহণা দিয়ে।
কালি
উচ্চতম ন্যায়ালয়ে চহৰ অঞ্চলৰ গৃহহীন লোকৰ আশ্ৰয়ৰ অধিকাৰ সম্পৰ্কীয় এক গোচৰৰ
শুনানি গ্ৰহণ কৰে।শুনানি গ্ৰহণ কালত ন্যায়াধীশ বি আৰ গাভাই আৰু অগাস্টিন জৰ্জ
মাছিৰ বিচাৰপীঠে লক্ষ্য কৰে যে মানুহে আৰু কঠোৰ পৰিশ্ৰম কৰিবলৈ ইচ্ছুক নহয় কাৰণ
তেওঁলোকে বিনামূলীয়া ৰেচনৰ পৰা আৰম্ভ কৰি হাতত নগদ ধন লাভ কৰি আহিছে। ইয়াৰ পিচত
ন্যায়াধীশ বি আৰ গাভাইয়ে তীব্র ক্ষোভ প্ৰকাশ কৰি কয়, "নিৰ্বাচন আহিলেই
বিনামূলীয়া ৰেচন আৰু ধন ঘোষণা কৰা হয়।" দুৰ্ভাগ্যজনকভাৱে এই সকলোবোৰৰ বাবেই
মানুহে কঠোৰ পৰিশ্ৰম কৰিব নিবিচাৰে। বিনামূলীয়া ৰেচন পোৱা গৈছে, কাম নকৰাকৈয়ে ধন লাভ কৰা হৈছে। এই সকলোবোৰৰ পৰিৱৰ্তে দুখীয়া মানুহক
সমাজৰ মূলসুঁতিৰ লগত একত্ৰিত কৰাটো ভাল । ফলস্বৰূপে তেওঁলোকেও দেশৰ উন্নয়নত অংশ ল’ব পাৰিব। "আমি পৰজীৱী শ্ৰেণী এটা সৃষ্টি কৰা নাই নেকি?"
ইফালে, মহানগৰীৰ গৃহহীন লোকৰ বাবে কেতিয়া আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হ’ব সেই বিষয়ে অৱগত কৰিবলৈ উচ্চতম ন্যায়ালয়ে এটৰ্নী জেনেৰেলক নিৰ্দেশ দিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ছয় সপ্তাহৰ পিছত পুনৰ অনুষ্ঠিত হয়।
0 coment rios: