Thursday, February 13, 2025

তিনিদিনতে ভুল উপলব্ধি কৰিলে দিল্লীৰ মানুহে, আতিশীৰ বিদ্যুৎৰ লুকাভাকুক লৈ তীব্ৰ কটাক্ষ

 তিনিদিনতে ভুল উপলব্ধি কৰিলে দিল্লীৰ মানুহে, আতিশীৰ বিদ্যুৎৰ লুকাভাকুক লৈ তীব্ৰ কটাক্ষ

নেচনেল ডেস্ক, ১৩ফেব্ৰুৱাৰীঃ আম আদমী পাৰ্টিক উৎখাত কৰি দিল্লীৰ ক্ষমতা দখল কৰিছে বিজেপিয়ে। ২৭ বছৰৰ পাছত ৰাজধানীৰ মসনদত বহিব বিজেপি। অৱশ্যে দিল্লীৰ নতুন মুখ্যমন্ত্রী কোন হব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই৷ ফলত বিদায়ী মুখ্যমন্ত্রী আতিশীয়ে আপাততঃ কাম অব্যাহত ৰাখিছে৷ আৰু সেইগৰাকী আতিশীয়েই এতিয়া বিজেপিক কঠোৰ ভাষাৰে আক্ৰমণ কৰিছে। দিল্লীৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে বিজেপিৰ বিজয়ৰ পিছৰে পৰা ৰাজধানীত বিদ্যুৎৰ লুকাভাকু আৰম্ভ হৈছে। দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকে বিদ্যুতে লুকাভাকু কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইনভাৰ্টাৰ কিনিব লগাত পৰিছে। তেওঁ দাবী কৰে যে তিনিদিনৰ ভিতৰতে মানুহে নিজৰ ‘ভুল’ উপলব্ধি কৰিলে।



কিছু নথি দেখুৱাই আতিশীয়ে কয় যে দিল্লীবাসীয়ে নিজৰ নিজৰ অঞ্চলত হোৱা বিদ্যুৎৰ সমস্যাৰ বিষয়ে ছচিয়েল মিডিয়াত অভিযোগ কৰিছে। আম আদমি পাৰ্টি চৰকাৰে বিদ্যুৎ সেৱাৰ বিষয়ত কঠোৰ সতৰ্কতা অক্ষুণ্ণ ৰাখিছিল। আমাৰ চৰকাৰ উৎখাত হোৱাৰ পিছৰে পৰা দিল্লীৰ বিদ্যুৎ সেৱাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। তেওঁ কয়, "যোৱা নিশা ময়ুৰ বিহাৰত বিদ্যুৎ সেৱা বন্ধ হৈছিলআৰু আজি পুৱা বহুতৰে পৰা ফোন আহিছে।" এজন ব্যক্তিয়ে মোক কয় যে তেওঁ ইনভাৰ্টাৰ এটা কিনিলে।

আতিশীয়ে কয়, ‘বহুতে মোক ফোন কৰি কৈছে যে তিনিদিনৰ ভিতৰতে আমি উপলব্ধি কৰিছো যে আমি হয়তো নিৰ্বাচনত ভুল কৰিছিলোঁ। দিল্লীৰ ভাৰপ্রাপ্ত মুখ্যমন্ত্রী গৰাকীয়ে কয় যেআম আদমি পার্টিৰ বিদায়ৰ লগে লগে এইটো স্পষ্ট হৈ গৈছেবিজেপিয়ে সৰকাৰ চলাব নোৱাৰে। ফেব্ৰুৱাৰী মাহত যদি ইমান দীঘলীয়া বিদ্যুৎ  কৰ্তন হয়তেন্তে মে’, জুন আৰু জুলাই মাহত কি হযেতিয়া শীৰ্ষ চাহিদা ৮৫০০ মেগাৱাট অতিক্ৰম কৰিবচৰকাৰ চলাব নাজানে বিজেপিয়ে। ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ যেতিয়া বিজেপি ক্ষমতাত আছিল তেতিয়াও বিদ্যুৎ সেৱা অতি দুৰ্বল আছিল। এতিয়া ২০খন ৰাজ্যত বিজেপি চৰকাৰ। সেই আটাইকেইখন ৰাজ্যতে বিদ্যুতৰ পৰিস্থিতি একে।



আতিশীয়ে কয় যে নিৰ্বাচনত জয়ী হোৱাৰ পিছত বিজেপিয়ে দিল্লীক উত্তৰ প্ৰদেশলৈ ৰূপান্তৰিত কৰাটো অতি দুখজনক। উত্তৰ প্ৰদেশত বিদ্যুৎ সমস্যা হোৱাৰ দৰেই তিনিদিনৰ ভিতৰত দিল্লীতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সম্ভবত ইয়াৰ পৰাই প্ৰমাণিত হয় যে ইয়াত পূৰ্বৰ চৰকাৰখন শিক্ষিত লোকে চলাইছিল। অৰবিন্দ কেজৰিৱাল এজন অভিযন্তা যিয়ে শক্তি বিভাগ কেনে কৈ চলাব লাগে তেওঁ জানিছিল। আনহাতে এইবাৰ আহিছে ভুৱা ডিগ্ৰীধাৰী নিৰক্ষৰ লোকৰ চৰকাৰ।



সাংবাদিকসকলে আতিশীক শুধে যে তেওঁ দিল্লীৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰ এতিয়াও গঠন হোৱা নাইগতিকে এই সন্দৰ্ভত তেওঁ এই অভিযোগ কেনেকৈ কৰিব পাৰেইয়াৰ উত্তৰত আতিছিয়ে কয়, " ৮ তাৰিখে ভোট গণনাৰ সময়ত তেওঁলোকৰ মানুহে মন্ত্ৰীসকলৰ কাৰ্যালয়ত তালাবন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।" তেওঁলোকে কৈছিল যে, সচিবালয়ত আন কাকো প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয়কোনো নথি-পত্ৰ বা ফাইলও চাবলৈ দিয়া উচিত নহয়। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে বিজেপিয়ে নিজেই ৮ তাৰিখৰ পৰাই চৰকাৰ চলাই আহিছে।ইয়াৰ ফলাফল দিল্লীত আগন্তুক দিন বোৰত দেখা যাব । বিজেপিক ক্ষমতালৈ অনাৰ পৰিণতি কি হব সেয়া এতিয়া দিল্লীবাসীৰ বাবে স্পষ্ট হৈ পৰিছে৷


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: