শিকলিৰে বান্ধি ১০৪ জন অবৈধ ভাৰতীয়ক ঘূৰাই পঠোৱাক লৈ বিৰোধীৰ তীব্ৰ প্ৰতিবাদ, স্থগিত সংসদ
নেচনেল ডেস্ক,৬ফেব্ৰুৱাৰীঃ আমেৰিকান পুলিচে অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতীয়ক হেণ্ডকাফসহ শিকলিৰে বান্ধি বিমানবন্দৰলৈ আনিছিল! বৃহস্পতিবাৰে পুৱা আমেৰিকাৰ সংবাদ মাধ্যমত এই ‘খবৰ’ প্ৰকাশ কৰে। এই ঘটনাই সংসদৰ বাজেট অধিৱেশনত উত্তেজনাৰ সৃষ্টি কৰিছিল। ফলত লোকসভা আৰু ৰাজ্যসভা সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হয়।
বুধবাৰে অবৈধভাৱে বাস কৰা ১০৪ জন
ভাৰতীয়ক বিমানযোগে বিতাড়িত কৰা হয়। বুধবাৰে বিয়লি টেক্সাছৰ এল পাছ’ বিমানবন্দৰৰ পৰা অবৈধ
অনুপ্ৰৱেশকাৰীৰ দল এটা কঢ়িয়াই অনা আমেৰিকাৰ চি-১৭ গ্ল’বমাষ্টাৰ
সামৰিক পৰিবহণ বিমান এখন পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰে। ইয়াৰে কিছুমানৰ ভিছাৰ ম্যাদ
উকলি গৈছিল আৰু বাকীসকলে অবৈধভাৱে মেক্সিকান সীমান্ত পাৰ হৈ আমেৰিকাত প্ৰৱেশ
কৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে।
বৃহস্পতিবাৰৰ পৰা সংসদৰ দুয়ো খন সদনৰ
অধিৱেশন আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে স্থগিত ৰখাৰ প্ৰস্তাৱ আনি এই বিষয়ত আলোচনাৰ
দাবী জনায় বিৰোধীয়ে। সংসদ চৌহদত বিভিন্ন পোষ্টাৰেৰেও প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী
সংসদ সকলে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যেতিয়া তেওঁলোকৰ আলোচনাৰ দাবী নাকচ কৰিলে, তেতিয়া তেওঁলোকে বহা
আসনৰ পৰা উঠি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। বিৰোধীক সম্বোধন কৰি অধ্যক্ষই কয় যে
বিষয়টো গুৰুতৰ। চৰকাৰে এই কথাটো গুৰুত্বসহকাৰে লৈছে। কিন্তু আন দেশৰো নিজস্ব
নিয়ম-নীতি আছে। "পৰিকল্পিতভাৱে অধিবেশনত ব্যাঘাত জন্মাব নালাগে।"
কিন্তু অধ্যক্ষ ওম বিৰলাই তেওঁৰ অনুৰোধৰ উত্তৰ নোপোৱাত প্ৰথমে
দুপৰীয়া ১২ বজালৈ, তাৰ পিছত দুপৰীয়া ২ বজালৈ, আৰু তাৰ পিছত বিয়লি
৩:৩০ বজালৈ অধিৱেশন স্থগিত ৰাখে। উত্তেজনাৰ বাবে ৰাজ্যসভাৰ অধিৱেশনখনো দুপৰীয়া ১২
বজালৈ স্থগিত ৰখা হয়। আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ সন্দৰ্ভত বিয়লি
২ বজাত ৰাজ্যসভাত চৰকাৰৰ হৈ বিবৃতি প্ৰদান কৰিব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।
আনহাতে, বিয়লি ৪ বজাত ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত
ধন্যবাদৰ প্ৰস্তাৱৰ বিতৰ্কত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
0 coment rios: