আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন
বি. চি ডেস্ক, ৬ফেব্ৰুৱাৰীঃ কৃষ্ণ
বন্দনাৰে মুখৰিত হৈ পৰিছে যোৰহাট ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ
পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ।বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে
আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। যাৰ বাবে এতিয়া
সকলোৰে মুখত শুনিবলৈ পোৱা গৈছে হৰিনামৰ অমিয়া বাণী।
এই
অধিৱেশন উপলক্ষে অঞ্চলজুৰি ভক্তসকলৰ এক বিশাল সমাগম পৰিলক্ষিত হৈছে। সকলে একেলগে
হৰিনাম জপি, সংঘৰ আদৰ্শসমূহ পুনৰ স্মৰণ কৰি এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰিছে।
স্থানীয় লোকসকলে অধিৱেশনস্থলীৰ পৰিবেশ শৃংখলাবদ্ধ কৰি ৰাখিবলৈ বিশেষ যত্ন লোৱাৰ
লগতে, বিভিন্ন দল-সংগঠনৰ স্বেচ্ছাসেৱীসকলে সহযোগিতাৰ কামত
নিয়োজিত হৈ আছে।
ইফালে, অধিৱেশন উপলক্ষে
বুধবাৰে অধিৱেশনস্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ
ডেকা। উপস্থিত ভক্তসকলে তেওঁক উষ্ম আদৰণি জনায়। সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই অধিৱেশনস্থলীত
প্ৰবেশ কৰাৰ লগে লগে সংঘৰ যুৱ বাহিনীৰ সদস্যসকলে আৰু আইমাতৃসকলে তেওঁক বিশেষভাৱে
আদৰণি জনায়। তেওঁ সংঘৰ বিভিন্ন কার্যসূচীসমূহ সফলতাৰে সম্পন্ন হোৱাৰ বাবে সকলে
একেলগে কাম কৰিবলৈ আহ্বান জনায়।
সংবাদ
মাধ্যমৰ আগত বক্তব্য ৰাখি পদাধিকাৰগৰাকীয়ে কয়, "শংকৰদেৱ সংঘৰ সৰ্বজনৰ একেটা
উদ্দেশ্য, একেটা লক্ষ্য—আমি এক জাত,
এক পাত, এক বাট, এক দেৱ
আৰু এক সেৱ। আমি সকলো জাতি-জনগোষ্ঠী মিলি যদি একত্ৰিত হৈ নাথাকো, তেতিয়াহ'লে অসমীয়া জাতিৰ সংকট অৱধাৰিত হৈ পৰিব ।
সেয়েহে আমি সকলো জাতি-জনগোষ্ঠীয়ে মিলিজুলি যদি আমাৰ জাতি-মাটি-ভেটি, আমাৰ কৃষ্টি, সংস্কৃতি, ভাষা,
সাহিত্য ৰক্ষা কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ গত্যন্তৰ নাই । আমি আধ্যাত্মিক আদৰ্শৰে আৰু মানৱতাবাদী ভাবধাৰা লৈ
আৰু গুৰুজনাৰ আদৰ্শ সৰোগত কৰি সকলোৱে ঐক্যবদ্ধ হৈ আমি আগবাঢ়ি যাম ।"
লগতে
তেওঁ কয়, "যুৱ শক্তি আমাৰ আশাৰ দিপশিখা। যুৱ শক্তিয়ে কৰিব নোৱাৰা কাম একো নাই।
অসমীয়া জাতি তথা জাতীয় জীৱন উজ্জ্বল হৈ সদায় বিশ্বজুৰি জিলিকি থাকিব। শংকৰদেৱ সংঘৰ
এই পৰম্পৰা বহু দূৰলৈ আগবঢ়াব লাগিব।"
এই
অধিৱেশন উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শিশুসকলৰ বাবে কীৰ্তন
প্ৰতিযোগিতা, নাৰীসকলৰ বাবে নামপ্ৰসঙ্গ, আৰু তিৰোতাৰ পৰা
পুৰুষলৈকে সকলে অংশগ্ৰহণ কৰিব পৰা আলোচনা সভা অনুষ্ঠিত হৈছে। এই মহা অনুষ্ঠান সফল
কৰি শংকৰদেৱ সংঘৰ আদৰ্শ বিশ্বব্যাপী ছটিয়াই দিবলৈ আয়োজক সমিতি আৰু সংঘৰ সদস্যসকলে
দিন ৰাতি একাকাৰ কৰি অধিক যত্ন আৰু অধ্যৱসায়েৰে কাম কৰি আছে।
0 coment rios: