Sunday, February 9, 2025

শ্বাস ৰুদ্ধকৰ ১২ ঘণ্টীয়া এক অপাৰেচন! ৩১জন মাওবাদী নিহত হোৱাৰ পিছতে শ্বাহৰ ঘোষণাঃ ১৪ মাহ পিছত নক্সালবাদৰ পৰা মুক্ত হ’ব দেশ

 শ্বাস ৰুদ্ধকৰ ১২ ঘণ্টীয়া এক অপাৰেচন! ৩১জন মাওবাদী নিহত হোৱাৰ পিছতে শ্বাহৰ ঘোষণাঃ  ১৪ মাহ পিছত নক্সালবাদৰ পৰা মুক্ত হব দেশ

নেচনেল ডেস্ক, ৯ফেব্ৰুৱাৰীঃ ছত্তীশগড়ৰ বিজাপুৰৰ ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ১২ ঘণ্টা ধৰি মাওবাদীৰ বিৰুদ্ধে অভিযান চলায় নিৰাপত্তাৰক্ষীয়ে। এই অভিযানত কমেও ৩১জন মাওবাদী নিহত হয়। চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি বিজাপুৰ ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৫০ জনীয়া মাওবাদীৰ দল এটা সমবেত হৈছিল। গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে জংঘলত অভিযান চলায়। ১২ ঘণ্টীয়া গুলিৰ যুদ্ধত কমেও ৩১জন মাওবাদী নিহত হয়। লগতে দুজন জোৱানৰো মৃত্যু হয়।



৩১জন মাওবাদীৰ মৃত্যুৰ পিছত পুনৰ সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ ছচিয়েল মিডিয়াত লিখিছে, “নক্সালমুক্ত ভাৰত গঢ়ি তোলাৰ দিশত ছত্তীশগড়ত নিৰাপত্তা বাহিনীয়ে যথেষ্ট সফলতা লাভ কৰিছে।এই অভিযানত ৩১ জন নক্সালৰ মৃত্যুৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হয়। "আজি আমি মানৱতা বিৰোধী নক্সালবাদক বন্ধ কৰিবলৈ চেষ্টা কৰি থাকোঁতে দুজন সাহসী সৈনিকক হেৰুৱালোঁ।" ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ নিৰ্মূল হব বুলি সতৰ্কবাণীটোত পুনৰ সকীয়াই দিছে শ্বাহে।

ছত্তীশগড়ত এই অভিযানৰ পিছত ৰাজ্য খনত চলিত বৰ্ষত কমেও ৮৬জন মাওবাদী নিহত হৈছে। ১৬ জানুৱাৰীৰ এক অভিযানত ছত্তীশগড়-তেলেংগানা সীমান্তত ১৮জন মাওবাদী নিহত হৈছিল। ২ আৰু ২১ জানুৱাৰীত নিৰাপত্তাৰক্ষীৰ অভিযানত আৰু ১৬জন মাওবাদী নিহত হয়। সেই অভিযানত নিহত হৈছিল মাওবাদীৰ অন্যতম শীৰ্ষ নেতা জয়ৰাম ৰামচন্দ্ৰ ৰেড্ডী ওৰফে চালাপতি। জয়ৰাম ৰামচন্দ্ৰ ৰেড্ডী ওৰফে চালাপতিৰ মূৰৰ দাম আছিল এক কোটি টকা। ইয়াৰ পিছত ১ ফেব্ৰুৱাৰীত বিজাপুৰত এক অভিযানত নিহত হৈছিল ৮ জনকৈ মাওবাদী। দেওবাৰৰ এই ঘটনাই চলিত বৰ্ষৰ এতিয়ালৈকে ছত্তীশগড়ত মাওবাদী দমন অভিযানৰ সৰ্ববৃহৎ অভিযান বুলি কোৱা হৈছে। সূত্ৰ অনুসৰি ছত্তীশগড়ত যোৱা ১৪ মাহত ২৭৮জন মাওবাদী নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছে।



দেওবাৰৰ অভিযানত আহত জোৱানক দুজন উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হয় এখন মি-১৭ হেলিকপ্টাৰ। সেই হেলিকপ্টাৰেৰে দুয়োগৰাকী জোৱানক ৰায়পুৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। ৰায়পুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লাল উমেদ সিঙে জনোৱা মতে, আহত জোৱান দুজনৰ ভিতৰত এজনৰ ভৰিৰ আঘাত হৈছে আৰু আনজনৰ মূৰ আৰু বুকুত আঘাত লাগিছে । অৱশ্যে বৰ্তমান দুয়োজনেই বিপদ মুক্ত বুলিও তেওঁ কয়।




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: