Monday, February 10, 2025

বিৰোধীৰ ভূমিকা কেনেকৈ পালন কৰিব লাগিব? মান ৰক্ষাকাৰী ২২ প্ৰাৰ্থীৰ লৈ বৈঠকত মিলিত কেজৰিৱাল

 বিৰোধীৰ ভূমিকা কেনেকৈ পালন কৰিব লাগিব? মান ৰক্ষাকাৰী ২২ প্ৰাৰ্থীৰ লৈ বৈঠকত মিলিত কেজৰিৱাল

নেচনেল ডেস্ক, ৯ফেব্ৰুৱাৰীঃ এইবাৰ দিল্লী বিধানসভাৰ বিৰোধী আসনত বহিব লাগিব আম আদমী পাৰ্টি। দেওবাৰে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এক দশক ক্ষমতাত থকাৰ পিছত বিৰোধী হিচাপে দলটোৱে কি ভূমিকা পালন কৰিব সেই সন্দৰ্ভত আলোচনাত বহে। এই বাৰ নিৰ্বাচনত  পৰাজিত হৈছে কেজৰিৱাল । প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছদিয়াও পৰাজিত হয়। দিল্লীৰ ৭০খন আসনৰ ভিতৰত আতিশী মাৰ্লেনাকে ধৰি ২২ গৰাকী প্ৰাৰ্থীয়ে আপৰ মান ৰক্ষা কৰে । দেওবাৰে দিল্লীৰ ফিৰোজ শ্বাহ ৰোডত থকা নিজৰ বাসগৃহত দলৰ ২২ গৰাকী বিজয়ী প্ৰাৰ্থীৰ সৈতে আপৰ মুৰব্বীগৰাকীয়ে বৈঠকত মিলিত হয়।



কেজৰিৱালৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে আপে বিৰোধী হিচাপে গঠনমূলক ভূমিকা পালন কৰিব। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি যাতে বিজেপিয়ে পূৰণ কৰে তাৰ বাবে চেষ্টা কৰিব কেজৰিৱালৰ দলে। তেওঁ কয় যে আপে চাব যে বিজেপিয়ে প্ৰতিশ্ৰুতি অনুসৰি ৮ মাৰ্চৰ ভিতৰত মহিলাসকলক প্ৰতিমাহে ২৫০০ টকা দিবলৈ আৰম্ভ কৰিলে নে নকৰে, আৰু ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰিছে নে নাই । কেজৰিৱালে বিজয়ী দলৰ ২২ গৰাকী প্ৰাৰ্থীক দিল্লীৰ সাধাৰণ জনতাৰ হকে কাম কৰি সমস্যা সমাধান কৰিবলৈও পৰামৰ্শ দিয়ে।

বিগত ১০ বছৰ ধৰি দিল্লীত বিভিন্ন ক্ষেত্ৰত বিনামূলীয়া চৰকাৰী সেৱা আগবঢ়াই আহিছে আপ চৰকাৰে। দিল্লীবাসীৰ বাবে আপ চৰকাৰে নিৰ্দিষ্ট পৰিমাণ পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ আৰু পানী যোগান ধৰিছিল। দিল্লীৰ চৰকাৰী বাছতো মহিলাসকলক বিনামূলীয়া সেৱা প্ৰদান কৰা হৈছিল। আতিশীৰ লগতে আপৰ বিধায়কসকলৰ বাবে এতিয়া প্ৰত্যাহ্বান হৈছে যে বিজেপিয়ে এবাৰ ক্ষমতালৈ আহি যাতে তেওঁলোকে সেই বোৰ বন্ধ কৰি দিব নোৱাৰে। সেই বিষয়টো দেওবাৰে কেজৰিৱালৰ সৈতে হোৱা বৈঠকত উত্থাপন হৈছিল।



আগন্তুক দিনত দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা কোন হব সেই সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই। এই বিষয়টো সংসদীয় দলৰ পৰৱৰ্তী বৈঠকত আলোচনা কৰা হব। দৰাচলতে এইবাৰৰ নিৰ্বাচনত আপাত দৃষ্টিত দিল্লীত আপৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। ২০২০ৰ বিধানসভা নিৰ্বাচনত ৬২খন আসন লাভ কৰি ক্ষমতা অক্ষুণ্ণ ৰাখিছিল কেজৰিৱালৰ দলটোৱে। এই নিৰ্বাচনত সেই ৬২ ৰ সলনি সেই সংখ্যাটো ২২ হ’ল। ২৭ বছৰৰ পাছত দিল্লীৰ মচনদ লৈ উভতি আহিছে বিজেপিয়ে ৪৮খন আসন লাভ কৰি। কংগ্ৰেছে এই বাৰো ৭০টা বিধানসভা সমষ্টিৰ ভিতৰত এখনো আসন লাভ কৰিব নোৱাৰিলে।       

 




আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: