বাজেটত অসমৰ বাবে ভাল খবৰ, নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব ইউৰিয়া প্ৰকল্প
বি. চি ডেস্ক, ১ ফেব্ৰুৱাৰীঃ নামৰূপৰ
সাৰ কাৰখানাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে। এই সিদ্ধান্তৰ পাছত
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী আৰু
বিত্তমন্ত্ৰীক ধন্যবাদ জনাইছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এই উদ্যোগে অসমৰ অৰ্থনৈতিক
স্থিতিশীলতা বজাই ৰাখিবলৈ সহায় কৰিব আৰু লগতে চাকৰি সৃষ্টি কৰিব।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি কেন্দ্ৰীয়
বাজেট-২০২৫ দাখিল কৰিছে। এইবাৰ বাজেটত চাৰি খণ্ডক গুৰুত্ব দিয়া হৈছে - কৃষি, ক্ষুদ্ৰ
উদ্যোগ (MSME), বিনিয়োগ আৰু ৰপ্তানি। বাজেটৰ অন্যতম ডাঙৰ
ঘোষণা হ'ল আয়কৰ স্লেৱত পৰিৱৰ্তন, যাৰ
বাবে মধ্যবিত্ত শ্ৰেণীয়ে উপকৃত হ'ব। ১২ লাখ টকা পৰ্যন্ত
আয়কৰত ৰেহাই দিয়া হ’ব। লগতে, ক্ষুদ্ৰ
উদ্যোগ আৰু নতুন উদ্যোগীসকলৰ বাবে বিশেষ ৰেহাই দিয়া হৈছে।
ইফালে, মোবাইল ফোন, চাৰ্জাৰ,
কেন্সাৰ ঔষধ আদি সামগ্ৰীৰ ওপৰত কাষ্টম শুল্ক কমোৱা হৈছে। শিক্ষা আৰু
স্বাস্থ্য খণ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। বিশেষকৈ গাঁৱৰ
অঞ্চলসমূহত নতুন স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে, যাতে সাধাৰণ ৰাইজে সুবিধা লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰতো নতুন বিদ্যালয় আৰু
উচ্চ শিক্ষাৰ বাবে বিশেষ অনুদান আগবঢ়োৱা হৈছে।
অসমৰ বাবে এটা ভাল খবৰ যে, নামৰূপত ইউৰিয়া প্ৰকল্প
স্থাপনৰ কথা ঘোষণা কৰা হৈছে, য'ত বছৰি ১২.৭ লাখ
মেট্ৰিক টন ইউৰিয়া উৎপাদন হ’ব। এই সিদ্ধান্তক মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাই ‘ঐতিহাসিক’ বুলি
আখ্যা দিছে। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পাছত এইটো অসমৰ বাবে আন এক বৃহৎ
উদ্যোগ। এই উদ্যোগৰ দ্বাৰা কৃষকৰ বাবে সুলভ সাৰ লাভ কৰা সহজ হৈ পৰিব, যিয়ে কৃষকৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা
সীতাৰমণক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে কৈছে যে এই প্ৰকল্পৰ জৰিয়তে অসম
আত্মনিৰ্ভৰ হ’ব আৰু প্ৰাকৃতিক গেছৰ সদ্ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰকল্পৰ দ্বাৰা গেছৰ
যথাযথ ব্যৱহাৰ নিশ্চিত কৰা হ’ব আৰু উৎপাদনশীলতা বৃদ্ধি পাব।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই সিদ্ধান্তক
আদৰণি জনাইছে। তেওঁ সামাজিক মাধ্যমত লিখিছে যে কেন্দ্ৰীয় চৰকাৰে নামৰূপত ১২.৭ লাখ
মেট্ৰিক টন ক্ষমতাৰ ইউৰিয়া প্ৰকল্প ঘোষণা কৰিছে, যিয়ে অসমৰ কৃষিজীৱী
লোকৰ বাবে অত্যন্ত লাভজনক হ'ব। ইতিমধ্যে পূব ভাৰতৰ তিনিটা
বন্ধ ইউৰিয়া প্ৰকল্প পুনৰ আৰম্ভ কৰা হৈছে। এই নতুন উদ্যোগটোৰ দ্বাৰা নামৰূপ
অঞ্চলটো পুনৰ উন্নয়নৰ দিশত আগবাঢ়িব।
নামৰূপৰ সাৰ কাৰখানাৰ অৱস্থা বৰ্তমান ভাল নহয়। বহুদিন
ধৰি অসমবাসীয়ে ইয়াক পুনৰুজ্জীৱিত কৰাৰ দাবী কৰি আহিছে। ২০২২-২৩ বিত্তীয় বছৰত
উৎপাদন কিছু হৈছিল,
কিন্তু কাৰখানাটো পুনৰ অচল হৈ পৰিছিল। অৱশেষত কেন্দ্ৰীয় চৰকাৰে
বৃহৎ বিনিয়োগ কৰি এই প্ৰকল্প পুনৰ আৰম্ভ কৰাৰ ঘোষণা কৰিছে। এই ঘোষণাৰ পিছত
স্থানীয় ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছে, কাৰণ এই প্ৰকল্পৰ
দ্বাৰা বহু সংখ্যক চাকৰিৰ সুযোগ সৃষ্টি হ’ব।
এই ইউৰিয়া প্ৰকল্পৰ দ্বাৰা নামৰূপ অঞ্চলত নতুন নিয়োগৰ
সুযোগ সৃষ্টি হ'ব। স্থানীয় ৰাইজৰ বাবে ই এক ডাঙৰ লাভজনক উদ্যোগ হ'ব।
চৰকাৰে উন্নত প্ৰযুক্তিৰ সহায়ত উৎপাদন খৰচ কমাব আৰু সাৰৰ গুণগত মান উন্নত কৰিব।
উৎপাদন খৰচ কমি যোৱাত কৃষকে অধিক সস্তা মূল্যত উন্নত গুণমানৰ সাৰ পাব।
অসমৰ কৃষিজীৱী জনসাধাৰণৰ বাবে এই ঘোষণা বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ দ্বাৰা উন্নত মানৰ সুলভ মূল্যৰ সাৰ পাব। লগতে, এই উদ্যোগ অসমৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত বিশেষ সহায়ক হ'ব। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি এই উদ্যোগ সফল কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে।
0 coment rios: