৮৬ ফুট দৈৰ্ঘৰ জাপিৰে জিলিকিছে বজালীৰৰ ভট্টদেৱ ক্ষেত্ৰ
ভট্টদেৱ ক্ষেত্ৰৰ পৰা বিপুল আলীৰ প্ৰতিবেদন,
১ফেব্ৰুৱাৰীঃ
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা
অধিৱেশনত বিৰ দি বাট নোপোৱা অৱস্থা । পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুস্থিত হোৱা
এই অধিৱেশনত বহু মানুহে অংশ লৈছে। কিছুমানে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম উঠা বৃহৎ
জাপি চাবলৈ আহিছে,
আন কিছুমানে বিজ্ঞান মেলাত দেখুওৱা অস্ত্ৰ-শস্ত্ৰ চাবলৈ আহিছে।
বিজ্ঞান মেলাত কোটি কোটি টকাৰ মূল্যৰ অস্ত্ৰ-শস্ত্ৰ ওচৰৰ
পৰা চোৱাৰ সুযোগ পোৱাত সেই সুযোগত মানুহে তাকে চাবলৈ হেতা ওপৰা কৰিছে। সাহিত্য
সভাৰ আয়োজকসকলে সফলভাৱে এই অধিৱেশন পৰিচালনা কৰিছে। শুকুৰবাৰে পুৱা ৯ বজাত অধিৱেশন
আৰম্ভ হয়,
য’ত উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰণজিৎ
কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ উদ্বোধন কৰে।
এই অধিৱেশনত বিজ্ঞান মেলা, জনগোষ্ঠীয় গাঁও,
বজালী হাট, নাম প্ৰসংগ, নাটক
আদিৰ দৰে বিভিন্ন কাৰ্যসূচী অন্তৰ্ভুক্ত আছে। লোকসকলে ইয়াক ভাল পাইছে আৰু উৎসাহেৰে
অংশ লৈছে। সাহিত্য, বিজ্ঞান আৰু সংস্কৃতিৰ সংমিশ্ৰণে এই
অধিৱেশনক বিশেষ গৌৰৱজনক কৰি তুলিছে।
এই অধিৱেশনৰ ৮৬ ফুট দৈৰ্ঘ্যৰ জাপিটো ইণ্ডিয়া বুক অৱ
ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল
কুমাৰ গোস্বামীৰ মতে,
এই জাপিটো নলবাৰীৰ শিল্পীসকলে নিৰ্মাণ কৰিছে।
পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ এতিয়া সাহিত্য আৰু বিজ্ঞান
প্ৰেমীসকলৰ মিলনৰ স্থান হৈ পৰিছে। গোস্বামীয়ে উল্লেখ কৰে যে, ১৯৮৭
চনত পাঠশালা অধিৱেশনত প্ৰথমবাৰ গ্ৰন্থমেলা হৈছিল, আৰু এতিয়া
বিজ্ঞান মেলা অনুষ্ঠিত কৰি এক নতুন ইতিহাস সৃষ্টি কৰা হৈছে। ইয়াত শিশুসকলৰ বিজ্ঞান
মনোভাব উন্নত আৰু ভাৰতীয় সামৰিক ক্ষেত্ৰত উন্নতিৰ বিষয়টো সুমোৱা হৈছে।
সাহিত্যসভাত কবিসকলে নিজৰ কবিতা উপস্থাপন কৰিছে, ‘বাটৰ
কবিতাৰ গাঁও’ নামৰ অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ কবিসকলে অংশ
লৈছে।
এই অধিৱেশন আধুনিক সাহিত্য, ভাষা
সংৰক্ষণ, বিজ্ঞান, সংস্কৃতি আৰু
ঐতিহ্যৰ সংমিশ্ৰণে এক নতুন যুগ আৰম্ভ কৰিছে। পুথিভঁৰাল উন্নয়ন, অসমীয়া ভাষাৰ প্ৰসাৰ, নতুন সাহিত্যক উৎসাহ দিয়া
কৰ্মশালা আৰু আঞ্চলিক সাহিত্যৰ প্ৰদৰ্শনো এই অধিৱেশনৰ অংশ।
এই সাহিত্য সভা সাহিত্য অনুৰাগীসকলৰ বাবে এক স্মৰণীয় অভিজ্ঞতা হৈ পৰিছে। পাঠশালাৰ এই মহোৎসৱ সমগ্ৰ অসমবাসীৰ হৃদয়ত বিশেষ স্থান লাভ কৰিছে।
0 coment rios: