ৰাষ্ট্ৰপতিৰ শাসনৰ মাজতো অশান্ত মণিপুৰ
নেচনেল ডেস্ক, ১ এপ্ৰিলঃ ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পিছত কেন্দ্ৰই মণিপুৰত আফছপাৰ এলেকা আৰু সময়সীমা বৃদ্ধি কৰিছে। আগন্তুক ৬ মাহৰ বাবে সমগ্ৰ ৰাজ্যতে বলবৎ হ’ব সেনা বিশেষ ক্ষমতা আইন। কেৱল মণিপুৰতে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ আন দুখন ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আফছপা জাৰি কৰিছে।
১৩ ফেব্ৰুৱাৰীত অশান্তিগ্ৰস্ত মণিপুৰত ৰাষ্ট্ৰপতিৰ
শাসন জাপি দিয়া হৈছিল।তেতিয়াৰ
পৰাই ৰাজ্যৰ আইন-শৃংখলা উন্নত কৰাৰ বাবে কেন্দ্ৰই কাম আৰম্ভ কৰিছে। কেন্দ্ৰীয়
গৃহমন্ত্ৰী অমিত শ্বাহে সেই ৰাজ্যৰ নিৰাপত্তা বিষয়া আৰু প্ৰশাসনিক বিষয়াৰ সৈতে এক
পৰ্যালোচনা বৈঠকত মিলিত হয়।
সভাত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাও উপস্থিত
থাকে।
শ্বাহে এটা বাৰ্তা দিছিল যে ৮ মাৰ্চৰ ভিতৰত ৰাজ্যৰ
সকলো পথতে যান-বাহন চলাচল নিশ্চিত কৰিব লাগে।কিন্তু এতিয়াও মণিপুৰ বাৰে
বাৰে জ্বলি উঠিছে জুইৰ লেলিহান শিখা।
এনে পৰিস্থিতিত কেন্দ্রই উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ
কেইবাটাও নতুন এলেকাক এ এফ এছ পি এৰ অধীনলৈ আনিলে৷ দেওবাৰে অমিত শ্বাহৰ মন্ত্ৰালয়ে
এক বিবৃতি প্ৰকাশ কৰি কয় যে ১৩ খন থানা এলেকাৰ বাহিৰে সমগ্ৰ মণিপুৰতে আফছপা বলবৎ থাকিব। অৰুণাচল
প্ৰদেশৰ টিৰাপ, চাংলাং, লংডিং জিলা আৰু তিনিখন থানা এলেকাতো আফছপা জাৰি কৰা হৈছে। নাগালেণ্ডৰ
আঠখন জিলা আৰু ২১খন থানা এলেকাতো অহা ৬ মাহৰ বাবে আফছপা বলবৎ হ’ব।
সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (এ এফ এছ পি
এ ) বাতিলৰ দাবীত মণিপুৰত ইৰোম শৰ্মিলা চানুৱে
কৰা অনশনৰ বিষয়ে সকলোৱে জানে। কিন্তু
সেই আইনৰ বাবেই মণিপুৰত শান্তি ঘূৰাই আনিবলৈ হতাশ হৈ পৰিছে কেন্দ্ৰ।
0 coment rios: