Tuesday, April 1, 2025

চাৰি অসমীয়াক অপহৰণ কৰি নি নগাই কৰিলে মাৰপিট: মৰিয়নীৰ সীমান্তত উত্তেজনা

 চাৰি অসমীয়াক অপহৰণ কৰি নি নগাই কৰিলে মাৰপিট: মৰিয়নীৰ সীমান্তত উত্তেজনা  

বি. চি ডেস্ক, ১এপ্ৰিলঃ যোৰহাট জিলাৰ মৰিয়নী অঞ্চলৰ অসম-নগালেণ্ড সীমান্তত আকৌ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অসমৰ মাটি নগাই বেদখল কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ  উত্তপ্ত পৰিস্থিতিৰ । সোমবাৰে নিশা অস্ত্ৰধাৰী নগাই চেলেংহাটৰ ৰণখাম ৰজাবাৰী অঞ্চলৰ পৰা চাৰি অসমীয়াক অপহৰণ কৰে। এই অপহৰণৰ ঘটনাৰ পিচৰে পৰা সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে আতংকময় পৰিবেশ ।  

অপহৃত ব্যক্তিসকল হ’ল—বিক্রম প্ৰধান, জয়দীপ পাটৰ তাঁতী, আকাশ পাটৰ তাঁতী আৰু সঞ্জিত পাটৰ তাঁতী। স্থানীয় লোকসকলৰ মতে, এই ব্যক্তি সকল সীমান্ত অঞ্চলত ঘৰ-বাৰী ৰক্ষাৰ বাবে প্ৰতিবাদ কৰিছিল। সীমান্তৱৰ্তী এজন অসমীয়া লোকে এই সন্দৰ্ভত কয় যে, "বিগত বহুদিন ধৰি নগাই অসমৰ ভূমিত আগ্ৰাসন চলাই অহাৰ লগতে সীমান্তৱৰ্তী লোকসকলক হাৰাশাস্তি কৰি আহিছে ।অভিযোগ অনুসৰি, নগাই অপহৰণ কৰি তেওঁলোকক ভয়-ভীতি প্ৰদৰ্শন কৰাৰ লগতে শাৰীৰিক নিৰ্যাতন কৰে। অপহৰণৰ পিছত তেওঁলোকক গহীন অৰণ্যলৈ লৈ যোৱা হয় আৰু তাত তেওঁলোকৰওপৰত শাৰীৰীক প্ৰহাৰ কৰা হয়। 

এই ঘটনাৰ পিছতেই অসম আৰক্ষীৰ এক বৃহৎ দলে সীমান্ত অঞ্চলত উপস্থিত হয়, যদিও পৰিস্থিতি উত্তাপ্ত হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগ, নগাই বহুদিন ধৰি অসমীয়াক হাৰাশাস্তি কৰি আহিছে আৰু অসমৰ ভূমি দখল কৰাৰ চেষ্টা চলাইছে। স্থানীয় বহু অসমীয়াই দীৰ্ঘদিন ধৰি নগাৰ অত্যাচাৰৰ সন্মুখীন হৈছে, কিন্তু প্ৰশাসনে সঠিক পদক্ষেপ নলোৱাৰ অভিযোগ তুলিছে। 

অপহৃত লোকসকলে কান্দি কান্দি কয়, “নগাই আমাৰ মাটি দখল কৰাৰ পিছতো অসম চৰকাৰে আমাক কোনো সহায় কৰা নাই। যদি আমাৰ নিৰাপত্তা নিশ্চিত নকৰে, আমি অসম এৰি নাগালেণ্ডত চামিল হ’ব লাগিব।” তেওঁলোকৰ মতে, প্রতিটো দিন অসম-নগালেণ্ড সীমান্তত ভয় আৰু আশংকাৰ মাজত কাটিবলগীয়া হৈছে। যদি চৰকাৰ প্ৰশাসনে ততালিকাভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে সীমান্তৰ বহু অসমীয়াই নিজৰ পিতৃভূমি এৰি যাব লগা হ’ব। 

উল্লেখযোগ্য যে, নগাৰ দ্বাৰা অপহৃত লোকসকলক মুকলি কৰি দিয়াৰ সময়ত উকা কাগজত চহী কৰাই লয়। অপহৃতসকলে জনাই যে, নগাই বাহিনীয়ে তেওঁলোকক ভয়-ভীতি দেখুৱাই এই চহী কৰাইছিল। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় ৰাইজে আৰু অভিযোগ কৰে যে, নগাই বহু সময় ধৰি অসমত এই ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছে আৰু এতিয়ালৈ ইয়াৰ কোনো স্থায়ী সমাধান হোৱা নাই। 

এই ঘটনাৰ পিছতে জিলা প্ৰশাসনৰ সৈতে বৈঠক কৰা হয়, যদিও স্থানীয় ৰাইজৰ দাবী অনুসৰি কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। প্ৰতিবাদীসকলে কয়, যদি অসম চৰকাৰে সীমান্ত অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা নকৰে, তেন্তে তেওঁলোক নিজেই নিজৰ অধিকাৰৰ বাবে যুদ্ধ কৰিব। 

অসম-নগালেণ্ড সীমান্তত পুনৰ সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতিয়ে স্থানীয় ৰাইজৰ মাজত আশংকা বৃদ্ধি কৰিছে। ৰাইজে চৰকাৰক ততালিকে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে যাতে পুনৰ এনে অপৰাধ সংঘটিত নহয়।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: