Friday, April 11, 2025

কণ্ঠৰোধৰ চেষ্টা! ডিজিটেল ডাটা সুৰক্ষা আইনৰ দোহাই দি আৰটিআইক টেটু চেপাৰ পৰিকল্পনা মোডী চৰকাৰৰ

 কণ্ঠৰোধৰ চেষ্টা! ডিজিটেল ডাটা সুৰক্ষা আইনৰ দোহাই দি আৰটিআইক টেটু চেপাৰ পৰিকল্পনা  মোডী চৰকাৰৰ 

নেচনেল ডেস্ক, ১১এপ্ৰিলঃ ৱাকফ বিলৰ পাছত এতিয়া মোডী চৰকাৰ আৰু ইণ্ডিয়া জোঁটৰ মাজত ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন এক্ট (DPDP Act) লৈ নতুন সংঘাতৰ সূচনা হৈছে। বৃহস্পতিবাৰে ইণ্ডিয়া জোঁটে চৰকাৰৰ ওপৰত গভীৰ অভিযোগ উত্থাপন কৰি কয় যে সংসদীয় সমিতিক অন্ধকাৰত ৰাখি, সংগোপনে এই সংশোধনী অনা হৈছে, যাৰ লক্ষ্য হৈছে নাগৰিকসকলৰ তথ্য জানাৰ অধিকাৰক জলাঞ্জলী দিয়া।

বিৰোধীৰ দাবী অনুসৰি, এই সংশোধনী দ্বাৰা তথ্যৰ অধিকাৰ আইন (RTI Act)-ৰ এটা গুৰুত্বপূৰ্ণ ধাৰা বাতিল কৰা হৈছে, যিয়ে নাগৰিকৰ মৌলিক অধিকাৰক প্ৰভাৱিত কৰিব। ইণ্ডিয়া জোঁটৰ পক্ষৰ পৰা বৃহস্পতিবাৰে দিল্লীত এখন স্মাৰক পত্ৰ চৰকাৰলৈ আগবঢ়োৱা হয়, য’ত তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ওচৰত আবেদন জনোৱা হয় যে এই সংশোধনীৰ দ্বাৰা তথ্যৰ জনাৰ অধিকাৰ আইন খনৰ মৌলিক ৰূপ নষ্ট কৰা হ’ব।

কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে উল্লেখ কৰে যে ডিজিটেল ডাটা প্ৰটেকচন বিলত অন্তৰ্ভুক্ত ৪৪(৩) ধাৰাৰ দ্বাৰা তথ্যৰ জনাৰ অধিকাৰ আইনৰ ৮(১) ধাৰাটো কার্যতঃ অমান্য কৰা হৈছে। তেওঁ কয়, তথ্যৰ জনাৰ অধিকাৰ আইনত কোৱা হৈছে যে যদি কোনো ব্যক্তিগত তথ্য জনস্বাৰ্থৰ ক্ষেত্ৰত প্ৰাসংগিক হয়, তেন্তে সেই তথ্য প্ৰকাশ কৰিব লাগিব। কিন্তু নতুন আইনৰ অধীনত, এনেধৰণৰ তথ্য জনস্বাৰ্থৰ হানিকৰ হ’লেও, একাংশ তথ্য প্ৰকাশ কৰাটো নিষিদ্ধ হ’ব।

উদাহৰণস্বৰূপে গগৈয়ে কয়, "যদি বিহাৰত এখন দলং ভাঙি পৰে, আৰু কোনো লোকে তথ্যৰ জনাৰ অধিকাৰ আইনৰ জৰিয়তে ঠিকাদাৰৰ বিষয়ে তথ্য বিচাৰে – ঠিকাদাৰ কোন আছিল, কিমান টকাৰ চুক্তি হৈছিল – তেন্তে সেই তথ্য তেওঁ পাব নোৱাৰিব? কিয়নো সেইটো 'ব্যক্তিগত' তথ্য বুলি গণ্য কৰা হ’ব।" তেওঁ যুক্তি দিয়ে যে এই আইনে দুর্নীতি ঢাকিবলৈ ব্যৱহাৰ হ’ব পাৰে।

বিৰোধীসকলে দাবী কৰিছে যে তথ্যৰ জনাৰ অধিকাৰ আইন খন বিকল্প সাংবাদিকতা আৰু সমাজিক সক্ৰিয় লোকক সহায় কৰিছিল, যাৰ জৰিয়তে বহু দুৰ্নীতি আৰু অপব্যৱস্থা জনতাৰ মাজলৈ আহিছিল। কেন্দ্ৰ চৰকাৰে এই ধাৰা ৰোধ কৰিবলৈ ইচ্ছাকৃতভাৱে তথ্য জানাৰ অধিকাৰ খিনি কমাব খোজিছে।

ইপিনে, তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সকলো অভিযোগ খণ্ডন কৰিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশলৈ এখন পত্ৰ লিখি তেওঁ দাবী কৰে যে ডিপিডিপি আইনখনে আৰটিআই আইনৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, বৰঞ্চ এই দুখন আইন একে লগে সমন্বয়ৰ ভিত্তিত কাম কৰিব।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে স্পষ্টকৈ কয় যে ব্যক্তিগত তথ্য সুৰক্ষা হৈছে নাগৰিকৰ মৌলিক অধিকাৰ, যিটো সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদৰ অধীনত সংৰক্ষিত। এই অধিকাৰৰ প্ৰতি সম্মান জনাই আইনে ব্যক্তিগত তথ্য ৰক্ষা কৰাৰ দিশে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

তেওঁ লগতে কয়, “যদি কোনো তথ্য জনহিতত জড়িত – যেনে কোনো জনকল্যাণমূলক আঁচনি, স্বাস্থ্য বা শিক্ষা – তেন্তে সেই তথ্য আগতিয়াকৈয়েই প্ৰকাশযোগ্য। এই ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই।”

যদিও চৰকাৰে স্পষ্ট ব্যাখ্যা আগবঢ়াইছে, ইণ্ডিয়া জোঁট এই যুক্তি গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়। তেওঁলোকে ইংগিত দিয়ে যে এই বিষয়ে আইনগত পদক্ষেপ গ্ৰহণৰ সম্ভাৱনাও খুলি ৰাখিছে। অৰ্থাৎ, এই সংঘাত আৰু অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: