Saturday, April 12, 2025

উমৰাংছ' কয়লাখনি দুৰ্ঘটনা: ২১ এপ্ৰিলত হ’ব ৰাজহুৱা শুনানি

 উমৰাংছ' কয়লাখনি দুৰ্ঘটনা: ২১ এপ্ৰিলত হ’ব ৰাজহুৱা শুনানি

বি. চি ডেস্ক, ১২ এপ্ৰিলঃ উমৰাংছ' কয়লাখনিৰ ভয়ংকৰ দুৰ্ঘটনাৰ কথা মনত পৰিলেই গা শিহৰি উঠে। অসমত সংঘটিত হোৱা এই গভীৰ শোকজনক ঘটনাটো কেতিয়াও পাহৰিব নোৱাৰি। এই দুৰ্ঘটনাটোত কেৱল কিছু জীৱন হেৰুৱাইছিল সেই কথা নহয়, বৰং বহু পৰিয়াললৈ চিৰ দিনৰ বাবে অন্ধকাৰ নমাই আনিছিল। আজিও এই দুৰ্ঘটনাৰ বাবে দায়ী কোন, কিয় এনে ঘটনা ঘটিবলৈ পালে— সেই লৈ আজিও বহুতে বহু প্ৰশ্নৰ অৱতাৰণা কৰে ৷

এই দুৰ্ঘটনাৰ পটভূমিত অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এক তদন্ত কমিটী গঠন কৰিছিল। উমৰাংছ'ৰ তিনিকিলো কলামাটিত সংঘটিত কয়লা খনি দুৰ্ঘটনাটোৰ গভীৰ তদন্ত অব্যাহত আছে। এই তদন্তৰ মূল উদ্দেশ্য হৈছে ঘটনা সন্দৰ্ভত সত্য উদঘাটন কৰা, দায়ী ব্যক্তি, সংস্থা আদিৰ নাম জনসাধাৰণৰ আগত উন্মোচন কৰা আৰু ভবিষ্যতে এনেধৰণৰ ঘটনা নঘটাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা।

এই উদ্দেশ্যতে ২০২৫ চনৰ ২৪ জানুৱাৰীত অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে স্মাৰক নং ১০ৰ জৰিয়তে এক চৰকাৰী জাননী জাৰি কৰিছিল। তদুপৰি, ১১ এপ্ৰিলত চৰকাৰে পুনৰ এক ৰাজহুৱা জাননী জাৰি কৰি ঘোষণা কৰে যে তদন্ত আয়োগে অহা ২১ এপ্ৰিলত ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিব। উক্ত শুনানিত সম্ভাব্য সকলো তথ্য সংগ্ৰহ কৰা হ’ব আৰু যিসকলে মৌখিক বা লিখিত প্ৰমাণ দিব বিচাৰে, তেওঁলোকক উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে।

উল্লেখযোগ্য যে, ৬ জানুৱাৰীত সংঘটিত এই দুৰ্ঘটনাত মাটিৰ তলত কাম কৰি থকা ৯ জন শ্ৰমিকৰ অকাল মৃত্যু ঘটে। তেওঁলোকে খনিৰ ভিতৰত আৱদ্ধ হৈ পৰি জীৱন হেৰুৱাইছিল। তদন্ত আয়োগৰ লক্ষ্য হৈছে ৰেটহ'ল খননৰ দৰে অবৈধ কাৰ্যকলাপৰ পেছত থকা ব্যক্তি বা সংগঠনসমূহক চিনাক্ত কৰা। একে সময়তে চোৱা হ’ব যে কোনো চৰকাৰী কৰ্তৃপক্ষৰ গাফিলতি, অপৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা, বা খনি আইনৰ বিধি উলংঘন এই দুৰ্ঘটনাৰ কাৰণ নেকি। যদি এনে ধৰণৰ গাফিলতি পোৱা যায়, তেন্তে সেইটো ভবিষ্যততে এনে ঘটনা পুনৰ নঘটাবলৈ নতুন নীতি নিৰ্দেশনা গঠন কৰাৰ ক্ষেত্ৰত সহায় হ’ব।

তদন্ত আয়োগে লগতে প্ৰাসংগিক আন দিশবোৰ যেনে পৰিৱেশগত প্ৰভাৱ, স্থানীয় জনসাধাৰণৰ ক্ষতি, পুনৰবাসনৰ প্ৰয়াসৰ ওপৰতো আলোকপাত কৰিব। এইবোৰ দিশ বিশ্লেষণ কৰি, আয়োগে এক বিস্তৃত আৰু সুসংগঠিত প্ৰতিবেদন প্ৰস্তুত কৰিব, যিটো অসমৰ খনি ব্যৱস্থাপনাত এক দিশ-নিৰ্দেশক হিচাপে বিবেচিত হ’ব।

এই শুনানি ডিমা হাচাও জিলাৰ উমৰাংছ'ত থকা নৰ্থ ইষ্টাৰ্ণ পাৱাৰ কৰ্পৰেশ্যন লিমিটেড (নীপকো)-ৰ প্লাণ্ট অফিচ বিল্ডিঙৰ কনফাৰেন্স হলত অনুষ্ঠিত হ’ব । ২১ এপ্ৰিল পুৱা ১০:৩০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ চলা এই শুনানিত তদন্ত আয়োগে প্ৰমাণ, বক্তব্য, আৰু প্ৰতিবেদন সংগ্ৰহ কৰিব। আয়োগে ব্যক্তিগতভাৱে ব্যক্তি, সংগঠন, আৰু ভুক্তভোগী পৰিয়ালৰ সদস্যসকলক আমন্ত্ৰণ জনাইছে, যাতে তেওঁলোকে যিকোনো ধৰণৰ তথ্য, কাগজপত্ৰ, বা মৌখিক বক্তব্য আয়োগৰ সন্মুখত দাঙি ধৰিব পাৰে। 

তদন্ত আয়োগে স্পষ্টকৈ জানিবলৈ দিছে যে, যিসকলৰ হাতত এই দুৰ্ঘটনা সন্দৰ্ভত কোনো ধৰণৰ প্ৰমাণ, তথ্য, বা অভিজ্ঞতা আছে আৰু যিসকলে তদন্ত প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক, তেওঁলোকে নিৰ্ধাৰিত সময়ত নিপকোৰ কনফাৰেন্স হলত উপস্থিত থাকিবলৈ কয়।

এই শুনানিৰ জৰিয়তে ৬ জানুৱাৰীত উমৰাংছ'ৰ তিনিকিলো কলামাটিত কাজ কৰি থকা ৯ জন শ্ৰমিকৰ কয়লা খনিৰ ভিতৰতে মৃত্যু হোৱা বুলি নিশ্চিত কৰা বিষাদজনক ঘটনাটোৰ মেৰপেছত থকা সঁচা ঘটনাসমূহৰ লগতে দোষী ব্যক্তি বা পক্ষসমূহৰ লগতে প্রশাসনিক গাফিলতিৰ ছবিখন অধিক স্পষ্টভাৱে জনসাধাৰণৰ আগত অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এই শুনানিৰ ফলাফল আৰু চৰকাৰী পদক্ষেপসমূহৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি কেন্দ্ৰীভূত হৈছে।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: