Friday, April 11, 2025

এনডিএৰ পূৰ্ণ প্ৰস্তুতি: মুখ্যমন্ত্ৰী ২৭ খন আৰু দিলীপ শইকীয়াই ৫০তকৈ অধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব

 এনডিএৰ পূৰ্ণ প্ৰস্তুতি: মুখ্যমন্ত্ৰী ২৭ খন আৰু দিলীপ শইকীয়াই ৫০তকৈ অধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব

বি. চি ডেস্ক, ১১এপ্ৰিলঃ পঞ্চায়ত নিৰ্বাচনৰ দিন ওচৰ চাপি আহিছে আৰু এতিয়া কেৱল মাত্ৰ কেইটামান দিন বাকী। অহা ২ আৰু ৭ মে’ তাৰিখে দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই পঞ্চায়ত নিৰ্বাচনৰ বাবে এনডিএ মিত্ৰজোঁটে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে। দলটোৰ মণ্ডল, জিলা তথা ৰাজ্যিক পৰ্যায়ত এক বিস্তৃত পৰিকল্পনা গ্ৰহণ কৰা হৈছে। মিত্ৰ দলসমূহৰ সৈতে একাধিক বৈঠক অনুষ্ঠিত কৰি, ৰাজ্যিক প্রতিনিধিসকলৰ সহায়ত অঞ্চলভিত্তিক আলোচনাৰ জৰিয়তে সৰ্বসন্মতিক ভিত্তিত ৰাইজৰ মাজৰ পৰা প্ৰাৰ্থীসকলক বাছনি কৰা হৈছে। এইবাৰ দলটোৰ উদ্দেশ্য হ’ল, স্থানীয় জনতাৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰা প্ৰাৰ্থীক টিকট দিয়া।

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সমগ্ৰ ৰাজ্যৰ সকলো স্তৰৰ কাৰ্যকৰ্তাসকলক নিজ নিজ অঞ্চলত অধিক সক্ৰিয়ভাৱে প্ৰচাৰ, জনসংযোগ আৰু দলীয় সমন্বয় বৃদ্ধিৰ আহ্বান জনাইছে। তেওঁ প্ৰকাশ কৰিছে যে, এইবাৰ দলটোৰ লক্ষ্য কেৱল জয় নহয়, বৰং সকলো আসনত এক বৃহৎ ভোট ব্যৱধানৰে জয়লাভ কৰা। তাৰ বাবে প্ৰাৰ্থীসকলৰ লগতে প্ৰতিজন কাৰ্যকৰ্তাই একাগ্ৰতা আৰু উৎসাহৰে জনতাৰ মাজত কাম কৰাৰ বাবে সাজু হৈ থাকিব লাগিব।

৩৯৭ খন জিলা পৰিষদৰ আসনৰ ভিতৰত এতিয়ালৈকে ৩১৮ খনত এনডিএ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ইয়াৰে ৭৪ খন আসন অগপক প্ৰদান কৰা হৈছে আৰু বাকী আসনসমূহো আন আন মিত্ৰদলসমূহৰ মাজত উপযুক্ত আলোচনা আৰু বুজাবুজিৰ ভিত্তিত সুবিচাৰে বণ্টন কৰা হৈছে। দিলীপ শইকীয়াই স্পষ্টকৈ কয় যে, মিত্ৰতা কেৱল নামত নহয়, ই সততা, বিশ্বাস আৰু মৰ্যাদাৰে পূৰ্ণ হ’ব লাগিব। যদি মিত্ৰতাৰ ধৰ্ম সঁচাকৈ মানি চলা হয়, তেন্তে মিত্ৰতা অধিক দৃঢ় হয় আৰু এই ধৰণৰ সুসংগঠিত সহযোগিতাই গণতান্ত্ৰিক ব্যৱস্থাক অধিক শক্তিশালী কৰে।

ইপিনে, বিৰোধী দলসমূহৰ মাজত মিত্ৰতাৰ নামত বিভাজন আৰু মতানৈক্য স্পষ্টভাৱে দেখা গৈছে। তাৰ বিপৰীতে এনডিএ জোঁটে এবদ্ধভাৱে এক শক্তিশালী প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছে। ইতিমধ্যে বিজেপিয়ে জিলা পৰিষদৰ লগতে ২১৫৭ খন আঞ্চলিক পঞ্চায়তৰ অধিকাংশ আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কালি নিশা নাম ঘোষণা হোৱাৰ পিছতেই বহু প্ৰাৰ্থীয়ে নিজ নিজ মণ্ডল আৰু ব্লকৰ কাৰ্যালয়সমূহত মনোনয়ন পত্ৰ দাখিল কৰিছে, যাৰ ফলত দলটোৰ প্ৰচাৰ অভিযানত এক নতুন গতি আহিছে।

বাকী থকা ৫ খন জিলা পৰিষদ আসনৰ বাবে আজি এনডিএ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এই ৫ খন আসনৰ ভিতৰত ৪ খনত মহিলা প্ৰাৰ্থী আৰু এখনত পুৰুষ প্ৰাৰ্থীক মনোনীত কৰা হৈছে। এই সিদ্ধান্তৰ জৰিয়তে দলটোৰ মহিলা অংশীদাৰিত্বৰ ওপৰত দৃষ্টিভংগী স্পষ্ট হৈছে। মুঠত ১৭৬ খন আসনত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হৈছে, যি দলটোৰ মহিলাসমাজৰ প্ৰতি বদ্ধতাৰ প্ৰতিফলন হিচাপে বিবেচনা কৰা হৈছে।

২১৫৭ খন আঞ্চলিক পঞ্চায়তৰ আসনৰ ক্ষেত্ৰতো যথাযোগ্য আলোচনা আৰু পৰিকল্পনাৰে আসনৰ ভাগ-বতৰা সম্পন্ন কৰা হৈছে। মনোনয়ন পত্ৰ দাখিলৰ লগে লগে সমগ্ৰ এনডিএ জোঁটৰ কার্যকৰ্তাসকলে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে । বিভিন্ন গাঁও, চহৰ আৰু জনবসতিত প্ৰচাৰ সভা, দ্বৰস্ত অভিযান আৰু সামাজিক মাধ্যমৰ জৰিয়তে জনতালৈ দলটোৰ বার্তা প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৭ খন জনসভা সম্বোধন কৰিব বুলি জানিব পৰা গৈছে, আৰু দিলীপ শইকীয়াই ৫০তকৈ অধিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। দলটোৰ শীৰ্ষ নেতাসকলে নিৰ্বাচনী ক্ষেত্ৰত প্ৰৱেশ কৰি জনসংযোগ শক্তিশালী কৰাৰ লগতে গাঁৱৰ ভোটাৰসকলৰ সৈতে আত্মিক সম্পৰ্ক গঢ়ি তুলিছে।

মুঠতে, কংগ্ৰেছৰ ভিতৰুৱা মতভেদ, সংগঠনৰ দুৰ্বলতা, আৰু নেতৃত্বৰ অভাৱৰ পটভূমিত এনডিএ আৰু বিজেপিয়ে অধিক আগ্ৰাসী, সংগঠিত আৰু সজাগ ৰূপত এইবাৰ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। দলটোৰ লক্ষ্য হৈছে – কেৱল জয়লাভ নহয়, লগতে দলীয় আদৰ্শ আৰু শাসনৰ দৃষ্টিভংগী গাঁৱে-গাঁৱে জনতাৰ মাজত বিস্তাৰ কৰা। এনডিএৰ এই সুসংগঠিত আৰু কৌশলী পদক্ষেপই তেওঁলোকক পঞ্চায়ত নিৰ্বাচনত অধিক লাভবান কৰি তুলিব বুলি অনুমান কৰা হৈছে।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: