Tuesday, April 1, 2025

আৰ এছ এছৰ দৰবাৰলৈ গৈ কোনো লাভ নহ'ল, ছেপ্টেম্বৰতে মোডীৰ অৱসৰ

 আৰ এছ এছৰ দৰবাৰলৈ গৈ কোনো লাভ নহ'ল, ছেপ্টেম্বৰতে মোডীৰ অৱসৰ 

নেচনেল ডেস্ক, ১এপ্ৰিলঃ সংঘৰ দৰবাৰলৈ যোৱাৰ পিছতো বৰফ নগলিল নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাগপুৰ ভ্ৰমণৰ মাত্ৰ এদিন পিছতে শিৱসেনাৰ (উদ্ধবপন্থী) মুখপাত্ৰ সঞ্জয় ৰাউতে কৰা দাবীয়ে এই জল্পনা-কল্পনাক আৰু অধিক শক্তিশালী কৰি তুলিছে। তেওঁৰ স্পষ্ট বক্তব্য হ’ল, ‘ছেপ্টেম্বৰৰ পিছত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী নাথাকিব।’ কিয় ? সঞ্জয় ৰাউতৰ পোনপোটীয়া উত্তৰ, ‘নৰেন্দ্ৰ মোডীয়ে ছেপ্টেম্বৰ মাহত ৭৫ বছৰ সম্পূৰ্ণ কৰিব। তেওঁ সৃষ্টি কৰা অকথিত নিয়মৰ জালত তেওঁ নিজেই পৰিছে। "এইবাৰ তেওঁৰ ঠাইত আন স্থলাভিষিক্ত হ'ব।"

সোমবাৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে মোডীয়ে ১০ বছৰৰ ভিতৰত এবাৰো নাগপুৰৰ আৰ এছ এছৰ কাৰ্যালয়লৈ যাবলৈ সময় পোৱা নাছিল। তেনেহ'লে এই বছৰ কিয়? কাৰণ তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰ এছ এছৰ পৰাই আৰম্ভ হৈছিল। সংঘইহে তেওঁক প্ৰধানমন্ত্ৰীৰ আসনলৈ লৈ আহিছিল। গতিকে তেওঁ হয়তো অৱসৰৰ আৱেদন জমা দিবলৈ নাগপুৰলৈ গৈছিল।

শিৱসেনা আৰু বিজেপিৰ মিত্ৰতা নব্বৈৰ দশকৰ পৰা আৰম্ভ হৈছিল। বালাছাহেব থাকৰে আৰু লাল কৃষ্ণ আদৱানীৰ যৌথ উদ্যোগত এই মিত্ৰতা স্থাপন কৰা হয়। বহু উত্থান-পতনৰ পিছতো সেই মিত্ৰতা ভংগ হোৱা নাছিল। কিন্তু নৰেন্দ্ৰ মোডী ক্ষমতালৈ অহাৰ পাছত অসন্মানী হৈ শিৱসেনাই মিত্ৰতাৰ সম্পৰ্ক বিচ্ছিন্ন কৰিলে। সেয়া ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত। 

দীঘলীয়া যাত্ৰাত মহাৰাষ্ট্ৰৰ বিজেপি, শিৱসেনা আৰু আৰএছএছৰ মাজৰ ৰসায়ন সদায় ঘনিষ্ঠ হৈ আছিল। আৰু সেইবাবেই শিৱসেনাই সংঘৰ আভ্যন্তৰীণ গতিবিধিৰ বিষয়ে অতি ভালদৰেই জানে। ইয়াৰ প্ৰমাণ আজি সঞ্জয় ৰাউতৰ মন্তব্যত পোৱা গৈছে। তেওঁ কয়, ‘আমি তথ্য নিশ্চিত কৰিছো যে আৰ এছ এছে এতিয়া প্ৰধানমন্ত্ৰীৰ পদৰ পৰিৱৰ্তন বিচাৰিছে। অহা ছেপ্টেম্বৰৰ পিছত মোডীক সেই স্থানত ৰাখিবলৈ তেওঁলোক অনিচ্ছুক।' ইয়াতেই শেষ নহয়। তেওঁৰ দাবী, "মোডীৰ উত্তৰাধিকাৰী অৰ্থাৎ পৰৱৰ্তী প্ৰধানমন্ত্ৰী মহাৰাষ্ট্ৰৰ হ'ব।" ৰাউতৰ এই মন্তব্যই আৰু অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰণ, এনে উৰাবাতৰি বিয়পোৱাৰ আঁৰত শিৱসেনাৰ মূল লক্ষ্য হৈছে বিজেপিৰ মাজতো চৰম সন্দেহ বিয়পাই দিয়া। অকথিত এই বাৰ্তাৰ দ্বৰা ইয়াকো বুজাই দিয়া হৈছে যে, অমিত শ্বাহ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ সংঘৰ পছন্দৰ ব্যক্তি নহয়। 

তেনে হ'লে কোন? মহাৰাষ্ট্ৰৰ পৰা বাছনি কৰাৰ কথা আহিলে নিশ্চিতভাৱে মনলৈ অহা নামবোৰ হ’ল নীতিন গাডকাৰী আৰু দেৱেন্দ্ৰ ফাদনবী। দুয়োজনেই আৰ এছ এছৰ ওচৰৰ। তদুপৰি নাগপুৰৰ বিধায়ক ফাদনবিছ। নাগপুৰৰ সাংসদ গডকাৰী। সঞ্জয় ৰাউতৰ বিস্ফোৰক মন্তব্যই বিজেপিক যে অস্বস্তিকৰ কৰি তুলিছে তাৰ প্ৰমাণ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছৰ প্ৰতিক্ৰিয়া। এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ এক বিশদ বিবৃতি প্ৰকাশ কৰে। সেই মন্তব্য খণ্ডন কৰি তেওঁ কয় যে আমাৰ নেতা নৰেন্দ্ৰ মোডী। আগন্তুক দিনতো তেওঁৱেই থাকিব। আমি তেওঁক ২০২৯ চনতো প্ৰধানমন্ত্ৰী হিচাপে বিচাৰো। গতিকে শিৱসেনাৰ এই মন্তব্য ৰাজনৈতিক অশান্তিৰ সৃষ্টিৰ প্ৰয়াস। ইয়াৰ কোনো সত্যতা নাই।

বিজেপিৰ সভাপতি হৈছিল অমিত শ্বাহ। জগৎপ্রকাশ নাড্ডাও। এই নামবোৰৰ সিদ্ধান্ত ল’বলৈ মোদীয়ে কেতিয়াও আৰ এছ এছৰ মুখ্য কাৰ্যালয়লৈ যাব লগা হোৱা নাছিল। আলোচনা হ’লেও সেই বোৰ লুকাই আছিল। এইবাৰ মোডীয়ে হঠাৎ নাগপুৰলৈ যাব লগা হ’ল কেৱল তেওঁ সৰ্বভাৰতীয় সভাপতি ঘোষণা কৰাৰ সিদ্ধান্ত ল’বলৈ নেকি, যিটো ৰাজনৈতিকভাৱে বিশ্বাসযোগ্য নহয়। সেইবাবেই প্ৰশ্ন আৰু জল্পনা-কল্পনাৰ সৃষ্টি হৈয়েই আছে, মোডীৰ ভ্ৰমণৰ প্ৰকৃত কাৰণ কি? সঁচাকৈয়ে ছেপ্টেম্বৰৰ আগতে কোনো ডাঙৰ ৰাজনৈতিক পট পৰিবৰ্তন হ’ব নেকি?


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: