অসমত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্ণপ্ৰস্তুতিত ব্যস্ত নিৰ্বাচন আয়োগ
বি. চি ডেস্ক, ১১এপ্ৰিলঃ আসন্ন পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে অধিক সংগঠিত আৰু বিস্তৃতভাৱে কাম আৰম্ভ কৰিছে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সফলতা নিশ্চিত কৰিবলৈ, আয়োগে পৰ্যাপ্ত পৰিকল্পনা আৰু সংহত ব্যৱস্থা গ্ৰহণ কৰিছে যাতে নিৰ্বাচনী প্ৰক্ৰিয়া সঠিকভাৱে সম্পন্ন হয়। এইবাৰ, নিৰ্বাচনী ব্যৱস্থাক অধিক ফলপ্ৰসূ আৰু সুচল কৰিবলৈ বেলট বাকচ বিতৰণ, বেলট বাকচ সংগ্ৰহৰ ব্যৱস্থা কৰাৰ লগতে ষ্ট্ৰং ৰুম আৰু ভোটগণনা কেন্দ্ৰ একেটা চৌহদত স্থাপন কৰাৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হৈছে। এই ব্যৱস্থাই পৰিচালনাত সুবিধা সৃষ্টি কৰাৰ লগতে নিৰ্বাচনী পৰিসৰত স্বচ্ছতা, নিয়ম-শৃংখলা আৰু নিৰাপত্তা অধিক মজবুত কৰিব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত, জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণত থাকে আৰু কোনো ধৰণৰ বিঘ্নত পৰিণত নোহোৱাকৈ সমগ্ৰ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হয়।
ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা এক নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, যি বোৰ স্থানত এই কেন্দ্ৰসমূহ স্থাপন হ'ব, সেই স্থানসমূহত প্ৰয়োজন অনুযায়ী যথেষ্ট ঠাই, প্ৰৱেশৰ সুবিধা, বিদ্যুৎ আৰু পানীৰ সুবিধা, লগতে দ্ৰুত সুৰক্ষা সঁজুলি উপলব্ধ থাকিব লাগিব। কেন্দ্ৰসমূহ একেটা স্থানত স্থাপন কৰাৰ মূখ্য উদ্দেশ্য হ'ল নিৰাপত্তা নিশ্চিতকৰণ, তদাৰকি সহজ কৰা, লগতে ভোট দাতাসকলৰ সুবিধা নিশ্চিত কৰা। এই প্ৰচেষ্টাই এক গঠনত্মক পৰিবেশৰ সৃষ্টি কৰিব আৰু একে সময়তে বহুতো অপ্রয়োজনীয় খৰচ, সময় আৰু মানৱ সম্পদৰ অপব্যয় হ্ৰাস কৰিব। পৃথক স্থানত কেন্দ্ৰ স্থাপন কৰা নযাব, এইবাৰ সেই বিষয়ে এক নিৰ্দেশনা জাৰি কৰা হৈছে।
ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনৰ নিৰাপত্তা ব্যৱস্থা সুসংহত কৰি তুলিবলৈ আৰক্ষী সঞ্চালক প্ৰধানলৈ এক গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰৰ মাধ্যমে জানিবলৈ দিয়া হৈছে যে, নিৰাপত্তাৰ ক্ষেত্ৰত কোনোধৰণৰ আপচ গ্ৰহণযোগ্য নহ’ব। এই সন্দৰ্ভত, জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে সমন্বয় সহকাৰে একেলগে কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে যিকোনো সম্ভাব্য বিঘ্ন আগতেই ৰোধ কৰিব পৰা যায়। ভোটদান কেন্দ্ৰসমূহত বিশেষ নিৰাপত্তা বাহিনী, চি.চি.টিভি পর্যবেক্ষণ, কন্ট্ৰ'ল ৰুম স্থাপন আৰু তৎকালীন বতৰ সংক্রান্ত খবৰৰ ভিত্তিত সচেতনতামূলক পদক্ষেপ গ্ৰহণ কৰাৰো পৰামৰ্শ দিয়া হৈছে।
আগন্তুক পঞ্চায়ত নিৰ্বাচন অহা ২ মে’ আৰু ৭ মে’ তাৰিখে দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। এই দুয়োটা পৰ্যায়ত সমগ্ৰ ৰাজ্যজুৰি ভোটদান সম্পন্ন হ’ব, আৰু তাৰ বাবে অঞ্চলভেদে বিভিন্ন জিলা প্ৰশাসনে নিৰ্বাচনী প্ৰস্তুতি চলাই আছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হিচাপে ১১ এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছে। এই সময়ছোৱাত প্ৰাৰ্থীসকলৰ বাবে নিজৰ নাম নথিভুক্ত কৰা অত্যন্ত জৰুৰী, আৰু নিৰ্বাচন প্ৰচাৰৰ বাবে স্বচ্ছ আৰু ন্যায্য পৰিসৰ নিশ্চিত কৰিবলৈ আয়োগে সময়ত সকলো তথ্য প্ৰকাশ কৰিছে।
আনহাতে, মুখ্য ৰাজনৈতিক দলসমূহে এতিয়ালৈকে চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা নকৰা পৰিস্থিতিত মনোনয়ন দাখিলৰ দিনবোৰত অধিক চাপ পৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে এক বিবৃতিত উল্লেখ কৰে, “যোৱা কেইটামান দিনত মনোনয়ন পত্ৰ দাখিলৰ সংখ্যা উল্লেখযোগ্যভাৱে কম আছিল। যদিও বৰ্তমান কিছুসংখ্যক মনোনয়ন পত্ৰ জমা পৰিছে, তথাপি সাধাৰণতে শেষ দিনতহে সৰ্বাধিক পত্ৰ জমা পৰে। এতিয়ালৈ আহি থকা মনোনয়ন পত্ৰসমূহৰ সঠিক সংখ্যা স্পষ্টকৈ ক’ব পৰা নাযায়, কিয়নো প্ৰক্ৰিয়া এতিয়াও চলি আছে। ১২ এপ্ৰিলত দাখিল হোৱা সকলো মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ’ব। ১৭ এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন, যিসকল প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা নকৰিব বিচাৰে তেওঁলোকে এই তাৰিখৰ ভিতৰত নিজৰ আবেদন জমা দিব লাগিব। ১৭ এপ্ৰিলতহে চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ’ব।”
পঞ্চায়ত নিৰ্বাচন শান্তিপূৰ্ণ, নিৰপেক্ষ আৰু সুচাৰুভাৱে অনুষ্ঠিত হোৱাটো নিশ্চিত কৰাৰ লক্ষ্যৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জিলা প্ৰশাসন, নিৰাপত্তা সংস্থা, ৰাজনৈতিক দল আৰু সাধাৰণ জনতাৰ সহযোগিতাৰে কাম কৰি আছে। ভোটাৰসকলৰ সুবিধা, নিৰাপত্তা, স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা সুনিশ্চিত কৰিবলৈ সকলো আয়োজন সম্পন্ন হোৱাৰ দিশে অগ্ৰসৰ হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ ।
0 coment rios: