Thursday, April 10, 2025

৪০ ডিগ্ৰী গৰমতো কম্বল বিতৰণ, বিহাৰৰ বিজেপি মন্ত্ৰীৰ!

 ৪০ ডিগ্ৰী গৰমতো কম্বল বিতৰণ, বিহাৰৰ বিজেপি মন্ত্ৰীৰ!

নেচনেল ডেস্ক, ১০এপ্ৰিলঃ বিহাৰৰ বেগুছৰাই বৰ্তমান এপ্ৰিল মাহীয়া ৪০ ডিগ্ৰী গৰমত জ্বলি আছে। অৱশ্যে কম্বল বিতৰণ কৰাৰ কথা ঘোষণা কৰে এগৰাকী মন্ত্ৰীয়ে। আৰু সেই কথা শুনি প্ৰায় ৭০০ জন লোকে অহিয়াপুৰ গাঁৱত গোট খায়। বচোৱাৰা বিজেপিৰ বিধায়ক তথা ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী সুৰেন্দ্ৰ মেহতাই প্ৰচণ্ড গৰম আৰু ৰ’দত দুর্গতজনৰ হাতত একোখন কৈ গৰম কম্বল তুলি দি মিচিকিয়া হাঁহিৰে তোলা এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাক তীব্ৰ সমালোচনা কৰিছে বিৰোধী শিবিৰে। তেওঁলোকে কয় যে যদি সমাজ সেৱা কৰিব লাগে তেন্তে শীতকালতো কম্বল দান কৰিব লাগিছিল। এই ভৰ গৰমত হঠাৎ কম্বল বিলাই দিয়াৰ অৰ্থ প্ৰচাৰ পোৱাৰ বাহিৰে আন একো নহয়। যোৱা ৬ এপ্ৰিলত আছিল বিজেপিৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । সেই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কম্বল বিতৰণৰ আয়োজন কৰে। তীব্ৰ গৰমতো কম্বল বিতৰণৰ কথা শুনি বহু লোকে ধপলিয়াই আহিছিল অঞ্চলটোলৈ।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: