পথ দুৰ্ঘটনাই স্তব্ধ কৰিলে কিশোৰৰ কলম
বি. চি ডেস্ক, ১৩ এপ্ৰিলঃ এক শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে যুৱ সাংবাদিক কিশোৰ ডেকাৰজাৰ । শনিবাৰে নিশা বাতৰি সংগ্ৰহ কৰি গৃহ অভিমুখে গৈ থকাৰ সময়তে এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই কিশোৰে । দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ সৈতে জড়িত হৈ থকা কিশোৰে প্ৰায় এটা বছৰে মৰিগাঁৱৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল ।
জানিব পৰা মতে, কৰ্তব্য সামৰি গৃহ অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত এখন বাহনে খুন্দিওৱাৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় সাংবাদিক কিশোৰ ডেকাৰজা । দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনে ।
লগে লগে স্থানীয় লোকে সাংবাদিক কিশোৰ ডেকাৰজাক অচেতন অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটীৰ জি এন আৰ চি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
ইয়াৰ পূৰ্বে কিশোৰ ডেকাৰজাই ৰাজ্যৰ কেইবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল । স্থানীয় সাংবাদিকগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ মৰিগাঁৱত ।
সাংবাদিক গৰাকীৰ মৃত্যুত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীয়েও সামাজিক মাধ্যমত গভীৰ শোক প্ৰকাশ কৰি লিখে - "পুৱাই এটি দুখৰ খবৰ পাই ব্যথিত হৈছো । ইটিভি ভাৰতৰ মৰিগাঁৱৰ সংবাদ দাতা কিশোৰ ডেকাৰজাৰ যোৱা নিশা এটি পথ দুৰ্ঘটনাত পৰলোকপ্ৰাপ্তি ঘটে । যুৱ সাংবাদিক জনৰ মৃত্যু মৰিগাঁৱৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি । তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলো লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ঔঁ শান্তিঃ ৷"
লগতে ইটিভি ভাৰত পৰিয়ালৰ লগতে মৰিগাঁও জিলাৰ সংবাদ মহল, বিভিন্ন বিশিষ্ট ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।
0 coment rios: