Sunday, April 13, 2025

উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

 উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

বি. চি ডেস্ক, ১৩ এপ্ৰিলঃ উত্তৰ-পূব ভাৰতৰ যোগাযোগ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সদ্য প্ৰকাশ পোৱা এক বিস্তৃত ঘোষণাত উল্লেখ কৰে যে, অহা দুবছৰৰ ভিতৰত সমগ্ৰ দেশজুৰি বিশেষকৈ উত্তৰ-পূব আৰু সীমান্ত অঞ্চলসমূহত ঘাইপথ উন্নয়নৰ বাবে ১০ লাখ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। এই বিনিয়োগৰ জৰিয়তে দেশখনৰ আন্তঃগাঁথনি ব্যৱস্থাক বিশ্বমানৰ পৰ্যায়লৈ উন্নীত কৰাৰ লক্ষ্য ৰখা হৈছে।

গাডকাৰীয়ে পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয়, উত্তৰ-পূব অঞ্চলৰ ভূগোলিক জটিলতা আৰু সীমান্ত সুৰক্ষাৰ দিশলৈ লক্ষ্য ৰাখি উন্নয়নমূলক প্ৰকল্পসমূহ তীব্ৰ গতিত আগবঢ়োৱা হৈছে। তেওঁৰ ভাষ্য অনুসৰি, "উত্তৰ-পূব ভাৰতৰ ঘাইপথসমূহক আমেৰিকাৰ মানদণ্ডত উন্নীত কৰা হৈছে আমাৰ প্ৰধান লক্ষ্য। এই প্ৰকল্পসমূহ সফলভাৱে ৰূপায়ণ হ'লে অঞ্চলটো যোগাযোগ, বানিজ্য, পৰ্যটন আৰু সমগ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নতি লাভ কৰিব।"

গাডকাৰীয়ে উল্লেখ কৰে যে, এই উন্নয়নমূলক পদক্ষেপত তিনিটা প্ৰধান স্তৰ অন্তৰ্ভুক্ত – পথ নিৰ্মাণ, সুৰক্ষা আৰু টেকসই ব্যৱস্থা। এই প্ৰকল্পসমূহ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই) আৰু ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এনএইচআইডিচিএল)-ৰ অধীনত সম্পাদন হ’ব।

গাডকাৰীয়ে উল্লেখ কৰে যে মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু, কৰ্ণাটক, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, দিল্লী, পাঞ্জাব আৰু হৰিয়ানাৰ দৰে ৰাজ্যতো ঘাইপথ উন্নয়নৰ কাম তীব্ৰ গতিত চলি আছে। "আমাৰ লক্ষ্য হৈছে ভাৰতৰ ঘাইপথ নেটৱৰ্কত বৈপ্লৱিক পৰিৱর্তন ঘটাই দেশখনক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ আন্তঃগাঁথনি সম্পন্ন দেশৰ স্থানত স্থাপন কৰা," বুলি তেওঁ মন্তব্য কৰে।

গাডকাৰীয়ে সদৰী কৰে যে উত্তৰ-পূব ভাৰতৰ ২১,৩৫৫ কিলোমিটাৰ অঞ্চলত মুঠ ৭৮৪টা ঘাইপথ প্ৰকল্পৰ কাম চলি আছে। এই প্ৰকল্পসমূহৰ বাবে মুঠ ৩,৭৩,৪৮৪ কোটি টকাৰ ব্যয় ধাৰ্য কৰা হৈছে। অসমত মাত্ৰ ৫৭,৬৯৬ কোটি টকাৰ প্ৰকল্প চলি আছে, আৰু বিহাৰত প্ৰায় ৯০,০০০ কোটি টকাৰ উন্নয়নমূলক কাম আগবঢ়োৱা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহতো একেলগে প্ৰায় ১ লাখ কোটি টকাৰ অধিক বিনিয়োগেৰে উন্নয়ন কাৰ্য্য চলি আছে।

তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য আছিল ৯১,২৮৭ কিলোমিটাৰ, যি বৰ্তমান ১,৪৬,২০৪ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। এনএইচএআইয়ে ২০২৪–২৫ অৰ্থ বছৰত ৫,১৫০ কিলোমিটাৰৰ লক্ষ্য অতিক্ৰম কৰি ৫,৬১৪ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে। এই উল্লিখিত পৰিসংখ্যাই প্রমাণ কৰে যে দেশৰ ঘাইপথ খণ্ডত এক নতুন যুগ আৰম্ভ হৈছে।

গাডকাৰীয়ে বিশ্বাস প্ৰকাশ কৰে যে আধুনিক, সু-সংগঠিত আৰু টেকসই ঘাইপথ ব্যৱস্থাৰ দ্বাৰা উত্তৰ-পূব ভাৰতত এক নতুন যুগৰ আৰম্ভণি ঘটিব। অঞ্চলটো অধিক বাণিজ্যিকভাৱে সংযুক্ত হ’ব, যাৰ ফলত নতুন উদ্যোগ, পৰ্যটন সম্ভাৱনা আৰু লগতে ৰাইজৰ জীৱনমানো যথেষ্ট উন্নত হ’ব।

এই বৃহৎ পৰিকল্পনাৰ সফল বাস্তৱায়নৰ দ্বাৰা উত্তৰ-পূব ভাৰতৰ গতি, গৌৰৱ আৰু গঢ় তিনিও দিশত উল্লেখযোগ্য পৰিবর্তন দেখা যাব। যোগাযোগ ব্যৱস্থাৰ উন্নয়নে কেৱল চলাচলক সহজ নকৰে, বৰঞ্চ এটি অঞ্চলৰ সামগ্ৰিক সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক উন্নয়নৰ দিশো উন্মোচিত কৰে।

তেওঁৰ মতে, এই প্ৰচেষ্টাই উত্তৰ-পূবক নতুন দিশে লৈ যাব আৰু দেশৰ অন্য অংশৰ সৈতে অধিক সুদৃঢ়ভাৱে সংযুক্ত কৰিব।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: