Monday, April 14, 2025

আমি হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছোঁ: জজ খেলপথাৰৰ পৰা আছুৰ সভাপতিৰ জাতিটোলৈ সতৰ্কবাণী

 আমি হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছোঁ: জজ খেলপথাৰৰ পৰা আছুৰ সভাপতিৰ জাতিটোলৈ সতৰ্কবাণী

বি. চি ডেস্ক, ১৪ এপ্ৰিলঃ "আমি হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছোঁ... আমি এনে এটা জাতি গঢ়িবলৈ গৈ আছোঁ, যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে, নিজৰ পৰিশ্ৰমৰ ফলত নহয়, কেৱল উপহাৰৰ আশাত জীয়াই থাকিব বিচাৰে।" - ন-বহাগৰ আনন্দঘন পৰিৱেশ আৰু উল্লাসৰ মাজতেই সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ' সভাপতি গৰাকীয়ে প্ৰকাশ কৰিলে এক গভীৰ চিন্তা আৰু উদ্বেগ, যি মূলত অসমীয়া জাতিৰ অৰ্থনৈতিক ভৱিষ্যৎ আৰু আত্মনিৰ্ভৰশীলতাৰ অভাৱত গঢ়ি উঠা এক আশংকা। গৰুবিহুৰ দিনাখন গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত এইবাৰৰ আছুৰ মুকলি বিহুতলিৰ পৰা অসমবাসীলৈ সতৰ্কবাণী আছুৰ সভাপতিগৰাকীৰ ।

বিহুৰ গৰুবিহুৰ দিনা গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত মুকলি বিহু অনুষ্ঠানত আছুৰ সভাপতি উৎপল শৰ্মাই দৰ্শকৰ মাজত ৰাজ্যবাসীক উদ্দেশ্যি দিয়ে এই সতৰ্কবাণী। তেওঁ কয়, "আমি হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছোঁ। বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি, আমাৰ মাটিৰ  গন্ধ থকা কৃষ্টি আৰু পৰম্পৰাৰ সংযোগ আছে। কিন্তু আজিৰ দিনত আমি এনে এখন সমাজৰ ৰূপ লবলৈ আগবাঢ়িছোঁ, যিয়ে কেৱল চৰকাৰী আঁচনি আৰু অনুদানৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন যাপন কৰিবলৈ অভ্যাস গঢ়ি তুলিছে। আমি কাৰোবাক পইচা দিয়াত আপত্তি নকৰো, কিন্তু সেই পইচাটো যদি সততা আৰু কঠোৰ পৰিশ্ৰমৰ বিনিময়ত আহে, তেনেহলে তাতে এক আত্ম-সম্মান থাকে।"

এই মন্তব্যবোৰ বিশেষ তাৎপৰ্যপূৰ্ণ আৰু গম্ভীৰ, কাৰণ ই কেৱল ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনি-নির্ভৰ উন্নয়ন প্ৰক্ৰিয়াৰ ওপৰত কৰা এক বৌদ্ধিক সমালোচনা নহয়, বৰঞ্চ এই মন্তব্যই সমগ্ৰ সমাজক সজাগ কৰি তোলাৰ লগতে আত্ম-নির্ভৰশীলতা আৰু উদ্যমী মনোভাৱ গঢ়ি তোলাৰ কথাকে দোহাৰে।

ইফালে, বিহুক ইউনেস্ক’ৰ 'ইনটেনজিবল কালচাৰেল হেৰিটেজ'ৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবীও উত্থাপন কৰে আছুৱে। উৎপল শৰ্মাই কয়, "আমি বিহুতলীৰ পৰাই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে বিহুক ইউনেস্ক’ৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ লোৱা হয়। যদি গুজৰাটৰ গৰ্বা, মহাকুম্ভ মেলা, যোগ আদি ইউনেস্ক’ৰ 'ইনটেনজিবল কালচাৰেল হেৰিটেজ'ৰ তালিকাত ঠাই পায়, তেন্তে আমাৰ বিহু, ভাওনা সংস্কৃতি, যিয়ে বহু বছৰ ধৰি অসমীয়া জাতিৰ আত্মা আৰু পৰিচয় ৰূপে বিবেচিত হৈছে, সেয়া বিশ্ব ঐতিহ্যৰ অংশ হোৱাৰ পূৰ্ণ যোগ্যতা আছে।"

আছুৰ সভাপতি উৎপল শৰ্মাই আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে, "বিহু কেৱল উৎসৱ নহয়, ই অসমীয়া কৃষক, শিপিনী আৰু গাঁওৰ চহাজীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। যদি বিহুৱানখন অসমৰ তাঁতশালৰ ন'হৈ বাহিৰৰ যান্ত্ৰিক আৰু বিজতৰীয়া কাপোৰ হয়, তেন্তে কেৱল কৃষ্টিৰ নহয়, আমাৰ অঞ্চলিক অৰ্থনীতিতো এটা গভীৰ আঘাত পৰিব। তেনেদৰে যদি নাচনীৰ খোপাৰ কপৌফুল পাহ অসমতে উৎপাদিত ন'হৈ বাহিৰৰ কৃত্ৰিম ফুল হয়, তেন্তে আমাৰ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগবোৰ অৱস্থা কি হ’ব। এইবোৰ কথা গভীৰভাৱে চিন্তা কৰাৰ সময় আহি পৰিছে।"

ইয়াৰ উপৰি, তেওঁ সামাজিক মাধ্যমৰ অপব্যৱহাৰ, জাল তথ্যৰ বিস্তাৰ আৰু অসমীয়া বিয়াৰ অনুষ্ঠানত অন্যান্য সংস্কৃতিৰ অতিৰিক্ত প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, "আমি আত্মসমালোচনাত সক্ষম হ’ব লাগিব। আজিকালি আমাৰ পৰম্পৰাগত ৰীতি-নীতি হেৰাই গৈ অন্য ৰাজ্যৰ সংস্কৃতিৰ অনুকৰণ কৰাটো যেন এক ফেশ্বন হৈ পৰিছে।"

তেওঁৰ মতে, "আমি পাতিব লাগিছিল ইউনেস্ক’ৰ তালিকাৰ কথা, বিহুৰ বিশ্বস্বীকৃতিৰ বিষয়ে আলোচনা কৰিব লাগিছিল, কিন্তু আজিকালি আলোচনাৰ মুখ্য বিষয় হৈছে বিশ্ববিদ্যালয়ত বিহুৰ বন্ধ দিব নে নাই। ই এক দুঃখজনক আৰু হতাশাজনক পৰিস্থিতি, যি আমাৰ জাতিগত গৰিমাক প্রশ্নৰ সন্মুখীন কৰে।"

এই বক্তব্যৰ জৰিয়তে আছুৰ সভাপতি উৎপল শৰ্মাই স্পষ্টভাৱে অসমবাসীক আহ্বান জনায় যাতে বিহুৰ আনন্দৰ মাজতো আমি আমাৰ সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক ভৱিষ্যতৰ বিষয়ে সজাগ, আত্মবিশ্লেষণাত্মক আৰু দায়িত্বশীল হওঁ। তেওঁ কয়, "বিহু আনন্দৰ উৎসৱ, কিন্তু ই আমাৰ অস্তিত্বৰ সৈতে জড়িত। এই সময়ত আমি যদি সঠিক পদক্ষেপ নলওঁ, তেন্তে কেৱল কৃষ্টিয়ে নহয়, জাতিয়ে নিজৰ পৰিচয় হেৰুৱাব।"



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: