Monday, April 14, 2025

ষড়যন্ত্ৰৰ পৰা জাতীয় উৎসৱলৈ

 ষড়যন্ত্ৰৰ পৰা জাতীয় উৎসৱলৈ

ভূপেন দেউৰ গীতৰ ভাষাৰে- 
ব'হাগ মাথো এটি ঋতু নহয়, 
নহয় ব'হাগ এটি মাহ 
অসমীয়া জাতিৰ আয়ুস ৰেখা 
গণ জীয়নৰ ই সাহ।।

সম্পাদকীয় ডেস্ক, ১৪ এপ্ৰিলঃ পদুলিমুখত হেঁপাহৰ ৰঙালী বিহু । ৰঙালী বিহুৰ উলহ-মালহত নাচি উঠে অসম অসমীয়াৰ মন প্ৰাণ। হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। বহু অসমীয়া জাতীয় জীৱনৰ আয়স ৰেখা। সেয়ে জাতি-বৰ্ণ, ধৰ্ম নিৰ্বিশেষে অতীতৰ পৰা অসমত সকলোৱে পালন কৰে বিহু। এই উৎসৱক প্ৰতিজন অসমীয়াই হৃদয়ৰ গভীৰ আবেগেৰে পৰম্পৰাগত ভাৱে আদৰি লয়। ৰঙালী বিহু কেৱল এটি উৎসৱ নহয়—ই হৈছে অসমীয়াৰ আত্মাৰ প্ৰতিচ্ছবি, এটি জাতি-বর্ণ-ধৰ্ম-ভাষাৰ সীমা অতিক্রম কৰি সকলোকে একত্ৰিত কৰা উজ্জ্বল সাংস্কৃতিক পৰিচয়, যি যুগে যুগে অসমীয়াৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

সময়ৰ সোঁতত বিহুৰ ৰূপৰ বহু পৰিৱর্তন দেখা গৈছে। অতীতত বিহু আছিল খেতি-পথাৰৰ মাজত, গছৰ ছাঁত বাঁহি, ঢোল, পেঁপা, গগনা, তালৰ সুৰত আনন্দত মতলী হৈ উৎযাপন কৰা সহজ- সৰল মিলনৰ উৎসৱ। নাৰী-পুৰুষ সকলে পুৱা-গধুলি লগ হৈ বিহুগীত গাই নৃত্য কৰিছিল। আজি সেই বিহু বৈদ্যুতিক আলোৰে উজ্জ্বল মঞ্চত উঠিছে, টেলিভিছন আৰু ইন্টাৰনেটৰ মাজেৰে দেশ-বিদেশত প্ৰচাৰিত হৈছে, আৰু বিশ্ববাসীৰ দৃষ্টিৰ আকর্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তথাপিও বিহুৰ মূল আত্মা—সম্প্ৰীতি, উৎসাহ, পৰম্পৰা আৰু সৃজনশীলতাৰে ভৰা—আজিও আগৰ দৰে অটুট হৈ আছে।

বিহুৰ উৎপত্তি সন্দৰ্ভত ইতিহাসত স্পষ্ট লিখিত নথিপত্ৰ নথকা সত্ত্বেও, মংগোলীয় জাতি আৰু চুতীয়া ৰাজ্যৰ লগত ইয়াৰ আৰম্ভণিৰ নানা ধাৰণা বিদ্যমান। বহু গৱেষণাত প্ৰকাশ পোৱা মতে, বিহু মংগোলীয় তথা চুতীয়া সংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত। আহোম ৰাজত্বত বিহুক ৰাজসাহী পৰিসৰত স্থান দিয়া হৈছিল—ৰংঘৰত অনুষ্ঠিত ভব্য বিহু অনুষ্ঠান ইয়াৰ উজ্জ্বল প্ৰমাণ। ৰাজদৰবাৰত বিহুগীত আৰু নৃত্যক উৎসাহিত কৰা হৈছিল, যাৰ জৰিয়তে বিহু সামাজিক গণ্ডীৰ পৰা ৰাষ্ট্ৰীয় পৰিচয়লৈ উৰ্দ্ধমুখী হ’ব পালে বুলি বহুজনে কয়।

মোগল সেনাপতি মিৰজুমলাৰ অসমৰ ওপৰত আক্ৰমণ চলোৱা সময়ত তেওঁৰ লগত অহা ইতিহাসবিদ ছিহাবুদ্দিন তালিচে তেওঁৰ লিখনিৰ মাজত অসমীয়াৰ সংস্কৃতিৰ লগতে বিহুৰো উল্লেখ কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ত বিহুক উৎসৱৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হৈছিল। যদিও ব্ৰিটিছ শাসনত বিহু কিছু সময়লৈ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল, তাৰ পাছতো অসমীয়াৰ হৃদয়ৰ পৰা এই উৎসৱটো মচি পপেলাব নোৱাৰিলে ।

১৮২৯ চনত হলিৰাম ঢেকিয়াল ফুকনে বিহুক অশ্লীল বুলি অভিহিত কৰিছিল। ইংৰাজ চৰকাৰে ইয়াক নিষিদ্ধ কৰাৰ চেষ্টাও কৰিছিল। তথাপিও গুৱাহাটীত নগাঁৱৰ আনন্দ দাস, হালোৱা গাঁৱৰ ঢোলৰ ওজা মৈমত টিটিঙা হাজৰিকাৰ ঢোলৰ তালে আৰু তেওঁৰ ভনীয়েক চেনী গাভৰুৱে যি বিহু নৃত্য গৰ্ডন চাহাবৰ সন্মুখত উপস্থাপন কৰিছিল, তাতে ইংৰাজ শাসকসকলে উপলব্ধি কৰিছিল—বিহু অশ্লীল নহয়, ই হৈছে এক সমৃদ্ধ আৰু গৰিমাময় সাংস্কৃতিক ঐতিহ্য, যাৰ ভিতৰত আছে শৃংখলিত ৰস, উদ্দীপনা আৰু সৃজনশীলতা।

লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰজনীকান্ত বৰদলৈৰ দৰে মনীষীসকলে বিহুক পুনৰ অসমীয়াৰ দৈনন্দিন জীৱনৰ মাজলৈ আনিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৩৪ চনত গোলাঘাটত অনুষ্ঠিত মঞ্চ বিহু আৰু ১৯৫৩ চনত গুৱাহাটীৰ লতাশিলত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত অনুষ্ঠিত বিহু সন্মিলনে বিহুক মঞ্চৰ আধুনিক ৰূপ দিছিল। তাৰ পাছত ভূপেন হাজৰিকা, খগেন মহন্ত, দীপালী বৰঠাকুৰ, সাধনা শৰ্মা আদি সুপ্ৰসিদ্ধ শিল্পীসকলে বিহুক জাতীয় তথা আন্তৰ্জাতিক পৰিসৰত এক নতুন উচ্চতালৈ লৈ গৈছিল।

আজিৰ বিহু হৈছে পুৰণি পৰম্পৰাৰ সংহতি আৰু নতুনত্বৰ যুগ্ম ৰূপ। গৰু বিহুৰ দিনা য’ত গৃহস্থে গৰুক নদীত লৈ গৈ গা ধুৱাই সজাই দিছিল, আজি তাৰ স্থান ল’লে পুখুৰী অথবা ঘৰতে গৰু ধুৱাৰ প্ৰথাই। সাংস্কৃতিক সন্ধিয়া, বিহুগীত, ন-পুৰণি গায়ক-গায়িকাৰ প্ৰতিযোগিতা, পুৰস্কাৰ বণ্টন আদি মাধ্যমেৰে বিহুক অধিক ৰঙীন, বহুমুখী আৰু সময়োপযোগী কৰি তোলা হৈছে। ডিজিটেল মিডিয়া, সামাজিক মাধ্যমত বিহুৰ সমগ্ৰ জীৱনচক্ৰ প্ৰচাৰে নতুন প্ৰজন্মলৈ ইয়াৰ তাৎপর্য আৰু অধিক উপলব্ধিযোগ্য কৰি তুলিছে।

বিহু আজিও অসমীয়াৰ জাতিৰ গৌৰৱৰ প্ৰতীক, আত্মচেতনাৰ প্ৰতিফলন, এক গভীৰ সাংস্কৃতিক বন্ধন, যিয়ে সমগ্ৰ অসমবাসীক এক সূত্ৰত গাঁঠে। যি সময়েই আহক, বিহু সদায় থাকিব, কাৰণ বিহু আছে মানেই অসমীয়াৰ অস্তিত্ব থাকিব । সেয়ে কোৱা হয়—যেতিয়ালৈকে বিহু থাকিব, তেতিয়ালৈকে অসমীয়াৰ আত্মা, পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্য জীৱন্ত হৈ থাকিব।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: