Sunday, April 13, 2025

তিনি গগৈ একলগ হ'লে অসমৰ ৰাজনীতিত মেজিক সৃষ্টি হ'ব : অখিল গগৈ

 তিনি গগৈ একলগ হ'লে অসমৰ ৰাজনীতিত মেজিক সৃষ্টি হ'ব : অখিল গগৈ

বি. চি ডেস্ক, ১৩ এপ্ৰিলঃ "ৰাইজৰ দলৰ চৰকাৰ হ'লে থলুৱাক প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব। যদি মই মুখ্যমন্ত্ৰী হওঁ, তেন্তে অসমৰ চৰকাৰে কেন্দ্ৰৰ পৰা জিএসটি মুক্ত কৰিবলৈ সকলো পদক্ষেপ ল'ব। অসমৰ সাধাৰণ ৰাইজৰ ওপৰত পৰি থকা আৰ্থিক ভাৰ কমাবলৈ এই সিদ্ধান্ত অত্যন্ত প্ৰয়োজনীয়।" — তেজপুৰত আয়োজিত ৰাইজৰ দলৰ যোগদান অনুষ্ঠানত এই মন্তব্য আগবঢ়ায় দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। তিনি গগৈ — লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈ — এক হোৱা উচিত বুলি তেওঁ পুনৰ জোৰ দিয়ে।

তেজপুৰৰ হিলবিলি বিবাহ ভৱনত আয়োজিত এক বিশেষ দলীয় সভাত আম আদমি পাৰ্টিৰ ৰাজ্যিক উপ-সভাপতি ঋষিৰাজ কৌণ্ডিল্য, শোণিতপুৰ জিলাৰ সভাপতি ৰাজীব বৰুৱা লগতে অর্ধশতাধিক আপ সদস্যে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে।  লগতে সদৌ অসম ছাত্ৰ সংস্থাৰ কেইবাগৰাকীও প্ৰাক্তন নেতা, অসম আন্দোলনত প্ৰাণ বিসর্জন দিয়া জাতীয় শ্বহিদ পৰিয়ালৰ সদস্য, লগতে আগতে অগপত যুক্ত থকা কৰ্মীসকলেও ৰাইজৰ দলৰ পতাকাৰ তলত আহি মিলিত হয়। এই যোগদানক গগৈয়ে 'গণআন্দোলনৰ শক্তি' বুলি অভিহিত কৰে।

আনহাতে, ভোমোৰাগুৰি জিলা পৰিষদৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা দিলদাৰ হুছেইনক ৰাইজৰ দলে সমৰ্থন আগবঢ়ায়। তেওঁলোকৰ মতে, এলেকাত দিলদাৰৰ ব্যক্তিত্ব আৰু বিশ্বাসযোগ্যতাৰ ভাল জনভিত্তি আছে। উক্ত সভাত উপস্থিত থাকে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথ, জিলা সভাপতি ৰবিন্দ্ৰ চন্দ্ৰ বৰা, বিশিষ্ট বুদ্ধিজীৱী ড° পৰশমণি সিংহ আদি। তেওঁলোকে দলৰ পৰৱৰ্তী লক্ষ্যসমূহ লৈ বিস্তৃত আলোচনা কৰে।

পিছত তিনি গগৈৰ সম্ভাৱ্য ঐক্যৰ প্রসঙ্গ উত্থাপন কৰি অখিল গগৈ কয়, "যদি উজনি অসমত আমি তিনি গগৈ — লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু মই — একত্ৰিত হ'ব পাৰোঁ, তেন্তে অসমত এক নতুন যুগ আৰম্ভ হ'ব। এই একতাৰ ফলত কেৱল ৰাজনৈতিক ধুমুহা নহয়, এটা গণ-জাগৰণৰ যাদু সৃষ্টি হ'ব, যিটো বিজেপিৰ দমননীতিৰ প্ৰতিও এক প্ৰভাৱশালী প্ৰত্যুত্তৰ হ'ব।" তেওঁ লগতে কয় যে, কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়া এক হ'ব, তেতিয়া অসমীয়াৰ আত্মবিশ্বাস পুনৰুজ্জীৱিত হ'ব। "এটা শক্তিশালী বিৰোধী ঐক্যৰ ওপৰত আজি অসম ৰাইজৰ ভৰসা আৰু ভৱিষ্যত নিৰ্ভৰ কৰি আছে।"



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: