কৃত্ৰিম বানৰ কবল মহানগৰ গুৱাহাটী : বতৰ বিজ্ঞানীৰ সতৰ্কবাণী!
মহানগৰ ডেস্ক, ২৮ আগষ্টঃ গুৱাহাটী মহানগৰী পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। কালিৰ পৰা অবিৰত ধাৰাসাৰ বৰষুণৰ ফলত নগৰখনৰ কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰিছে, যাৰ ফলত সাধাৰণ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। খানাপাৰা-জালুকবাৰী সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হৈ যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে চাৰিওফালে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
বৰগাঁও, বেহাৰবাৰী, নালাপাৰা, পাঞ্জাবাৰী, অনিল নগৰ, ৰুক্মিনী গাঁও আদি অঞ্চলত পানীৰ স্তৰ ক্ৰমাগত বৃদ্ধি পাইছে। বুধবাৰৰ বৰষুণে ইতিমধ্যে কেইবাটাও ঠাই প্লাবিত কৰিছে, আৰু আজিৰ অধিক বৰষুণে পৰিস্থিতিক আৰু জটিল কৰি তুলিছে। ফলস্বৰূপে, সাধাৰণ নাগৰিকৰ যাতায়াত, দৈনন্দিন কাম-কাজ ব্যাহত হৈ পৰিছে।
ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) আজি এক জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। আগন্তুক ২৪ ঘণ্টাত গুৱাহাটীৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণ (২-৩ চে.মি./ঘণ্টা), ধুমুহা (৬ চে.মি./২৪ ঘণ্টা), ঢেৰেকণি, বজ্ৰপাত আৰু ভূমিস্খলনৰ সম্ভাৱনা আছে বুলি জাননীত উল্লেখ কৰা হৈছে। এই বতৰৰ ফলত অধিক পানী জমা, যান-জঁট আৰু অন্যান্য বিপদৰ সৃষ্টি হ'ব পাৰে।
লগতে প্ৰশাসনে এই সময় চোৱাত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বিশেষকৈ ভূমিস্খলনপ্ৰৱণ অঞ্চলৰ বাসিন্দাসকলক অধিক সাৱধান হোৱাৰ পৰামৰ্শ দিয়া হৈছে। কোনো জৰুৰী কাম নাথাকিলে বৰষুণৰ সময়ত ঘৰৰ পৰা ওলোৱা বা দূৰ যাত্ৰা এৰাই চলিবলৈ অনুৰোধ কৰা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা সকলো দিশত নিৰীক্ষণ চলি আছে, যাতে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। নাগৰিকসকলে সতৰ্কতা অৱলম্বন কৰি এই প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰাৰ আহ্বাহন জনাইছে প্ৰশাসনে ।
0 coment rios: