Saturday, April 5, 2025

এন আৰ চি কেলেংকাৰী: প্ৰতীক হাজেলাৰ বিৰুদ্ধে অবশেষত ৰুজু হ’ল গোচৰ

 এন আৰ চি কেলেংকাৰী: প্ৰতীক হাজেলাৰ বিৰুদ্ধে অবশেষত ৰুজু হ’ল গোচৰ

বি. চি ডেস্ক, ৫এপ্ৰিলঃ অসম এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে অবশেষত ৰুজু কৰা হ'ল গোচৰ। বহু বিতৰ্ক আৰু টানাটানিৰ অন্তত আদালতৰ হস্তক্ষেপে এই পদক্ষেপক নিশ্চিত কৰে। গীতিকা ভট্টাচাৰ্য নামৰ এগৰাকী সচেতন নাগৰিকে ২০২৩ চনত এন আৰ চিৰ প্ৰস্তুতিৰ সময়ত হোৱা বৃহৎ অনিয়ম আৰু কেলেংকাৰীৰ সন্দৰ্ভত হাজেলাৰ বিৰুদ্ধে অভিযোগ আনে। অৱশেষত আদালতৰ স্পষ্ট নিৰ্দেশৰ ভিত্তিত দিছপুৰ থানাত ৩০৯/২৫ নম্বৰত গোচৰ ৰুজু কৰা হয়।

গীতিকা ভট্টাচাৰ্যই এই গোচৰ ত'ৰাৰ পথত বহু বাধা অতিক্ৰম কৰে। তেওঁ কয় যে, ২০২৩ চনৰ ১৫ জুলাইত দিছপুৰ থানাত হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল, আৰক্ষীয়ে দীর্ঘদিন ধৰি এএ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল। থানাৰ দায়িত্বত থকা আৰক্ষী বিষয়া আৰু আৰক্ষী অধীক্ষকৰ সৈতে একাধিকবাৰ যোগাযোগ কৰাৰ পিছতো সহায় নোপোৱাৰ ফলত তেওঁ আদালতৰ শৰণাপন্ন লৈছিল।

সংবাদ মাধ্যমৰ আগত গীতিকাই কয়, “আৰক্ষীয়ে অভিযোগ গ্ৰহণ নকৰাত মই বহুসময় মানসিক চাপত আছিলো। বহু ঘূৰি শেষত আদালতৰ কাষ চাপিবলগীয়া হয়। এতিয়া দিছপুৰ আৰক্ষীয়ে মোক জনাইছে যে হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত আৰম্ভ হ’ব।” এই ঘটনাক তেওঁৰ কেৱল ব্যক্তিগত নহয়, বৰঞ্চ জনস্বাৰ্থৰ গুৰুত্বপূৰ্ণ বিষয় হিচাপে অভিহিত হৈছে।

গীতিকাৰ অভিযোগৰ আধাৰ হৈছে কেগৰ প্ৰতিবেদন, য’ত এন আৰ চি প্ৰস্তুতিৰ সময়ছোৱাত প্ৰায় ১৮৮ কোটি টকাৰ অপব্যৱহাৰৰ কথা উল্লেখ আছে। গীতিকাই কয়, “এই প্ৰতিবেদনৰ তথ্যৰ ওপৰত ভিত্তি কৰি মই গোচৰ দিছিলো, আৰু ইয়াৰ পিছতো বহু তথ্য-প্ৰমাণ আছে যিবোৰ আগলৈ তদন্তৰ বাবে দাঙি ধৰিম।” তেওঁৰ দৃঢ় বিশ্বাস যে সত্য প্ৰকাশ পাব আৰু দোষীক শাস্তি পাব।

জানিব পৰা মতে প্ৰতীক হাজেলাক চৰকাৰে ইতিমধ্যেতেওঁক স্বেচ্ছামূলক অৱসৰ দি পঠিয়াই দিছে । যদিও জনসাধাৰণৰ মাজত সন্দেহ আছে যে হাজেলাই আইনী পথত নিজকে বচাবলৈ জামিন ল’ব পাৰে। কিছুমানে এই গোচৰক ৰাজনৈতিক প্ৰভাৱৰ ফল বুলি ধৰি লৈছে, কিন্তু গীতিকাই স্পষ্টভাৱে কয় যে তেওঁ কেৱল ন্যায় বিচাৰৰ বাবেহে আগবাঢ়িছে।

উল্লেখযোগ্য যে এন আৰ চি প্ৰস্তুতিৰ বাবে প্ৰায় ১,৬০০ কোটি টকাৰ ব্যয়হৈছিল। এই বৃহৎ বাজেটৰ ভিতৰত শ শ কোটি টকাৰ সন্দেহজনক ব্যৱহাৰৰ অভিযোগ বহুদিনৰ পৰা উঠি আহিছে। কেগৰ প্ৰতিবেদনত এই অপব্যৱহাৰৰ সুস্পষ্ট বিৱৰণ দাঙি ধৰা হৈছে। ইয়াৰ পূৰ্বে বহুজন সক্ৰিয় নাগৰিকে এই সন্দৰ্ভত গোচৰ দিছিল যদিও, এতিয়ালৈকে কোনো ফল হোৱা নাছিল।

আদালতৰ এইবাৰৰ নিৰ্দেশেই গোচৰ ৰুজুৰ পথ মুকলি কৰিছে, যাৰ ফলত এন আৰ চি কেলেংকাৰীৰ বিষয়ে পুনৰ জনসাধাৰণৰ মাজত গুৰুত্বপূৰ্ণ আলোচনাৰ সৃষ্টি হৈছে। এই পদক্ষেপে আগলৈ আন বৃহৎ তদন্ত আৰু দায়বদ্ধতাৰ পথ উন্মুক্ত কৰিব বুলি আশা কৰা হৈছে।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: