Sunday, April 6, 2025

প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত শপতনামা আৰু ভোটাৰ তালিকা উপলব্ধ হ’ব ডিজিটেল ৰূপত

 প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত শপতনামা আৰু ভোটাৰ তালিকা উপলব্ধ হ’ব ডিজিটেল ৰূপত

বি. চি ডেস্ক, ৫এপ্ৰিলঃ অসমত আগন্তুক পঞ্চায়ত নিৰ্বাচনত ইতিহাসত প্ৰথমবাৰলৈকেই প্ৰাৰ্থীৰ শপতনামা আৰু ভোটাৰ তালিকা ডিজিটেল ৰূপত উপলব্ধ হ’ব। এই পদক্ষেপ অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে আৰু এই ব্যৱস্থা জনগণৰ বাবে সহজ, স্বচ্ছ আৰু বিশ্বাসযোগ্য নিৰ্বাচনী প্ৰক্ৰিয়া নিশ্চিত কৰাৰ এক অংশ বুলি কৈছে নির্বাচন আয়ুক্ত আলোক কুমাৰে ।

নির্বাচন আয়ুক্ত আলোক কুমাৰে জানিবলৈ দিয়ে যে, যিদৰে লোকসভা আৰু বিধানসভা নিৰ্বাচনত ইতিমধ্যে শপতনামা ডিজিটেলভাৱে উপলব্ধ হৈছিল তেনেদৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনতো এই ব্যৱস্থা প্ৰয়োগ কৰা হ’ব। আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিজন প্ৰাৰ্থীৰ নাম, শিক্ষাগত অৰ্হতা, আয়-ব্যয়, দেনা-পাওনা, ব্যক্তিগত সম্পত্তিৰ বিৱৰণ, ফৌজদাৰী গোচৰ ইত্যাদি তথ্য তেওঁলোকৰ ফটোৰ সৈতে একেলগে আয়োগৰ ৱেবছাইটত আপলোড কৰা হ’ব।

এই ব্যৱস্থাৰ ফলত যিকোনো ভোটাৰে নিজৰ মবাইল বা কম্পিউটাৰৰ সহায়ত প্ৰাৰ্থীৰ বিষয়ে বিস্তাৰিত তথ্য জানিব পাৰিব। বিশেষকৈ গাঁও, আঞ্চলিক আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ সম্পূৰ্ণ তথ্য জনসাধাৰণৰ বাবে খোলা থাকিব।

২০২৩ চনৰ সংশোধিত পঞ্চায়ত আইন অনুসৰি, গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীৰ বাবে হাইস্কুল বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। অনু-জাতি, অনু-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত অন্ততঃ দশম শ্ৰেণীলৈ অধ্যয়ন কৰিলে যথেষ্ট।

আঞ্চলিক আৰু জিলা পৰিষদৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে উচ্চতৰ মাধ্যমিক বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। এই নতুন নিয়মে শিক্ষাৰ মান উন্নীত কৰাৰ লগতে পঞ্চায়তত যোগ্য প্ৰাৰ্থীৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্য ৰাখিছে।

এইবাৰ নিৰ্বাচনত অংশ ল’বলৈ ইচ্ছুক প্ৰাৰ্থীৰ বাবে কিছু নৈতিক শর্তো প্ৰযোজ্য হৈছে । দুটাতকৈ অধিক সন্তান থকা ব্যক্তি পঞ্চায়ত নিৰ্বাচনত থিয় হ'ব নোৱাৰি। যদিও ২০১৮ চনৰ ১৯ মাৰ্চৰ পূৰ্বে জন্ম হোৱা সন্তানৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।

যিসকলৰ ঘৰত ছেনিটাৰী শৌচালয় নাই বা দুবছৰ বা ততোধিক কাল ফৌজদাৰী গোচৰত জেল খাটিছে, তেওঁলোকেও প্ৰাৰ্থীত্বৰ যোগ্য নহ’ব। এই বিধিসমূহে সমাজত স্বাস্থ্য, নৈতিকতা আৰু ন্যায়িক শৃংখলা বজাই ৰাখিবলৈ সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োগে।

পদ অনুযায়ী নিৰ্বাচনী ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰা হৈছে- গাঁও পঞ্চায়ত সদস্যৰ বাবে ২৫,০০০ টকা, আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে ২.৫ লাখ টকা আৰু জিলা পৰিষদ সদস্যৰ বাবে ১০ লাখ টকা ।

এই সীমা লংঘা কৰিলে প্ৰাৰ্থী অযোগ্য বুলি গণ্য হ’ব। এই ব্যৱস্থাই ধনৰ প্ৰভাৱ কমাই নিৰ্বাচনক অধিক ন্যায়সংগত কৰি বুলি আশা ব্যক্ত কৰিছ নির্বাচন আয়োগে ।

নির্বাচন আয়োগে এইবাৰ কেইবাটাও নতুন ডিজিটেল সেৱা আৰম্ভ কৰিছে । ডিজিটেল ভোটাৰ তালিকা পিডিএফ ৰূপত উপলব্ধ হোৱাৰ লগতে বেলট বাকচত থাকিব ইউনিক কোড যাৰ সহায়ত প্ৰতি ২ ঘণ্টাত ভোট গণনাৰ তথ্য উপলব্ধ হ'ব । আৰু থাকিব আচৰণ বিধি লংঘনৰ অভিযোগ দিব পৰা কৈ জিলা ভিত্তিক টোল-ফ্ৰী নম্বৰ । এই সেৱাবোৰে নিৰ্বাচন প্ৰক্ৰিয়া অধিক সুশৃঙ্খল, জনমুখী আৰু আধুনিক কৰিব বুলি কৈছে নির্বাচন আয়োগে  ।

ডিজিটেল ভোটাৰ তালিকাত প্ৰত্যেক ভোটাৰে এতিয়া সহজে জানিব পাৰিব তেওঁৰ নাম তালিকাত আছে নে নাই, ভোট গ্ৰহণ কেন্দ্ৰ ক’ত, ঠিকনা আৰু অন্যান্য বিবৰণ।এই তথ্যসমূহ আয়োগৰ ৱেবছাইটত উপলব্ধ থাকিব। নিজৰ জিলা, পঞ্চায়ত আৰু কেন্দ্ৰ নিৰ্বাচন কৰি এগৰাকী ভোটাৰে তেওঁৰ ভোটাৰ তথ্য চাব পাৰিব।

এইবাৰ মুঠ ভোটাৰ ১,৮০,৩৬,৬৮২ গৰাকী । পুৰুষ ৯০,৭১,২৬৪ জন, মহিলা ৮৯,৬৫,১০ জনী আৰু তৃতীয় লিংগৰ ৪০৮ গৰাকী ।

২০১৮ চনৰ তুলনাত ভোটাৰৰ সংখ্যা প্ৰায় ১৩.২৭% বৃদ্ধি পাইছে। উল্লেখযোগ্যভাৱে মহিলা ভোটাৰো প্ৰায় পুৰুষৰ সমান হোৱাৰ দিশে আগবাঢ়িছে। এইবাৰ মহিলা আৰু পুৰুষ ভোটাৰৰ পাৰ্থক্য মাত্ৰ ১% তকৈ কম।

এই সকলো পৰিবর্তনে পঞ্চায়ত নিৰ্বাচনত এক নতুন যুগৰ সূচনা কৰিছে—য’ত স্বচ্ছতা, শিক্ষাগত অৰ্হতা, নৈতিকতা আৰু ডিজিটেল ব্যৱস্থাপনাই মূল আধাৰ হ’ব।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: