৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
বি. চি ডেস্ক, ৬এপ্ৰিলঃ আজিৰ দিনটোত সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। এই বিশেষ দিনটো উপলক্ষে গুৱাহাটীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলীয় পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলনৰ পাছত তেওঁ জ্যেষ্ঠ নেতা, দলীয় কৰ্মী আৰু সাধাৰণ সদস্যসকলৰ উপস্থিতিত দলৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
মুখ্যমন্ত্ৰীয়ে কয়, “বিজেপি যদি দুৰ্বল হয়, তেন্তে দেশৰ অগ্ৰগতি থমকি যাব। দলটোক দুৰ্বল কৰা মাথোঁ ৰাজনৈতিক উদ্দেশ্য নহয়, এইটো জাতীয় গৌৰৱ, সংস্কৃতি আৰু ভাৰতৰ বিশ্ব নেতৃত্বৰ পথত বাধা দিয়াৰ সমান।”
তেওঁ বিজেপিক এটা মতাদৰ্শৰ দল বুলি আখ্যা দিয়ে, যিয়ে দেশৰ ঐতিহ্য, সংস্কৃতি আৰু ধৰ্মীয় মূল্যবোধ সংৰক্ষণ কৰি আগবঢ়িছে। “বিজেপিক দুৰ্বল কৰাৰ অৰ্থ হৈছে ভাৰতৰ শক্তি হ্ৰাস কৰাৰ চেষ্টা,” বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
তেওঁ আগন্তুক দিনত দলীয় কৰ্মীসকলক অধিক নিষ্ঠাৰে কাম কৰাৰ আহ্বান জনায়। “আমাৰ দেশ বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ লক্ষ্য লৈ আগবাঢ়ি আছে, আৰু এই যাত্ৰাত বিজেপিয়ে কেন্দ্ৰীয় ভূমিকা পালন কৰিছে,” বুলি তেওঁ কয়। দলটোক দৃঢ় কৰি ৰাখিবলৈ সকলোৰে সহায় বিচাৰে।
মুখ্যমন্ত্ৰীয়ে দলীয় কৰ্মীসকলক জনসাধাৰণৰ সৈতে ঘনিষ্ঠ সংযোগ ৰাখি জাতীয় ঐক্য আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয়, “বিজেপিয়ে জাতিৰ বাবে অক্লান্তভাৱে কাম কৰি গৈ আছে, আৰু এই পথত সকলো কৰ্মীয়ে নিজৰ দায়িত্ব পালন কৰিব লাগে।”
তেওঁ কয় যে বৰ্তমান যুগত ছ’চিয়েল মিডিয়া এটা শক্তিশালী হাতিয়াৰ। কিছুমানে এই মাধ্যম ব্যৱহাৰ কৰি বিজেপিক ভুল ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু বিজেপিয়ে নিজৰ কামৰ জৰিয়তে জনতাৰ মনত স্থান পাব বুলি বিশ্বাস প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে ৰাম মন্দিৰৰ নিৰ্মাণক দেশৰ ৫০০ বছৰীয়া দাসত্বৰ পৰা মুক্তিৰ এক প্রতীক বুলি বৰ্ণনা কৰে। তেওঁ লগতে উল্লেখ কৰে যে বিজেপি নাথাকিলে ৱাকফ সংশোধনী, ৩৭০ ধাৰা বিলোপ, বা ট্ৰিপল তালাকৰ দৰে ঐতিহাসিক পদক্ষেপসমূহ গ্ৰহণ সম্ভৱ নোহোৱাহেঁতেন। এই সকলো পদক্ষেপ দেশৰ একতা, ন্যায় আৰু শান্তিৰ ক্ষেত্ৰত যুগান্তকাৰী।
তেওঁ অসমৰ ক্ষেত্ৰতো বিজেপিৰ ইতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰে। “আজিৰ দিনত স্বায়ত্ত শাসিত পৰিষদ, পৌৰসভা আৰু পঞ্চায়তসমূহত বিজেপিৰ শাসন আছে। দলটোৱে অসমীয়া সমাজক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল কৰাৰ বাবে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।”
মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয়, “বিজেপি পৰিয়ালমুখী ৰাজনীতিৰ পৰা বহু দূৰ। এই দলটো শ্ৰমিক, জনসাধাৰণ আৰু তৃণমূলৰ নেতৃত্বত গঢ়ি উঠা। কংগ্ৰেছৰ দৰে পৰিয়াল কেন্দ্ৰিক দল হোৱাৰ পথত কেতিয়াও আগবাঢ়িব নালাগে।”
তেওঁ দলীয় কৰ্মীসকলক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান জনায় আৰু কয় যে বিজেপিৰ আদৰ্শ, নীতি আৰু নেতৃত্বৰ কথা সকলোৰে মাজত বিস্তাৰিতভাৱে প্ৰচাৰ কৰিবলৈ আগ্ৰহী হ’ব লাগিব। “অসমক আৰু ভাৰতক আগবঢ়াবলৈ বিজেপিয়ে আগলৈয়ো একে মনোভাৱেৰে কাম কৰি যাব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
0 coment rios: