Sunday, April 6, 2025

ৱাকফ সংশোধনী বিধেয়কত সন্মতি দিলে ৰাষ্ট্ৰপতিয়ে , নীতিশৰ দলত বিভাজন অব্যাহঃ সংখ্যালঘু ভোট বেংক হেৰুৱাৰ আশংকাত চিৰাগ

 ৱাকফ সংশোধনী বিধেয়কত সন্মতি দিলে ৰাষ্ট্ৰপতিয়ে , নীতিশৰ দলত বিভাজন অব্যাহঃ সংখ্যালঘু ভোট বেংক হেৰুৱাৰ আশংকাত চিৰাগ

নেচনেল ডেস্ক, ৬এপ্ৰিলঃ ৱাকফ বিধেয়ক গৃহীত হোৱাৰ লগে লগে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু । মুছলমান সংগঠনৰ লগতে বিভিন্ন ৰাজনৈতিক দলে গোচৰ ৰুজু কৰাৰ ইংগিত পোৱা গৈছে। একে সময়তে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডে এই আইনৰ বিৰুদ্ধে দেশজোৰা আন্দোলন আৰম্ভ কৰিব বুলি কৈছে।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জেডিইউৰ ৱাকফ বিধেয়কৰ সমৰ্থনক লৈ আৰম্ভ হৈছে বিভাজন। যোৱা দুদিনত পাঁচজন নেতাই দল এৰিছে বুলি খবৰ ওলাইছে। সেই ৫ জন নেতাৰ ভিতৰত ৪ জন মুছলমান আৰু এজন হিন্দু। হিন্দু নেতা ৰাজু নাইৰে পদত্যাগ পত্ৰত লিখিছে, দলৰ ভূমিকাক লৈ মই হতাশ হৈছো। এয়া আন এক ক’লা আইন। ইয়াৰ ফলত মুছলমানৰ বিৰুদ্ধে অত্যাচাৰ-অন্যায় আৰু অধিক বৃদ্ধি পাব।’

বিৰোধী মিত্ৰজোঁটৰ দুয়োটা অংশীদাৰৰ মাজত থকা এই অস্বস্তিৰ প্ৰক্ৰিয়াত সক্ৰিয় হৈ পৰিছে আৰজেডি নেতা তেজস্বী যাদৱে। তেওঁ কয় যে ৱাকফ বিধেয়কখনে নীতিশ আৰু চিৰাগে সংখ্যালঘুৰ প্ৰতি কৰা প্ৰতাৰণা স্পষ্ট কৰি দিছে। পৰৱৰ্তী নিৰ্বাচনত দুয়োটা দলকে উচিত শিক্ষা দিব ভোটাৰ ৰাইজে।

আনহাতে নীতিশ কুমাৰৰ দল জেডিইউৰ নেতে জাভেদে তেওঁৰ আবেদনত কয় যে হিন্দু আৰু শিখ ধৰ্মীয় ট্ৰাষ্ট স্ব-শাসিত, আনহাতে চৰকাৰে প্ৰত্যক্ষভাৱে ৱাকফত হস্তক্ষেপ কৰিছে। অমুছলমানক সদস্য কৰা হৈছে। আন ধৰ্মত এই প্ৰথা নাই।

উচ্চতম ন্যায়ালয়ত ওৱেছি আৰু জাভেদে দাখিল কৰা গোচৰত এই আইন বৈষম্যমূলক বুলি উল্লেখ কৰা হৈছে। এই আইনখনে মুছলমানসকলৰ মৌলিক অধিকাৰ কাঢ়ি লৈছে। সংবিধানৰ ১৪ নং অনুচ্ছেদত সমতাৰ অধিকাৰ প্ৰদান কৰা হৈছে। এই আইনখনে সেইটো কাঢ়ি লৈ ​​গৈছে।

দুয়োজনৰ গোচৰত সংবিধানৰ ২৫ অনুচ্ছেদত ধৰ্মৰ স্বাধীনতা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছে। অনুচ্ছেদ ২৬ ধৰ্মীয় কাম-কাজ চলোৱাৰ স্বাধীনতা। ২৯ নং অনুচ্ছেদত সংখ্যালঘুৰ অধিকাৰ আৰু ৩০ নং অনুচ্ছেদত সম্পত্তিৰ অধিকাৰৰ ব্যৱস্থা কৰা হৈছে। এই আইনখনে প্ৰতিটো সাংবিধানিক অধিকাৰ খৰ্ব কৰে। গতিকে এই আইনখন অসাংবিধানিক বুলি অভিযোগ আনিছে।

অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডেও এই আইনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলি কৈছে। ইতিমধ্যে তেওঁলোকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিবলৈ অনুৰোধ জনাইছে। তেওঁলোকে কয় যে ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ পূৰ্বে তেওঁক বুজাব বিচাৰে যে বিধেয়কখন কিয় অসাংবিধানিক আৰু কিয় তেওঁ সন্মতি দিব নালাগে।

কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে কয় যে কংগ্ৰেছে বিভিন্ন চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। উদাহৰণস্বৰূপে ২০১৯ চনত "কা"ৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। সেই গোচৰটো এতিয়াও সমাধান হোৱা নাই। তথ্যৰ অধিকাৰ আইনৰ সংশোধনীৰ বিৰুদ্ধেও কংগ্ৰেছে গোচৰ ৰুজু কৰিছে, যিটো এতিয়াও চলি আছে।

জয়ৰাম ৰমেশে লগতে কয় যে ১৯৯১ চনত কংগ্ৰেছ চৰকাৰে পূজাস্থলীৰ চৰিত্ৰ ৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছিল। সেই আইনখনৰ চৰিত্ৰ যাতে অক্ষত থাকে তাৰ বাবেও কংগ্ৰেছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সেই ধাৰাবাহিকতাক অক্ষত ৰাখি কংগ্ৰেছেও ৱাকফ আইনক প্ৰত্যাহ্বান জনাব বুলি জানিব পৰা গৈছে।


আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: