Sunday, April 6, 2025

আমেৰিকা আৰু ইউৰোপৰ মাজত ‘মুক্ত বাণিজ্য অঞ্চল’ৰ আহ্বান ইলন মাস্কৰ

 আমেৰিকা আৰু ইউৰোপৰ মাজত ‘মুক্ত বাণিজ্য অঞ্চল’ৰ আহ্বান ইলন মাস্কৰ 

বি. চি. উৱেভ ডেস্ক, ৬এপ্ৰিলঃ টেক জগতৰ প্রভাবশালী ব্যক্তি ইলন মাস্কে যুক্তৰাষ্ট্র আৰু ইউৰোপৰ মাজত শুল্কমুক্ত বাণিজ্যৰ আহ্বান জনাইছে। শনিবাৰে (৫ এপ্ৰিল) ইটালীৰ ফ্ল’ৰেন্সত ফাৰ-ৰাইট লীগ দলৰ এখন সন্মিলনত তেওঁ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই দাবী পুনৰবাৰ উল্লেখ কৰে। মাস্কৰ মতে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মাজত মুক্ত বাণিজ্যৰ ক্ষেত্ৰ সৃষ্টি হ’ব লাগে। 

লগতে দুয়োটা অঞ্চলৰ মাজত শ্ৰমিক আৰু সামগ্ৰীৰ মুক্ত চলাচলৰ পোষকতা কৰে। লীগৰ নেতা মেটিঅ’ ছালভিনিৰ সৈতে হোৱা আলোচনাত তেওঁ কয় যে যিসকলে ইউৰোপ বা উত্তৰ আমেৰিকাত কাম কৰিব বিচাৰে তেওঁলোকক সেই সুযোগ দিয়া উচিত। ড’নাল্ড ট্ৰাম্পৰ সৈতেও এই বিষয়ত আলোচনা কৰা বুলিও তেওঁ কয়।

মাস্কৰ এই আহ্বানৰ প্ৰেক্ষাপটত ইউৰোপীয় সংঘৰ সদস্য দেশসমূহৰ ওপৰত ট্ৰাম্পৰ ২০ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা উল্লেখযোগ্য। এই ঘোষণাই ইউৰোপীয় ইউনিয়ন-আমেৰিকাৰ বাণিজ্যক লৈ উত্তেজনাৰ সৃষ্টি কৰিছে।

ইয়াৰ পূৰ্বে মাস্কে ইউৰোপৰ সোঁপন্থী দলসমূহৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল, য’ত আছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ ব্ৰাদাৰ্ছ অৱ ইটালী, ছালভিনিৰ লীগ, জাৰ্মানীৰ অলটাৰনেটিভ ফৰ জাৰ্মানী (এএফডি)।

শনিবাৰে ইটালীৰ বিত্তমন্ত্ৰী তথা লীগৰ সদস্য জিয়ানকাৰ্লো জৰ্জেট্টিয়ে শুল্কক লৈ ৱাশ্বিংটনৰ সৈতে উত্তেজনা লাঘৱ কৰাৰ লগতে প্ৰতিশোধমূলক ব্যৱস্থা এৰাই চলিবলৈ আহ্বান জনায়।

ট্ৰাম্পে নিজৰ শুল্কক ‘অৰ্থনৈতিক বিপ্লৱ’ বুলি অভিহিত কৰি আমেৰিকালৈ উদ্যোগ আৰু চাকৰি পুনৰ ঘূৰাই আনিব বুলি দাবী কৰিছে। অৱশ্যে তেওঁৰ এই ঘোষণাৰ পিছতে আমেৰিকাৰ শ্বেয়াৰ বজাৰত বৃহৎ অৱনতি ঘটে, যিটো কৰোণা মহামাৰীৰ পিছত দ্বিতীয় আটাইতকৈ ডাঙৰ হ্ৰাস। আন্তঃৰাষ্ট্ৰীয় বজাৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে। কেইবাখনো দেশে প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে, যাৰ ফলত বিশ্ব বাণিজ্য যুদ্ধৰ আশংকা বৃদ্ধি পাইছে।



আগলৈ প্ৰেৰণ কৰক

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 coment rios: