অসম কংগ্ৰেছত আকৌ বিসম্বাদ! তিনিটা খালী পদ লৈ দলৰ ভিতৰত চলিছে টনা-আঁজোৰা
অসম কংগ্ৰেছত আকৌ আৰম্ভ হৈছে বিসম্বাদ। কংগ্ৰেছৰ বাবে এইটো একেবাৰে নতুন কথা নহয়। প্ৰায় প্ৰতিটো নিৰ্বাচনৰ আগতেই কংগ্ৰেছত এনেধৰণৰ বিবাদ দেখা দিয়ে—সেয়া পঞ্চায়ত নিৰ্বাচন হওক, বিধানসভা বা লোকসভা নিৰ্বাচন হওক। এই সমস্যাবোৰে কংগ্ৰেছৰ আভ্যন্তৰত চলি থকা বিশৃঙ্খলতাৰ প্ৰতিফলন হিচাপে বিবেচনা কৰে ৰাজনৈতিক মহলে।
বৰ্তমান পঞ্চায়ত নিৰ্বাচন সমাগত । সকলো ৰাজনৈতিক দল-সংগঠনে সাজু হৈ আছে পঞ্চায়ত নিৰ্বাচন লৈ, কিন্তু কংগ্ৰেছ দলত এই সময়তে তিনিটা গুৰুত্বপূৰ্ণ খালী পদ পূৰণৰ বিষয়ে মতভেদে দেখা দিছে। এই তিনিটা পদ হৈছে—উপ-দলপতি, উপ-হুইপ আৰু সম্পাদক। এই পদবোৰ খালী হৈ পৰিছে ৰকিবুল হুচেইনৰ দিল্লী গমন আৰু কমলাক্ষ দে’ পুৰকায়স্থ আৰু ৰূপজ্যোতি কুৰ্মীৰ বিজেপিলৈ যোৱাৰ পাছত। এই পদবোৰ শীঘ্ৰে পূৰণ কৰাটো কংগ্ৰেছৰ বাবে বৰ্তমান সময়ত অতি প্ৰয়োজনীয়।
এই পদ পূৰণৰ ক্ষেত্ৰত কংগ্ৰেছ সভাপতি ভূপেন বৰাই কয় যে, বিধায়কসকলৰ সৈতে আলোচনা কৰি দলীয় ঐক্য বজাই ৰাখি পদ ভাগ-বতৰা কৰা হ’ব। কিন্তু বিধায়িনী দলৰ সভাপতি দেৱব্ৰত শইকীয়াই একেবাৰে ভিন্ন মত প্ৰকাশ কৰে। তেওঁৰ মতে, সকলো সিদ্ধান্ত হাইকামাণ্ডে ল’ব আৰু ৰাজ্যিক নেতৃত্বে সিদ্ধান্ত লোৱাৰ কোনো অধিকার নাই।
ইয়াৰ মাজতে খবৰ ওলাইছে যে ৯ জন কংগ্ৰেছ বিধায়ক দিল্লীলৈ গৈছে। এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই এই খবৰ উৰা বাতৰি বুলি অভিহিত কৰে। তেওঁ কয়, “কোনোবাই যাব খুজিলে মই ৰখাব নোৱাৰো।” তেওঁৰ মতে, হাইকমাণ্ডৰ অনুমতি অবিহনে কোনো সিদ্ধান্ত লোৱা সম্বৱ নহয়।
এই ঘটনাৰ জৰিয়তে কংগ্ৰেছৰ ভিতৰুৱা বিভাজন আৰু অনিশ্চয়তা অধিক প্ৰগাঢ় হোৱাৰ সম্ভাৱনা দেখা দিছে। ৰাজনৈতিক বিশ্লেষকে এই বিষয়টোক দলৰ সংকটকালীন অৱস্থাৰ সংকেত হিচাপে ব্যাখ্যা কৰিছে।
এই সকলো বিবাদৰ মাজতেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈও কংগ্ৰেছত নতুন সমস্যা দেখা দিছে। কামৰূপ জিলাৰ ৪ গৰাকী দলীয় কৰ্মীক প্ৰাৰ্থিত্ব দিয়াৰ বাবে ৰাজ্যিক মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ওপৰত গুৰুতৰ অভিযোগ উঠিছে।
মীৰা বৰঠাকুৰে বিশেষ কিছু লোকক টিকট দিয়াৰ অনুৰোধ কৰি কামৰূপ গ্ৰাম্য জিলা সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত উল্লেখ কৰা হৈছে, “যি লোকসকলে আগৰ নিৰ্বাচনত দলক সহায় কৰিছিল, তেওঁলোকক এইবাৰ দলীয় প্ৰাৰ্থী হিচাপে বিবেচনা কৰিব লাগে।” এই পত্ৰ লাভৰ পাছতে জিলাৰ সাঃ সম্পাদক জেহেৰুল ইছলামে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু দলৰ সভাপতি ভূপেন বৰালৈ আন পত্ৰ এখন প্ৰেৰণ কৰে। তেওঁ অভিযোগ তোলে যে, এই সিদ্ধান্ত একপক্ষীয় আৰু বাকী সদস্যসকলৰ মতামত বিবেচনা নকৰাকৈ লোৱা হৈছে।
এই সকলো ঘটনাই কংগ্ৰেছৰ ভিতৰুৱা বিবাদ আৰু অসন্তোষ পুনৰ প্ৰকাশ কৰিছে। দলৰ ভিতৰত মতভেদ, অভিমান আৰু নেতৃত্বৰ মাজত সমন্বয়ৰ অভাৱ স্পষ্টকৈ দৃশ্যমান। এতিয়া লক্ষ্যণীয় যে, এই ক্ষেত্ৰত হাইকামাণ্ডে কি সিদ্ধান্ত লয়, কিমানজন বিধায়ক বাস্তৱতে দিল্লীলৈ গ’ল, আৰু এই বিভাজনৰ প্ৰভাৱ আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেনেকৈ পৰে। এই সকলো বিষয়েই কংগ্ৰেছৰ ভৱিষ্যৎ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সচেতন মহলে কয়।

0 coment rios: