পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব ৭৫ লাখ ভোটঃ আজি চূড়ান্ত হ'ব ৯৫ শতাংশ প্ৰাৰ্থী
বি. চি ডেস্ক, ১০এপ্ৰিলঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সুনিৰ্দিষ্ট আৰু পূৰ্ণ গতিৰে আগবঢ়াই থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি বৃহস্পতিবাৰৰ ভিতৰত ৯৫ শতাংশ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি সুনিশ্চিত কৰাৰ দিশে দৃঢ়ভাৱে আগবাঢ়িছে। এই ঘোষণা কৰে দলটোৰ সভাপতি ভূপেন বৰাই গুৱাহাটীৰ ঘোঁৰামাৰাৰ নিজ বাসভৱনত আয়োজিত এখন গুৰুত্বপূৰ্ণ সংবাদমেলত। তেওঁ স্পষ্টভাৱে উল্লেখ কৰে যে জিলা পৰিষদসমূহৰ বাবে প্ৰাৰ্থী বাচনিৰ সম্পূৰ্ণ দায়িত্ব জিলা সমিতিসমূহক অর্পণ কৰা হৈছে। এতিয়ালৈকে ৮০ শতাংশ জিলাত প্ৰাৰ্থী নিৰ্বাচন সম্পন্ন হৈছে আৰু বাকী অংশ অতি সোনকালে, আজিৰ ভিতৰতে, চূড়ান্ত কৰা হ’ব। কংগ্ৰেছৰ লক্ষ্য হৈছে শক্তিশালী আৰু জনসমৰ্থিত প্ৰাৰ্থীৰ জৰিয়তে গাঁও পৰ্য্যন্ত সংগঠনক শক্তিশালী কৰা।
ভূপেন বৰাই স্পষ্ট কৰে যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আন বিৰোধী দলসমূহৰ সৈতে যুক্তভিত্তিক বুজাপৰ তথা প্ৰয়োজনীয় মিত্ৰতা স্থাপন কৰা হ’ব যাতে ভোট বিভাজন নহয়। বিহুৰ সময়ছোৱাৰ ভিতৰত বিশিষ্ট বুদ্ধিজীৱী তথা সমাজচিন্তক হীৰেন গোঁহাইৰ সৈতে এই সন্দৰ্ভত আলোচনা চলাব বুলি তেওঁ জনায়। কোন কোন দলৰ সৈতে মিত্ৰতা স্থাপন কৰিব, তাৰ সিদ্ধান্ত লৈ শীঘ্ৰেই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। ভূপেন বৰাই আশা প্ৰকাশ কৰি কয় যে কংগ্ৰেছে লোকসভা নিৰ্বাচনত যি দৰে প্ৰায় ৭৫ লাখ ভোট লাভ কৰিছিল, সেই একে জনসমৰ্থন এইবাৰ পঞ্চায়ত নিৰ্বাচনতো লাভ কৰিব। যদিও ৭ খন জিলাত এইবাৰ ভোট অনুস্থিত নহয়, তথাপিও কংগ্ৰেছ দল সংগঠনত্মকভাৱে সকলো অংশত সক্ৰিয় থাকিব।
কংগ্ৰেছ ৱৰ্কিং কমিটিৰ গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈ গুৱাহাটীলৈ ঘূৰি অহাৰ পিছত, ভূপেন বৰাই সংবাদমেলযোগে দলৰ ৰাজনৈতিক ৰণনীতি, দলীয় ইস্তাহাৰ আৰু আগন্তুক নিৰ্বাচনত জনসাধাৰণৰ সমৰ্থন লাভৰ বাবে গৃহীত বিভিন্ন পদক্ষেপৰ বিষয়ে বিস্তৃত তথ্য আগবঢ়ায়। এই সংবাদমেলৰ জৰিয়তে তেওঁ কংগ্ৰেছৰ দিশ-নিৰ্ধাৰণ নীতিসমূহ আৰু গাঁও-গাঁওলৈ জনসংযোগ বৃদ্ধি কৰাৰ বাবে গৃহীত পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে।
সংবাদমেলত ভূপেন বৰাই বিজেপিৰ অভিযোগৰ প্ৰতি প্ৰতিক্ৰিয়া জনাই কয় যে কংগ্ৰেছ দল ধনদ্বাৰা প্ৰাৰ্থী নিৰ্বাচন কৰা বুলি বিজেপিয়ে যি অভিযোগ তুলিছে, সেইবোৰ সম্পূৰ্ণভাৱে ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰোণদিত। তেওঁ এপেক্স বেংকৰ কেলেংকাৰীৰ কথা তুলি ধৰি কয় যে, য’ত বজাজ উপাধিধাৰী এজন লোকে সংবাদমাধ্যমৰ সন্মুখত ক'লে যে দুজন বিজেপি বিধায়কে বেংকটোক ধ্বংস কৰাৰ লগত জড়িত। এই প্ৰসঙ্গত ভূপেন বৰাৰ স্পষ্ট প্রশ্ন, "নিজকে দুৰ্নীতিৰ বিৰুদ্ধে বাঘ বুলি দাবী কৰা মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কোনো তদন্ত আৰম্ভ কৰিলে নেকি? তেওঁ কিয় এতিয়াও নীৰৱ হৈ আছে? যদি দায়িত্ব লোৱাৰ মনোবৃত্তি থাকে, তেন্তে কাৰ্য্যগত পদক্ষেপ কিয় গ্ৰহণ কৰা হোৱা নাই?"
তেওঁ স্পষ্টভাৱে কয় যে বিজেপি চৰকাৰৰ সময়ছোৱাত নেতাসকলৰ ব্যক্তিগত সম্পত্তি বিপুলভাৱে বৃদ্ধি পাইছে, কিন্তু লোক সংস্কৃতিৰ অন্যতম অংশ বিহু কমিটীক কেৱল ডেৰ লাখ টকা দিয়েই দায়িত্ব শেষ কৰিছে চৰকাৰে। ইয়াক অপমানজনক বুলি অভিহিত কৰি তেওঁ কয়, "অসমীয়া সংস্কৃতিৰ গৌৰৱ বিহুক যদি এইদৰে উপেক্ষা কৰা হয়, তেন্তে এই চৰকাৰে সাংস্কৃতিক দায়িত্ব পালনৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে।" ভূপেন বৰাই প্ৰতিশ্ৰুতি দিয়ে যে ২০২৬ চনত যদি কংগ্ৰেছ চৰকাৰ গঠন কৰে, তেন্তে প্ৰতিখন বিহু কমিটীক ৩ লাখ টকাৰ অনুদান প্ৰদান কৰা হ’ব আৰু এই কথা নিৰ্বাচনী ইস্তাহাৰত স্পষ্টকৈ উল্লেখ কৰা হ’ব। ইয়াৰ দ্বাৰা সংস্কৃতি আৰু পৰম্পৰাৰ সংৰক্ষণৰ এক নতুন দিশ খুলিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে।
ৰাজ্য চৰকাৰৰ একাংশ কৰ্মচাৰীয়ে এই মাহত দৰমহা নোপোৱাৰ ঘটনাক লৈও ভূপেন বৰাই চৰকাৰক প্ৰশ্ন কৰে। তেওঁ কয়, "ব'হাগ বিহুৰ সময়ত যদি চৰকাৰৰ কৰ্মচাৰীয়ে নিজ অধিকাৰৰ দৰমহা নাপায়, তেন্তে কংগ্ৰেছে বিহুৰ মাজতেই প্ৰতিবাদ কৰ্যসূচী হাতত ল’ব। আমাৰ কৰ্মচাৰীসকলে কঠোৰ পৰিশ্ৰম কৰি ৰাজ্যখন আগুৱাই নিয়াৰ কাম কৰে; তেওঁলোকে ন্যায় নোপোৱাটো গভীৰ সমস্যা।"
পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত অভিযোগ উঠিছে যে কিছুমান ঠাইত টকা-পইচাৰ বিনিময় হৈছে। এই সন্দৰ্ভত সংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই স্পষ্ট কৰে যে, "যদি কোনো প্ৰতিষ্ঠিত আৰু প্ৰমাণভিত্তিক অভিযোগ কংগ্ৰেছ নেতৃত্বৰ ওচৰলৈ আহে, তেন্তে দলীয়ভাৱে দৃষ্টান্তমূলক শাস্তি দিয়া হ’ব। দলীয় টিকট বিতৰণত যদি কিবা অনিয়ম হয়, তেন্তে তাত কোনো আপোচ নকৰে কংগ্ৰেছ। দলটোৰ লক্ষ্য নৈতিকতা আৰু স্বচ্ছতাৰ ভিত্তিত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰা।"
শেষত ভূপেন বৰাই অভিযোগ কৰে যে, একাংশ সংবাদমাধ্যমে কংগ্ৰেছ দলৰ ওপৰত ভ্ৰান্ত তথ্য প্ৰচাৰ কৰি এপেক্স বেংকৰ দুৰ্নীতিক তললৈ পেলাবলৈ চেষ্টা কৰিছে। তেওঁ কয়, "মুখ্যমন্ত্ৰীক সাংবাদিকসকলে এই বিষয়ত প্ৰশ্ন নকৰে কিয়? সংবাদমাধ্যমৰ দায়িত্ব হ'ল সত্যৰ সন্ধান কৰা, কিন্তু এতিয়া সাংবাদিকতা পক্ষপাতমূলক হোৱাৰ আশংকা দেখা দিছে।" সংবাদমাধ্যম সমুহে সকলো দলক সমান দৃষ্টিৰে পৰ্যালোচনা কৰা আৰু প্ৰশ্ন কৰাৰ সাহস দেখুওৱা উচিত ।
এই সংবাদমেলৰ জৰিয়তে ভূপেন বৰাই কংগ্ৰেছৰ দৃঢ় অবস্থান, জনহিতৈষী নীতিসমূহ, সংগঠন মজবুত কৰাৰ দিশত গৃহীত পদক্ষেপ, জনমুখী প্ৰতিশ্ৰুতি, সাংস্কৃতিক মূল্যবোধ সংৰক্ষণৰ অঙ্গীকাৰ আৰু জনসমৰ্থন লাভৰ বাবে দলটোৰ দীঘলীয়া পৰিকল্পনাসমূহৰ এক সুস্পষ্ট ছবি আগবঢ়াইছে। এই সকলোৰে জৰিয়তে কংগ্ৰেছ আগন্তুক পঞ্চায়ত নিৰ্বাচনত শক্তিশালী স্থান লাভৰ বাবে দৃঢ় প্ৰতিজ্ঞাবদ্ধ।
0 coment rios: