Showing posts with label বাণিজ্য. Show all posts
Showing posts with label বাণিজ্য. Show all posts

Thursday, January 16, 2025

 

ভাৰতত টকাৰ পতনৰ লগে লগে শ্বেয়াৰ বজাৰো হ্ৰাস পাইছে   

                                                                                                 

নেচনেল ডেস্ক, ১৫ জানুৱাৰী: ইকনমিক টাইমছৰ খবৰ  অনুসসৰি দ্বিমুখী সংকটত ভাৰতৰ অৰ্থনীতি। এফালে দেশৰ মুদ্ৰা অৰ্থাৎ টকাৰ মূল্য হ্ৰাস পাইছে, আনফালে বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰাই দেশৰ শ্বেয়াৰ বজাৰৰ পৰা ওলাই গৈছে। কালি সোমবাৰে দুয়োটা ক্ষেত্রই  ভাঙি পৰে। ইয়াক লৈ দেশৰ সংশ্লিষ্ট মহলত উদ্বেগ সৃষ্টি হৈছে।

পুনৰ ভাৰতীয় মুদ্ৰাই অভিলেখ গঢ়িলে; উত্থানৰ ফালে নহয়, পতনৰ ফালেহে। কালি ভাৰতীয় টকাৰ বিপৰীতে ডলাৰৰ মূল্য ৬৬ পইচা বৃদ্ধি পাই ৮৬.৭০ টকা হয়। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই কেইদিনমানৰ ভিতৰতে ৮৭ লৈ বৃদ্ধি পাব নে নাই। যোৱা দুবছৰত এদিনতে টকাৰ ইমান মূল্য হ্ৰাস হোৱা নাছিল। একে সময়তে কালি ভাৰতীয় শ্বেয়াৰ বজাৰতো পতন হৈছে। চেন্সেক্স ১ হাজাৰ ৪৯.৯০ পইণ্ট হ্ৰাস পাই ৭৬ হাজাৰ পইণ্ট; ৭৬ হাজাৰ ৩৩০ পইণ্টত নিৰ্ধাৰণ কৰা হৈছে। একেৰাহে চাৰিটা লেনদেনত এই সূচকাংক মুঠ ১৮৬৯ পইণ্ট হ্ৰাস পাইছে। বজাৰ মূলধন হ্ৰাস পাইছে ২৪.৬৯ লাখ কোটি টকা।

আজি অৱশ্যে টকাৰ হাৰ সামান্য বৃদ্ধি পাইছে। এই প্ৰতিবেদন লিখাৰ সময়ত প্ৰতিটো ডলাৰৰ দাম আছিল ৮৬.৫৩ টকা। ইয়াৰ উপৰিও শ্বেয়াৰ সূচকাংকও বৃদ্ধি পাইছে। ৰাতিপুৱাৰ অধিবেশনত চেন্সেক্স আৰু নিফটি দুয়োটা প্ৰান্তীয়ভাৱে বেছি।

২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিব ডনাল্ড ট্ৰাম্পে। বিদেশী বিনিয়োগকাৰীয়ে আশংকা কৰিছে যে ট্ৰাম্পে বিভিন্ন বাণিজ্যিক বাধাৰ সৃষ্টি কৰিব। মূলতঃ চীনক লক্ষ্য কৰি এইবোৰ কাম কৰিব বুলি কোৱাটো ঠিকেই আছে যদিও ইয়াৰ ফলত ভাৰতৰ বাবেও অসুবিধাৰ সৃষ্টি হব পাৰে। এনে পৰিস্থিতিত ভাৰতীয় শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে শ্বেয়াৰ বিক্ৰী কৰিবলৈ অনিচ্ছুক। বিশ্লেষকসকলৰ মতে এই সূচকাংক হ্ৰাস পোৱাৰ ই মূল কাৰণ।

বিশ্লেষকসকলৰ মতে এই শ্বেয়াৰ বিক্ৰী টকাৰ মূল্য হ্ৰাসৰ সৈতে জড়িত। বিদেশী বিনিয়োগকাৰীৰ মাজত ডলাৰৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে টকাৰ মূল্য অভৱনীয় ভাবে নিম্নগামী হৈছে একে সময়তে বিশ্ব বজাৰত তেলৰ দাম বাঢ়িছেঅনিশ্চয়তাৰ মাজতে বহুতে ডলাৰক বিনিয়োগ হিচাপে বাছি লৈছে। চাহিদা বৃদ্ধিৰ বাবে ডলাৰৰ বিনিময় হাৰ বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ সৃষ্টি হৈছে ডনাল্ড ট্ৰাম্পে নিৰ্বাচনত জয়ী হোৱাৰ পিছৰে পৰা।

ভাৰতীয় ৰপ্তানিকাৰক সংস্থা এফআইঅৰ তথ্য অনুসৰি ডলাৰৰ বিপৰীতে এই মুদ্ৰাৰ হ্ৰাসৰ হাৰ আন দেশত অধিক। ১০ ছেপ্টেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ ভাৰতীয় টকা ২.৪ শতাংশ হ্ৰাস পাইছে। মালয়েছিয়াৰ ৰিংগিট ৩.১ শতাংশ, ফিলিপাইনছৰ পেছ৩.৮ শতাংশ, ছিংগাপুৰ ডলাৰ ৪.১ শতাংশ আৰু জাপানী য়েন ৮ শতাংশ হ্ৰাস পাইছে।

ভাৰতৰ বিভিন্ন মহহলে দাবী কৰে যে শীর্ষ  বেংকৰ হস্তক্ষেপৰ বাবে ভাৰতীয় মুদ্ৰাৰ মূল্য আন উন্নয়নশীল দেশতকৈ কম হ্ৰাস পাইছে। কালিৰ পৰা তেওঁলোকে ডলাৰৰ বিক্ৰী হ্ৰাস কৰিছে।

বিশ্লেষকসকলে কয় যে বহু সামগ্ৰীত আমদানিকৃত কেঁচামাল ব্যৱহাৰ কৰা হয়। টকাৰ বিনিময় হাৰৰ মূল্য হ্ৰাস পালে এই সামগ্ৰীসমূহৰ আমদানি ব্যয় বৃদ্ধি পাব। ফলত এইবোৰেৰে প্ৰস্তুত কৰা সামগ্ৰীৰ মূল্যও হ্ৰাস পাব। ভাৰতে বহিঃৰাষ্ট্ৰৰ পৰাও খোৱা তেল ক্ৰয় কৰে। কিন্তু ডলাৰ এৰি যোৱা টকাৰ মূল্য হ্ৰাস ৰোধ কৰাটো আৰ বি আইৰ বাবে কঠিন হৈ পৰিব। ইয়াৰ ফলত বৈদেশিক মুদ্ৰাৰ মজুত দুৰ্বল হৈ পৰে আৰু মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধিৰ আশংকা থাকে।

Wednesday, October 30, 2024

ভাৰতৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ মুৰব্বীৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ নতুন অভিযোগ

ভাৰতৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ মুৰব্বীৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ নতুন অভিযোগ

 

ভাৰতৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ মুৰব্বীৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ নতুন অভিযোগ

নেচনেল ডেস্ক, ২৯ অক্টোবৰ: ভাৰতৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ মুৰব্বীৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। তেওঁ অভিযোগ কৰে যে ছেবিৰ মুৰব্বী মাধৱী পুৰি বুচে আইচিআইচি বেংকৰ পৰা ধন লৈছে আৰু নিয়ন্ত্ৰকৰ নেতৃত্ব দি থকা অৱস্থাত তেওঁ পঞ্জীয়নবিহীন কোম্পানীসমূহৰ শ্বেয়াৰ ক্ৰয় কৰিছিল।

ইকনমিক টাইমছৰ সূত্ৰ অনুসৰি, ৰাহুল গান্ধীয়ে ছচিয়েল মিডিয়া এক্সত এই অভিযোগ কৰি এটা পোষ্টত প্ৰকাশ কৰে। একে সময়তে মাধৱী পুৰীয়ে প্ৰকৃততে নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানীৰ ধন সুৰক্ষিত কৰি থকা বুলিও অভিযোগ উত্থাপন কৰে। চৰকাৰে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সংবাদ মাধ্যমৰ বিৰুদ্ধেও অভিযোগ কৰি ৰাহুলে কয় এই বিষয় তেওঁলোকেও কোনো  প্ৰশ্ন কৰা নাই। লগতে কংগ্ৰেছে অভিযোগ কৰে যে চৰকাৰী আঁচনিৰ ধন ষ্টাৰ্টআপৰ বাবে লাভ কৰা হৈছিল যিটো কোম্পানীত ছেবিৰ মুৰব্বী মাধৱী পুৰী বুচ অংশীদাৰ আছিল।

কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু পৱন খেৰাই অভিযোগ, মাধৱী পুৰীয়ে বিজেপি চৰকাৰক ব্লেকমেইলিং কৰিছে, এই অভিযোগ বিভিন্ন শিল্পমহল পৰা  আহিছে । তেওঁলোকে দাবী কৰে যে এটাৰ পিচত আন এটা ঘটনাত অভিযুক্ত মাধৱী পুৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আশীৰ্বাদপুস্ত হৈ বৰ্তি আছে, যত বহি তেওঁ প্ৰতিষ্ঠান বোৰলৈ  নমাই আনিছে। তাৰ বিনিময়ত তেওঁ আদানীয়ে গোটক সেৱা আগবঢ়াই আহিছে। নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ আদানী গোটটোক সকলো অভিযোগৰ পৰা মুক্ত হোৱাৰ পথ প্ৰশস্ত কৰি আহিছে তেওঁ ।

ৰাহুল গান্ধী আৰু পৱন খেৰাই দাবী কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ ষ্টাৰ্টআপ ইণ্ডিয়া প্ৰকল্পৰ পৰা প্ৰেডিবল হেল্থ নামৰ এটা কোম্পানীয়ে ১ কোটি ৮৫ লাখ টকা লাভ কৰিছে। এই কোম্পানীত মাধৱী পুৰীৰ অংশীদাৰিত্ব আছিল। এনেদৰে কৰদাতাৰ ধন অপচয় হৈছে বুলি অভিযোগ কৰে।

নেতা দুগৰাকীয়ে উত্থাপন কৰা অভিযোগত কয় যে, এয়া মাধৱী কেলেংকাৰীতকৈও গভীৰ । চৰকাৰে কিয় তদন্ত আৰু ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাহুলে। দুয়োৰে বাৰ্তা হল মানুহৰ বিনিয়োগ সুৰক্ষাৰ দায়িত্বত থকাসকলে বৃহৎ কেলেংকাৰীত লিপ্ত হৈছে। ছেবিৰ মুৰব্বী মাধৱী পুৰী আৰু তেওঁৰ স্বামীৰ আদানী ঔদ্যোগিক গোটত অংশীদাৰিত্ব আছে বুলি অভিযোগ কৰিছে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে। এই অভিযোগৰ পিছতে ভাৰতৰ ৰাজনীতিত নতুন আলোড়নৰ সৃষ্টি হয়।

 

এয়া শেষ নহয়, তাৰ পিছত আৰু বহু অভিযোগ মাধৱী পুৰীৰ বিৰুদ্ধে। সৰ্ববৃহৎ অভিযোগৰ অন্তত মাধৱী পুৰীয়ে বজাৰ নিয়ন্ত্ৰক পদৰ পৰা চীনা কোম্পানীৰ পঞ্জীয়নভুক্ত শ্বেয়াৰত ৩৬.৯ কোটি টকা বিনিয়োগ কৰে। তেতিয়া কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই প্ৰশ্ন উত্থাপন কৰিলে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জানেনে? তাতোকৈ বেছি চীন-ভাৰতৰ ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজতে তেওঁ চীনৰ পুঁজিত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেই কথা জানেনে? তেওঁ ভাৰতৰ বাহিৰত বিনিয়োগ কৰা তথ্য প্ৰকাশ কৰিছেনে? জয়ৰাম ৰমেশৰ এই দাবী, ইয়াৰ পৰা বুজা যায় যে মাধৱী পুৰী স্বাৰ্থৰ সংঘাতৰ সৈতে জড়িত।

২০২২ চনৰ মাৰ্চ মাহত মাধৱী পুৰীয়ে ছেবিৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ছেবিৰ ৰেগুলেচন, ইনভেষ্টমেণ্ট আৰু ইনফৰ্মেশ্যন টেকনলজিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মুৰব্বী আছিল।

Monday, October 28, 2024

ৰতন টাটা: দেশৰ আটাইতকৈ সন্মানীয় ব্যৱসায় সম্ৰাট তথা দানবীৰগৰাকীৰ জীৱনৰ কিছু কথা

ৰতন টাটা: দেশৰ আটাইতকৈ সন্মানীয় ব্যৱসায় সম্ৰাট তথা দানবীৰগৰাকীৰ জীৱনৰ কিছু কথা

 

ৰতন টাটা: দেশৰ আটাইতকৈ সন্মানীয় ব্যৱসায় সম্ৰাট তথা দানবীৰগৰাকীৰ জীৱনৰ কিছু কথা

তেওঁক ভালপোৱা মানুহৰ কোনো সীমা-সংখ্যা নাই ৷ সহজ-সৰল ব্যক্তিত্বৰ মানুহগৰাকীৰ মৃত্য়ুৱে আজি সকলোকে কন্দুৱাইছে ৷ আহক জানো ৰতন টাটাৰ বিষয়ে কিছু কথা-

নিউজ ডেস্ক১০অক্টোবৰ: দেশৰ উদ্যোগ জগতৰ ভোটা তৰাটাটা সাম্ৰাজ্যৰ গৰাকী ৰতন টাটাই বুধবাৰে নিশা 86 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ কেৱল ভাৰততেই নহয়বিদেশতো উদ্যোগী হিচাপে যথেষ্ট সন্মান আছিল ৰতন টাটাৰ ৷ কেৱল নিজৰ ব্যৱসায়িক সাম্ৰাজ্যৰ বাবেই নহয়দানশীল ব্যক্তি হিচাপেও সকলোৱে তেওঁক সমীহ কৰিছিল ৷

সোমবাৰেই প্ৰকাশ পাইছিল ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাতৰি ৷ 7 অক্টোবৰত X ত প্ৰকাশ কৰা এক বিবৃতিত ৰতন টাটাই নিজেই দেশবাসীক আশ্বস্ত কৰিছিল যে ‘চিন্তাৰ কোনো কাৰণ নাই’ ৷ বাৰ্ধক্য আৰু স্বাস্থ্যজনিত কাৰণত চিকিৎসা গ্ৰহণ কৰা বুলি বিবৃতিটোত তেওঁ উল্লেখ কৰিছিল ৷ কিন্তু বুধবাৰে নিশা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আই চি ইউলৈ স্থানান্তৰ কৰা হয় ৷সকলোৱে সেই সময়ত প্ৰাৰ্থনা জনাইছিল নিজৰ আৰ্থিক উপাৰ্জন বাবেই কেৱল ব্যৱসায় নকৰি দেশবাসীৰ কল্যাণৰ বাবে কাম কৰা ৰতন টাটাৰ আশু আৰোগ্য কামনা কৰি ৷ কিন্তু সকলোকে শোক সাগৰত পেলাই নিশা অনন্ত ধামলৈ গলগৈ এইগৰাকী মানৱ দৰদী ব্যৱসায় সম্ৰাট ৷

ৰতন টাটাৰ জীৱনত এভুমুকি মাৰো আহক-

1.ৰতন টাটাৰ জন্ম হৈছিল 1937 চনৰ 28 ডিচেম্বৰত ৷ ৰতন টাটা হৈছে নাভাল টাটাৰ পুত্ৰ ৷ ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক গোষ্ঠীৰ প্ৰতিষ্ঠাপক জামছেদজী টাটাৰ পুত্ৰ ৰতনজী টাটাৰ দত্তকপুত্ৰ আছিল নাভাল টাটা৷  

2. ৰতন টাটাই 1961 চনত টাটা গ্ৰুপত যোগদান কৰে ৷ কৰ্ণেল ইউনিভাৰ্চিটী অৱ আৰ্কিটেক্সাৰৰ পৰা আৰ্কিটেক্সাৰত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিচতেই ৰতন টাটাই টাটা ষ্টীল কোম্পানীত প্ৰথম চাকৰিত যোগদান কৰে ৷

3. ১৯৯১ চনত জে আৰ ডি টাটাৰ অৱসৰৰ পিছত তেওঁ অধ্যক্ষ হিচাপে কাৰ্যভাৰ চম্ভালিবলৈ আৰম্ভ কৰে । ৰতন টাটাই ব্যৱসায়িক ক্ষেত্ৰত ক্ৰমান্বয়ে খ্যাতি লাভ কৰাৰ লগতে টাটা গ্ৰুপ অৱ কোম্পানীৰ জৰিয়তে সাধন কৰা কাৰ্যকলাপৰ বাবে দানবীৰ হিচাপেও পৰিচিত হয় ।

4. টাটা গ্ৰুপত ৰতন টাটাৰ শেহতীয়া পদবী আছিল ব্যৱসায়িক সাম্ৰাজ্যৰ অধ্যক্ষ ৷ তেওঁ 1990 চনৰ পৰা 2012 চনলৈ টাটা গ্ৰুপৰ অধ্যক্ষ আছিল আৰু 2016 চনৰ পৰা 2017 চনৰ ফেব্ৰুৱাৰী মাহলৈকে অন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপেও দায়িত্ব পালন কৰিছিল ৷

5. টাটাক বহুলাংশে ভাৰতকেন্দ্ৰিক গোটৰ পৰা বিশ্বব্যাপী ব্যৱসায়লৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসেৰে ৰতন টাটাৰ নেতৃত্বত টাটা গ্ৰুপে টেটলিজাগুৱাৰ লেণ্ড ৰভাৰ আৰু কৰাছক ক্ৰয় কৰে ৷

6. বিশ্ব ভিতৰতে এগৰাকী অন্যতম দানবীৰ হিচাপেও নাম আছে ৰতন টাটাৰ ৷ তেওঁ নিজৰ আয়ৰ প্ৰায় ৬০-৬৫% দাতব্য সংস্থালৈ দান কৰিছিল ৷ 21 বছৰীয়া দায়িত্বকালত ৰতন টাটাই টাটা গ্ৰুপৰ ৰাজহ 40 গুণ বৃদ্ধি কৰে আৰু লাভ 50 গুণৰো অধিক কৰিবলৈ সক্ষম হয় ৷ উইকিপেডিয়াৰ পৰা পোৱা গৈছে এই তথ্য ৷

7. ৰতন টাটাই নিজৰ দাতব্য ন্যাসৰো নেতৃত্ব দি গৈছিল । ২০০০ চনত তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ লাভ কৰাৰ পিছত ২০০৮ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণৰ দৰে সন্মানীয় বঁটাৰে সন্মানিত হয় ৰতন টাটা ।

8. কেৱল টাটা গ্ৰুপেই নহয়ৰতন টাটাই নিজৰ বুদ্ধিমত্তাৰ ভাগ-বাটোৱাৰা আৰু ভাৰতৰ ভৱিষ্যত স্বৰূপ যুৱক-যুৱতীসকলক আগুৱাই নিবলৈ সহায় কৰাত বিশ্বাস কৰিছিল । এতিয়ালৈকে তেওঁ ব্যক্তিগত ক্ষমতাৰে প্ৰায় ৩০ টা ষ্টাৰ্ট-আপত বিনিয়োগ কৰিছে আৰু কিছুমানত নিজৰ বিনিয়োগ কোম্পানীটোৰ জৰিয়তে বিনিয়োগ কৰিছে ।

9. ৰতন টাটা সেইগৰাকী ব্যক্তি আছিল যি মধ্যবিত্ত মানুহৰ গাড়ী চলোৱাৰ সপোনক সাকাৰ ৰূপ দিছিল ৷ 2008 চনত টাটা গ্ৰুপে বজাৰলৈ লৈ আহে নেন’ নামেৰে এখন চাৰিচকীয়া বাহন ৷ অতি কম মূল্যত 1 লাখ টকাতেই উপলব্ধ এই বাহনখন ভাৰতৰ ৰাস্তাবোৰত চলিবলৈ আৰম্ভ কৰে ৷ মানুহৰ এখন গাড়ী কিনাৰ যি হাবিয়াস থাকেবহু সময়ত আৰ্থিক পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ নহয় ৷ কিন্তু ৰতন টাটাই মানুহৰ সেই সপোনক বাস্তৱ কৰিছিল নেনৰ দ্বাৰা ৷

10. অসমত টাটা ন্যাসে 14 খন কেন্সাৰ হাস্পতাল স্থাপনৰ প্ৰকল্প গ্ৰহণ কৰিছিল ৷ ইয়াৰে খন হাস্পতাল সম্পূৰ্ণ হৈছে আৰু বাকী খনৰ কাম চলি আছে ৷ শেহতীয়াকৈ যোৱা আগষ্ট মাহত অসমৰ জাগীৰোডত টাটা গ্ৰুপে আৰম্ভ কৰিছে ছেমি কণ্ডাক্টৰ প্ৰকল্প ৷ এই প্ৰকল্পই অসমৰ বহু যুৱক-যুৱতীক কৰ্ম সংস্থাপনৰ বাট মোকলাই দিব ৷ অসম চৰকাৰে 2021 চনত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটাৰে সন্মানিত কৰে ৰতন টাটাক ৷